জন্মদিনৰ প্ৰাক-মুহূৰ্তত প্ৰেয়সীক জ্বলাই হত্যা প্ৰেমিকৰ

এটা ছফটৱেৰ কোম্পানীত কাম কৰা নন্দিনীক ভেত্ৰীমাৰানে দিছিল বিয়া কৰোৱাৰ প্ৰস্তাৱ
জন্মদিনৰ প্ৰাক-মুহূৰ্তত প্ৰেয়সীক জ্বলাই হত্যা প্ৰেমিকৰ

ডিজিটেল ডেস্ক : দেশত দ্ৰুতহাৰত বৃদ্ধি পাবলৈ ধৰিছে বিভিন্ন অপৰাধজনিত ঘটনা। হত্যাকাণ্ড,নিৰ্যাতন,ধৰ্ষণ, অত্যাচাৰ আদিৰ দৰে নানান অপৰাধজনিত ঘটনাই সম্প্ৰতি সংবাদ মাধ্যমৰ শিৰোণাম হৈ পৰে। প্ৰেমৰো নাই কোনো স্থায়িত্ব। নাই বুজাবুজি অথবা এৰা-ধৰা।

এনেবোৰ ঘটনা প্ৰায়েই সংঘটিত হৈ আহিছে। এনে সময়তে তামিলনাডুত সংঘটিত এক হত্যাকাণ্ডৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। চেন্নাই সমীপৰ থালাম্বুৰত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ডটো।

২৪ বছৰীয়া ছফটৱেৰ ইঞ্জিনীয়াৰ আৰ নন্দিনীক তেওঁৰ ২৫ বছৰীয়া জন্মদিন উযাপনৰ পূৰ্বে সন্ধিয়া তেওঁৰে প্ৰেমিকে হাত-ভৰি বান্ধি ব্লেডেৰে কাটি পেট্ৰ'ল ঢালি জীৱন্তে জ্বলাই হত্যা কৰে। ঘটনা সংঘটিত হোৱাৰ পিছতে নিশা আৰক্ষীয়ে নন্দিনীৰ অৰ্ধদগ্ধ মৃতদেহটো উদ্ধাৰ কৰে।

আনহাতে হত্যাকাণ্ডৰে জড়িত থকাৰ অভিযোগত অভিযুক্ত ২৭ বছৰীয়া ভেত্ৰীমাৰান নামৰ প্ৰেমিকগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। জানিব পৰামতে দুয়োগৰাকীৰ ঘৰ মাদুৰাইত। এটা ছফটৱেৰ কোম্পানীত কাম কৰা নন্দিনীক ভেত্ৰীমাৰানে দিছিল বিয়া কৰোৱাৰ প্ৰস্তাৱ।

উল্লেখ্য যে বিয়াৰ বাবে ভেত্ৰীমাৰানে লিংগও পৰিৱৰ্তন কৰিছিল। কিন্তু নন্দিনীয়ে তেওঁৰ সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি আন এজন যুৱকৰ সৈতে সম্পৰ্ক ৰক্ষা কৰাত ক্ষুব্ধ হৈ ভেত্ৰীমাৰানে নন্দিনীক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰে।

উল্লেখ্য যে জন্মদিন উপলক্ষে নন্দিনীক উপহাৰ দিয়াৰ অচিলা লৈ এঠাইলৈ নি এই কুকাণ্ড সংঘটিত কৰা বুলি পোহৰলৈ আহিছে।

জন্মদিনৰ প্ৰাক-মুহূৰ্তত প্ৰেয়সীক জ্বলাই হত্যা প্ৰেমিকৰ
গোলকীয় উষ্ণতাৰ পৰিণতি : দ্ৰুতভাৱে হ্ৰাস পাইছে উপকূল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in