ঘাঁহী আঞ্চলিক শাখা সাহিত্য সভাৰ ৪০ সংখ্যক প্রতিষ্ঠা দিৱস উদযাপন...

ঘাঁহী আঞ্চলিক শাখা সাহিত্য সভাৰ ৪০ সংখ্যক প্রতিষ্ঠা দিৱস উদযাপন...
ঘাঁহী আঞ্চলিক শাখা সাহিত্য সভাৰ ৪০ সংখ্যক প্রতিষ্ঠা দিৱস উদযাপন...

ডিজিটেল সংবাদ বেবেজীয়াঃ ১৯৮২ চনৰ ২৬ ডিচেম্বৰ তাৰিখে প্ৰতিষ্ঠা লাভ কৰা অসম সাহিত্য সভাৰ স্বীকৃত ঘাঁহী আঞ্চলিক শাখা সাহিত্য সভাই ৪০ টা বসন্ত গৰকিলে। ঘাঁহী, ম'ইমৰীয়া, কৃষ্ণাইখাট, বিহুচোৱাবৰ, উজনিকুৰী, ৰঙাচিলা, মাহৰিআটি, ঘাঁহী মাজগাঁও, ঘাঁহী ভাটিকুৰী, বৰজহা আদি অঞ্চলক সামৰি প্রতিষ্ঠা হোৱা এই শাখাটিয়ে অঞ্চলটিৰ ভাষা, সাহিত্য-সংস্কৃতি আদি বিকাশৰ উদ্দেশ্যে বিগত ৪ টা দশক ধৰি বিভিন্ন প্ৰকাৰে সেৱা আগবঢ়াই আহিছে।

সেয়েহে আজি প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে পুৱা ৭ বজাত স্বচ্ছ ভাৰত অভিযান মুকলি কৰে যুগ প্ৰভা দাস আৰু নিৰঞ্জন শইকীয়াই। তাৰ পিছতেই পুৱা ৯ বজাত ঘাঁহী আঞ্চলিক শাখা সাহিত্য সভাৰ সভাপতি হৰেন বৰাই মূল পতাকা উত্তোলন কৰাৰ লগতে আঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা ৪০ খন পতাকা উত্তোলন কৰা হয়।

তাৰ পিচতেই শংকৰদেৱ নিকেতনৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা বন্দনা অনুষ্ঠান পৰিবেশন হয়। তাৰ পিছতেই ৯.৪৫ মিনিটত সমাজকৰ্মী ভদ্ৰকান্ত দাস আৰু প্ৰাক্তন প্ৰধান শিক্ষক প্ৰিয়নাথ দাসে স্মৃতি তৰ্পনৰ শুভাৰম্ভণি কৰে।

তাৰ পিছতেই দিনৰ ১০.৩০ বজাৰ পৰা ছাত্র-ছাত্রীসকলৰ মাজত চিত্রাংকণ আৰু কুইজ- প্ৰতিযোগিতা প্রদর্শনীমূলক অনুষ্ঠান - কবিতা পাঠ, নৃত্য, গীত পৰিবেশন কৰা হয়। দিনৰ ১১.৩০ বজাত আজীবন সদস্য-সদস্যা সকলৰ অন্তৰঙ্গ আলাপ আৰু শাখাৰ প্রয়াত সভাপতি, সম্পাদক সকলৰ পৰিয়াল বৰ্গৰ সম্বৰ্দ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়।

বিয়লী ১ বজাত ঘাঁহী আঞ্চলিক শাখা সাহিত্য সভাৰ সভাপতি হৰেন বৰাৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। সম্পাদক ৰেৱকান্ত দাস আৰু খগেন্দ্ৰ বনিয়াই আঁতধৰা সভাখনিত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে প্ৰতিষ্ঠাপক সম্পাদক তথা সদৌ অসম গ্ৰাম্য পথিভড়াল সন্থাৰ প্ৰধান সম্পাদক বল্লদেৱ শৰ্মা আৰু শিক্ষাবিদ ডিম্বেশ্বৰ দাসে।

সভাত নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ দিয়ে নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নিত্যানন্দ বৰাই। সভাত জিলা সাহিত্য সভাৰ উপ-সভাপতি ভৱেশ মেধি, ঘাঁহী পঞ্চায়তৰ সভিনেত্ৰী কবিতা বৰা, ভৱেন বৰা, ভূপেন নাথ, ৰমাকান্ত শৰ্মা, তৰুণ দাস, বেনু বৰা, কৃষ্ণকান্ত দাস, পৰমানন্দ বৰাকে ধৰি বৃহত্তৰ অঞ্চলটোৰ তিনি শতাধিক ৰাইজ উপস্থিত থাকে। সন্ধ্যা ৪০ গছি বস্তি প্রজ্বলনেৰে ঘাঁহী আঞ্চলিক শাখা সাহিত্য ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সফল সামৰণি পৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in