/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/f912c197-bff1-44fa-8c4d-1ecdde5636dd/boxing_26.jpg)
পুনৰ পদক দখলেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে লাভলীনা, অংকুশিতাই...
ডিজিটেল ডেস্কঃ ষষ্ঠ এলীট মহিলা ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত অসমৰ লাভলীনা বৰগোঁহাইৰ সফলতা। প্ৰতিযোগিতাখনত লাভলীনাই স্বৰ্ণ পদক লাভ কৰি পুনৰ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে।
লাভলীনাৰ উপৰিও প্ৰতিভাৱান বক্সাৰ অংকুশিতা বড়োৱেও প্ৰতিযোগিতাখনত লাভ কৰে ৰূপৰ পদক । মধ্যপ্ৰদেশৰ ভূপালত যোৱা ১৯ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখন ২৬ ডিচেম্বৰ, সোমবাৰে সামৰণি পৰে ।
প্ৰতিযোগিতাত ৭০ ৰ পৰা ৭৫ কেজি ওজন শাখাৰ মিডল ৱেইটৰ ফাইনেলত লাভলীনাই এছ এছ চি বিৰ অৰুদতি চৌধুৰীক পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰে ।
আনহাতে ৬৩ ৰ পৰা ৬৬ কেজি ওজন শাখাৰ ৱেল্টাৰ ৱেইটৰ ফাইনেলত মধ্যপ্ৰদেশৰ মঞ্জু বাম্ববৰীয়াৰ বিৰুদ্ধে পৰাস্ত হৈ ৰূপৰ পদক অৰ্জন কৰে অংকুশিতা বড়োৱে । অসম বক্সিং সন্থাৰ সম্পাদক তথা বক্সিং ফেডাৰেচন অৱ ইণ্ডিয়াৰ সম্পাদক হেমন্ত কলিতাই দুয়োগৰাকী খেলুৱৈকে অভিনন্দন জ্ঞাপন কৰিছে ।
ক্লিক কৰি পঢ়কঃ ঘাঁহী আঞ্চলিক শাখা সাহিত্য সভাৰ ৪০ সংখ্যক প্রতিষ্ঠা দিৱস উদযাপন...