অসত্য প্ৰমাণিত হ'ল এক্সিট পোল...

অসত্য প্ৰমাণিত হ'ল এক্সিট পোল...
অসত্য প্ৰমাণিত হ'ল এক্সিট পোল...

ডিজিটেল ডেস্কঃ অষ্টাদশ লোকসভা নিৰ্বাচনৰ ফলাফলে ১ জুনৰ বিয়লি ৫ বজাৰ পৰা বিভিন্ন সংস্থাই প্ৰচাৰ কৰা এক্সিট পোলক সম্পূৰ্ণৰূপে অসত্য হিচাপে প্ৰমাণিত কৰিলে। দেশৰ প্ৰায়বোৰ সংস্থাই প্ৰকাশ কৰা এক্সিট পোলে বিজেপিক গড় হিচাপত ৩৭০ ৰো অধিক আসন দিয়াৰ লগতে একাংশই ৪০০ ৰো অধিক আসন দিছিল। কিন্তু আজি ঘোষণা কৰা নিৰ্বাচনী ফলাফল তাৰ সম্পূৰ্ণ বিপৰীত হিচাপে প্ৰমাণিত হৈছে।

এইবাৰ সংবাদ সংস্থা ইণ্ডিয়া নিউজ ডি-ডাইনেমিকৰ এক্সিট পোলে এন ডি এক ৩৭১ খন আসন, ইণ্ডিয়াক পাব ১২৫ খন আসন, জন কি বাতে এন ডি এক ৩৬২ৰ পৰা ৩৯২ খন, ইণ্ডিয়াক ১৪১ ৰ পৰা ১৬১ খন আসন, নিউজ নেচনে এন ডি এক ৩৪২ ৰ পৰা ৩৭৮ খন, ইণ্ডিয়াক ১৫৩ ৰ পৰা ১৬৯ খন আসন, ৰিপাব্লিক টিভিয়ে, এন ডি এক ৩৬২ৰ পৰা ৩৬৮ খন, ইণ্ডিয়াক ১১৮ ৰ পৰা ১৩৩ খন আসন, ৰিপাব্লিক ভাৰত মেট্ৰিজে এন ডি এক ৩৫৯ খন আসন আৰু ইণ্ডিয়াক পাব ১৫৪ খন আসন দিছিল।

কিন্তু আজিৰ ফলাফলত দেখা গ'ল এন ডি এয়ে প্ৰায় ২৯০ খন আসন লাভ কৰাৰহে সম্ভাৱনা আছে। বাতৰি লিখাৰ সময়লৈকে এন ডি এ ২৯২ খন আসনত আগবাঢ়ি আছে যদিও কেইবাখনো আসনত হোৰাহোৰে হ্ৰাস পাইছে ভোটৰ ব্যৱধান। সেইদৰে ইণ্ডিয়াই ২৩২ খন আসনত আগবাঢ়ি আছে যদিও দুই, এখন আসন ইফাল, সিফাল হোৱাৰ সম্ভাৱনা আছে।

এনে পৰিস্থিতিত স্বাভাৱিকতে এতিয়া এক্সিট পোলক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। এক্সিট পোল সম্পূৰ্ণ শুদ্ধ হ'বই বুলি কোনো নিশ্চয়তা নাই। এইসমূহ সংস্থাসমূহে বিভিন্ন তথ্যৰ আধাৰত বিশ্লেষণ কৰি প্ৰকাশ কৰে। কিন্তু উদ্দেশ্যপ্ৰণোদিতভাৱে একাংশ সংবা সংস্থাই দাঙি ধৰা এনে এক্সিট পোলে ইয়াৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্নৰ সৃষ্টি কৰিছে।

সকলোবোৰ সংস্থাই যে এনে ধৰণৰ কাম কৰে সেয়াও শুদ্ধ নহয়। কিন্তু বৰ্তমান সময়ত অধিকাংশ সংস্থাই যে উদ্দেশ্যপ্ৰণোদিতভাৱে এক্সিট পোল প্ৰকাশ কৰিছে তাৰ অভিযোগ বৰকৈ উত্থাপন হৈছে। কংগ্ৰেছকে ধৰি বিৰোধীয়ে এইবাৰ এক্সিট পোল প্ৰকাশ কৰাৰ পাছতে তাক নস্যাত কৰিছিল।

পূৰ্বেও নিৰ্বাচনৰ পূৰ্বে এইধৰণৰ এক্সিট পোল দাঙি ধৰা হৈছিল। ২০২৩ ৰ অন্তিম পৰ্যায়ত দেশৰ ৫ ৰাজ্যত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনৰ সময়তো এক্সিট পোল প্ৰকাশ পাইছিল। সেইবাৰ বহু কেইটা এক্সিট পোল সত্য প্ৰমাণিত হৈছিল।

সঠিক তথ্যৰ বিশ্লেষণেৰে নিৰ্বাচণৰ পূৰ্বানুমান কৰিব পাৰি। কিন্তু যদি উদ্দেশ্যপ্ৰণোদিত হয় তেন্তে সি বিশ্বাসযোগ্যতা হেৰুৱায়। এইবাৰ সেয়াই হ'ল। অৱশ্যে এইবাৰৰ নিৰ্বাচনৰ পূৰ্বানুমানো বহুতৰ বাবেই কঠিন আছিল।

অসত্য প্ৰমাণিত হ'ল এক্সিট পোল...
কোকৰাঝাৰত বিজয়ী হৈ জয়ন্ত বসুমতাৰীয়ে ক'লে সংসদত ক'ব BTR চুক্তিৰ কথা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in