/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/5b8e7280-745d-4abe-9820-bbe0acc629dc/america.jpg)
আমেৰিকাই চোৰ কৰিছিল নেকি ভাৰতৰ মূৰ্তি ! কেৰালাত হেৰুওৱা মূৰ্তি আছে যুক্তৰাষ্ট্ৰৰ সংগ্ৰহালয়ত....
ডিজিটেল ডেস্কঃ ৫৬ বছৰ পূৰ্বে ভাৰতৰ পৰা হেৰুওৱা ভগৱান শ্ৰীকৃষ্ণৰ এটা মূৰ্তি। ৫৬ বছৰ পিছত এই মূৰ্তিৰ সন্ধান পোৱা গ'ল ৭ সাগৰ, ১৩ নদীৰ সিপাৰে সুদূৰ আমেৰিকাত। ভাৰতৰ বহু মূল্যবান সামগ্ৰী ইতিমধ্যে বিদেশলৈ লৈ যোৱা হৈছে।
পৰাধিনতাৰ সময়ত ব্ৰিটিছে ভাৰতৰ পৰা এটাৰ পিছত এটাকৈ সকলো মূল্যবান সামগ্ৰী লৈ গৈছিল। ভাৰতৰ পৰা লৈ যোৱা কহিনুৰ হীৰাৰ টুকুৰাটো সৌসিদিনালৈ ব্ৰিটেইনৰ মহাৰাণী আৰু আজি মহাৰাণীৰ উত্তৰসূৰীৰ শিৰত দেখা পোৱা গৈছে।
ভাৰতৰ এই মূল্যবান সামগ্ৰীসমূহ এইদৰে বিদেশত সন্ধান পোৱাৰ আঁৰৰ কাৰণ মূলতঃ দুটা। প্ৰথমটো কাৰণ হৈছে ঔপনিবেশিক শাসকে লৈ যোৱা আৰু দ্বিতিয়টো কাৰণ হৈছে চোৰাং ব্যৱসায়ী চক্ৰই অবৈধভাৱে সৰবৰাহ কৰা।
শেহতীয়াকৈ তেনে ঘটনাই পোহৰলৈ আহিছেষ তামিলনাডুৰ পৰা সন্ধানহীন হোৱা এটা কৃষ্ণৰ মূৰ্তিৰ সন্ধান পোৱা গৈছে আমেৰিকাত। ১৯৬৬ চনত তামিলনাডুৰ এটা মন্দিৰৰ পৰা চুৰি হৈছিল এই এই কৃষ্ণ মূৰ্তিটো।
১৯৬৬ চনত তামিলনাডুৰ ৰামেশ্বৰমৰ শ্ৰী একান্ত ৰামস্বামী মন্দিৰৰ পৰা চুৰি হোৱা এই মূৰ্তিটো ৰাজ্যিক মূৰ্তি বিভাগ চি আই ডিয়ে অনুসন্ধানৰ সময়ত বিচাৰি পাইছেগৈ আমেৰিকাত। চুৰি হোৱা মূৰ্তিটো ভগৱান কৃষ্ণৰ, য'ত তেওঁক নৃত্যৰ ভঙ্গীত থিয় হৈ থকা দেখা গৈছে।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ৫৬ বছৰ আগতে মন্দিৰৰ পৰা আৰু ৫ টা মূৰ্তি চুৰি হৈছিল। জানিব পৰা মতে মন্দিৰৰ বিষয়াসকলৰ ওচৰত চুৰি হোৱা মূৰ্তিটোৰ কোনো আলোকচিত্ৰ নাছিল।
ঘটনাটোৰ তদন্ত কৰি থকা আৰক্ষীয়ে ফৰাচী পুডুচেৰী প্ৰতিষ্ঠানৰ ফটো মিউজিয়ামৰ পৰা মন্দিৰৰ মূৰ্তিবোৰৰ ফটো বিচাৰি উলিয়াইছিল। এই আলোকচিত্ৰবোৰলৈ চাই দেখা গৈছিল যে, ১৯৫৮ চনত এই মন্দিৰত ১২ টা ধাতুৰ মূৰ্তি পোৱা গৈছিল। ইয়াৰে ছয়টা মূৰ্তি ১৯৬৬ চনত চুৰি হৈছিল।
অনুসন্ধানৰ সময়ত, আৰক্ষীয়ে সমগ্ৰ বিশ্বৰ ৱেবছাইটবিলাক অনুসন্ধান কৰিছিল। এই সময়ছোৱাত তেওঁ ইণ্ডিয়ানাপলিছ মিউজিয়াম অৱ আৰ্টৰ ৱেবছাইটত মূৰ্তিটো বিচাৰি পাইছিল। এই মূৰ্তিটো ঠিক নাচি থকা ভগৱান কৃষ্ণৰ দৰে।
বিশেষজ্ঞসকলৰ মতে, ফটোখনত থকা সেই মূৰ্তিটোৱেই তেওঁলোকে বিচাৰি থকা মূৰ্তি কেইটাৰ ভিতৰত এটা। বৰ্তমান, চি আই ডি দলে বাকী পাঁচটা মূৰ্তিৰো সন্ধান অব্যাহত ৰাখিছে।
ডি জি পি জয়ন্ত মুৰলীয়ে কৈছে যে দুসপ্তাহৰ ভিতৰত মূৰ্তিটো বিচাৰি পোৱাটো প্ৰশংসনীয়। যাৰ পিছত ডি জি পিয়ে দলটোক এটা পদক দিয়াৰ কথাও ঘোষণা কৰিছে। মন্দিৰৰ পৰা চুৰি হোৱা আন মূৰ্তিবোৰৰ ভিতৰত আছে ভূদেৱীৰ দুটা মূৰ্তি, দুটা বিষ্ণু আৰু এটা শ্ৰীদেৱীৰ মূৰ্তি।
ক্লিক কৰি পঢ়কঃ শিক্ষাবিদ মিচিং জনগোষ্ঠীয় নেতা বগীৰাম কুটুমৰ বিয়োগ...