/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/6961e8a9-fba0-4a65-bc39-b55761b8f0f6/death.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনা সমাজ জীৱনৰ এগৰাকী অগ্ৰণী ব্যক্তি , মিচিং জনগোষ্ঠীৰ সমাজ সচেষ্ট সংগঠক ,শিক্ষাবিদ ঢকুৱাখনা মেধিসূতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বগীৰাম কুটুমৰ শনিবাৰে পুৱতি নিশা পৰলোক প্ৰাপ্তি ঘটাৰ বাতৰিয়ে শোকৰ ছাঁ পেলাইছে । ঢকুৱাখনা ধুনাগুৰি কুটুম গাঁওৰ নিবাসী বৰ্তমানৰ ঢকুৱাখনা নগৰৰ বাসিন্দা কুটুম সুদীর্ঘ দিন ধৰি বৃক্কৰ ৰোগত আক্ৰান্ত হৈ আছিল। কলকাতাত বৃক্ক সংৰূপন কৰাৰ পাছত পুনৰ চিকিৎসাৰ বাবে যোৱাৰ সময়তে চিকিৎসাধীন অৱস্থাত কুটুমে শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত পত্নী চুনো প্ৰভা পেগু কুটুম ,২ পুত্ৰ ১গৰাকী কন্যা আৰু অজস্ৰ ইষ্ট কুটুম্বক ইস সংসাৰত এৰি থৈ যায়।
মিচিং জনগোষ্ঠীৰ এগৰাকী অন্যতম সমাজ সচেতক ব্যক্তি হিচাবে সৰ্বপৰিচিত কুটুমে আমৃত্যু আগবঢ়াই গৈছে অনবদ্য সামাজিক অৱদান । মিচিং জনগোষ্ঠীৰ জাতিয় ছাত্ৰ সংগঠন টি এম পি কেৰ কেন্দ্ৰীয় সমিতিৰ প্ৰতিষ্ঠাপক উপ সভাপতি, এম এম কেৰ কেন্দ্ৰীয় সমিতিৰ প্ৰতিষ্ঠাপক উপ সভাপতি, টি এম পি কেৰ ঢকুৱাখনা জিলা সমিতিৰ সাধাৰণ সম্পাদক, মিচিং মহা সভা (মিচিং বানে কৌবাং)ৰ সম্পাদক, কুটুম অপৃন কৌবাংৰ উপ সভাপতি, ঢকুৱাখনা কেন্দ্ৰীয় আলি আয়ে লৃগাং উদযাপন সমিতিৰ সভাপতি, মিচিং গণতান্ত্ৰিক মৰ্চা (এম জি এম)ৰ প্রতিস্থাপক উপ সভাপতি হিচাবে কাৰ্যনিৰ্বাহ কৰি যোৱা কুটুমে ১৯৯১ চনৰ বিধানসভা নিৰ্বাচনত মিচিং জাতীয় সংগঠনৰ সমৰ্থনত "আৰ্মকা"ৰ পৰা বিধায়ক হিচাবে প্ৰাৰ্থীত্ব আগবঢ়াই পৰাজয় বৰণ কৰিছিল।
ইয়াৰ পাছতে কুটুমে ১৯৯৮ চনত ভাৰতীয় জাতিয় কংগ্ৰেছ দলত আনুষ্ঠানিক ভাৱে যোগ দি প্ৰত্যক্ষ ৰাজনীতিত নামি পৰে। পৰৱৰ্তী সময়ত ২০০৮ চনত কংগ্ৰেছ দলৰ পৰা ঢকুৱাখনা জিলা পৰিষদ সমষ্টিত প্ৰাৰ্থীত্ব আগবঢ়াই জিলা পৰিষদৰ সদস্য হিচাবে বিজয়ী হৈছিল। ঢকুৱাখনা ব্লক কংগ্ৰেছ সমিতিৰ উপ সভাপতি পদত অধিষ্ঠিত হোৱা কুটুমে আমৃত্যু উপদেষ্টা হিচাবে কাৰ্যনিৰ্বাহ কৰি আছিল। তাৰোপৰি মিচিং জনগোষ্ঠীয় এলেকাত আনুষ্ঠানিক শিক্ষা প্ৰসাৰৰ বাবে কুটুমে অক্লান্ত মনোনিবেশ কৰি মেধিসূতি হাইস্কুলৰ প্ৰতিষ্ঠাৰে আমৃত্যু প্ৰধান শিক্ষক হিচাবে গুণগত সেৱা আগবঢ়াই গৈছিল।
জনগোষ্ঠীৰ বসতি প্ৰধান বিভিন্ন গ্ৰামাঞ্চলৰ শিক্ষানুষ্ঠানৰ উপৰিও বিভিন্ন সামাজিক, সাংস্কৃতিক অনুষ্ঠানৰ সতেও নিবিড় ভাবে জড়িত কুটুমৰ বিয়োগত অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদক পদ্মলোচন দলে , মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ তথা মিচিং জাতিয় সংগঠন এম এম কেৰ কেন্দ্ৰীয় সভাপতি সুনীল কুমাৰ পেগু, সন্মিলিত গনশক্তি অসম দলৰ কেন্দ্ৰীয় নেতা ,জিলা পৰিষদ সদস্য ইন্দ্ৰ কুমাৰ চুংক্ৰাং , ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সম্পাদক শৰৎ পাতিৰ , সদৌ কুটুম অপৃন কৌবাং, মেধিসূতি হাইস্কুল পৰিচালনা ও উন্নয়ন সমিতি , মেধিসূতি হাইস্কুল শিক্ষক কৰ্মচাৰী গোট আদি বিভিন্ন ব্যক্তি , অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক ব্যক্ত কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। কুটুমৰ কৰ্মথলী মেধিসূতি হাইস্কুল কৰ্তৃপক্ষই প্ৰধান শিক্ষক গৰাকীৰ বিয়োগত শোক সভা অনুষ্ঠিত কৰি বিদেহী আত্মাৰ চিৰ শান্তি কামনা কৰে।
আৰু পঢ়ক : গৃহহীন প্ৰায় ১৫০ পৰিয়াল, জুইত জাহ গ'ল অলেখ সপোন...