৭৫ বছৰ পিছত মিলন হ'ল ভাতৃ-ভগ্নীৰ, ভাৰত-পাকিস্তানৰ সৈতেই বিভাজন হৈছিল সহোদৰৰ

৭৫ বছৰ পিছত মিলন হ'ল ভাতৃ-ভগ্নীৰ, ভাৰত-পাকিস্তানৰ সৈতেই বিভাজন হৈছিল সহোদৰৰ

ডিজিটেল ডেস্ক : ১৯৪৭ চনৰ কথা, ভাৰত-পাকিস্তানৰ বিভাজনে বহু লক্ষাধিক লোকক গৃহহাৰা কৰোৱাৰ ওপৰিও নিজা পৰিয়ালৰ সৈতেই বিচ্ছেদ ঘটিছিল ভু লোকৰ । প্ৰাণৰ মমতাত দিক্-বিদিক হেৰুৱাই পলায়ন কৰা লোকসকলে কাক ক'ত এৰি থৈ আহিল সেইয়া ভাবি চাবলৈও সময় নাছিল । বিভাজনৰ পাছত দেশ দুখনৰ মাজত ক্ৰীড়া, সাংস্কৃতিক দিশত সু-সম্পৰ্ক স্থাপন হৈছিল যদিও ৰাজনৈতিক দিশত সেইয়া সম্ভৱ হৈ উঠা নাছিল । দুখনকৈ যুদ্ধই ইয়াৰ প্ৰমাণ । কিন্তু শেহতীয়াকৈ সামাজিক মাধ্যম যেন আশীৰ্বাদস্বৰূপ হৈ পৰিল দেশ দুখনৰ বাবে । যুদ্ধৰ পৰা বহু দূ্ৰৈত অৱস্থান কৰি দুয়োখন দেশৰ লোকে ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ বাৰ্তা বিলোৱা দেখা গৈছে ।

তাৰেই মাজতেই এক অনন্য কাহিনীয়ে সকলোকে অশ্ৰুসিক্ত কৰি থৈ গ'ল ।

ভাৰতৰ ৮১ বছৰীয়া মহেন্দ্ৰা কৌৰ আৰু পাকিস্তানত বাস কৰা তেখেতৰ ৭৮ বছৰীয়া সহোদৰ শ্বেইখ আব্দুল আজিজ । ৭৫ বছৰ পূৰ্বেই দেশ বিভাজনৰ সময়ত দুয়োৰে বিচ্ছেদ ঘটিছিল আৰু তাৰ পাছৰে পৰাই বিচ্ছেদিত সহোদৰক বিচাৰি দুয়ো হাবাথুৰি খাইছিল সমগ্ৰ জীৱন ।

একেবাৰেই কম বয়সতেই দুয়োৰে বিচ্ছেদ ঘটিলেও দুয়োৰে ধূসৰিত স্মৃতিত জীপাল হৈ আছিল পৰিয়ালৰ কথা । অৱশেষত সামাজিক মাধ্যমৰ জৰিয়তে দুয়োৰে পুনৰ মিলন ঘটিল প্ৰায় ৭৫টা বৰ্ষৰ অন্তত । কনিষ্ঠ ভাতৃক লগ পাই অশ্ৰুসিক্ত হৈ পৰিল মহেন্দ্ৰা কৌৰ । কেইবাবাৰো ভাতৃৰ হাতখনকেই সাৱটি চুমা খালে হাতখনত । মিলনৰ এই দৃশ্যই সকলোৰে অন্তৰ চুই যোৱাৰ ওপৰিও ভাবিবলৈ বাধ্য কৰালে বিভাজনৰ কথা আকৌ এবাৰ ।

৭৫ বছৰ পিছত মিলন হ'ল ভাতৃ-ভগ্নীৰ, ভাৰত-পাকিস্তানৰ সৈতেই বিভাজন হৈছিল সহোদৰৰ
বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পূৰ্বে আঘাতপ্ৰাতপ্ত কোহলি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in