কোকৰাঝাৰত বিজয়ী হৈ জয়ন্ত বসুমতাৰীয়ে ক'লে সংসদত ক'ব BTR চুক্তিৰ কথা...

ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে ৫১৮৭৮ ভোটৰ ব্যৱধানত পৰাজিত কৰে বিপিএফৰ প্ৰাৰ্থী খাম্পা বৰগয়াৰীক
কোকৰাঝাৰত বিজয়ী হৈ জয়ন্ত বসুমতাৰীয়ে ক'লে সংসদত ক'ব BTR চুক্তিৰ কথা...

ডিজিটেল সংবাদ কোকৰাঝাৰঃ দেশৰ অষ্ঠাদশ লোকসভা নিৰ্বাচনত ১নং কোকৰাঝাৰ লোকসভা সমষ্টিত অৱশেষত শেষ হাঁহি মাৰিবলৈ সক্ষম হ'ল ইউপিপিএল তথা এনডিএ সমৰ্থিত প্ৰাৰ্থী জয়ন্ত বসুমতাৰী । ইউপিপিএল তথা এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে তেওঁৰ নিকটতম প্ৰতিদ্বন্দী বিপিএফৰ প্ৰাৰ্থী খাম্পা বৰগয়াৰীক ৫১৮৭৮ ভোটৰ ব্যৱধানত পৰাজিত কৰে । ইউপিপিএলৰ জয়ন্ত বসুমতাৰীয়ে সৰ্বমুঠ ৪৮৩৮০২ টা ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ নিকটতম প্ৰতিদ্বন্দী বিপিএফৰ খাম্পা বৰগয়াৰীয়ে ৪৩১৯২৪ ভোট লাভ কৰিছে।

উল্লেখ্য যে, ইউপিপিএল তথা এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে প্ৰথম ৰাউণ্ডৰ পৰাই অগ্ৰগতি লয়। প্ৰায় প্ৰতিটো ৰাউণ্ডতে অগ্ৰগতি লোৱা জয়ন্ত বসুমতাৰীয়ে অৱশেষত তেওঁৰ নিকটতম প্ৰতিদ্বন্দী বিপিএফৰ প্ৰাৰ্থী খাম্পা বৰগয়াৰীক ৫১৮৭৮ ভোটৰ ব্যৱধানত পৰাজিত কৰে।

কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা জয়লাভৰ পিছতে তেওঁৰ বিজয়ৰ বাবে সমুহ ভোটাৰৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা , ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো, সকলো দল-সংগঠনৰ নেৰ্তৃবৰ্গ, দলীয় নেতা-কৰ্মীৰ প্ৰতি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে জয়ন্ত বসুমতাৰীয়ে। তদুপৰি সাংবাদিকৰ এক প্ৰশ্নোত্তোৰত তেওঁ সংসদত বিটিআৰ চুক্তিৰ দফা ৰূপায়ন, শিক্ষা , গৰাখহনীয়া আদি সন্দৰ্ভত মাত মাতিব বুলি সদৰি কৰিছে।

তদুপৰি যোৱা দহ বছৰে কোকৰাঝাৰ লোকসভা সমষ্টিত চলা অসুস্থ্য ৰাজনীতিৰ অন্ত পৰিল আৰু শান্তি -উন্নয়নৰ ধাৰা অব্যাহত থাকিব বুলি মন্তব্য কৰি গণতন্ত্ৰত ৰাইজেই ৰজা বুলি উল্লেখ কৰিছে জয়ন্ত বসুমতাৰীয়ে।

ইপিনে ৫১৮৭৮ ভোটৰ ব্যৱধানত পৰাজয় বৰণ কৰাৰ পিছত বিপিএফৰ প্ৰাৰ্থী খাম্পা বৰগয়াৰীয়ে আজি নিজ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । নিজ বাসগৃহত আয়োজিত হোৱা এক সংবাদমেলত খাম্পা বৰগয়াৰীয়ে এয়া যদিও আমাৰ পৰাজয় কিন্তু এয়া নৈতিক বিজয় বুলি মন্তব্য কৰিছে।

বিটিচিৰ ৰাইজ বিপিএফ দলৰ লগত আছে বুলি মন্তব্য কৰি খাম্পাই কয় যে প্ৰকৃততে ইউপিপিএল দলে মিত্ৰদলৰ ৰণকৌশলৰ বাবেহে নিৰ্বাচনত জয়লাভ কৰিছে । নিৰ্বাচনত বিপুল পৰিমানে ধনবল, বাহুবল প্ৰয়োগ কৰা হৈছে আৰু সাধাৰণ ৰাইজ প্ৰলোভনৰ ৰাজনীতিত ভোল গৈ পুণৰবাৰৰ বাবে ভুল কৰা বুলি মন্তব্য কৰিছে খাম্পা বৰগয়াৰীয়ে।

পৰাজয়ে বিপিএফ দলৰ মনোবল ভাঙিব নোৱাৰে, বৰং পূৰ্বতকৈ অধিক মনোযোগেৰে বিপিএফে কাম কৰিব বুলি উল্লেখ কৰি আগন্তুক বিটিচি নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনত নিশ্চিতভাৱে বিপিএফ দলে ভাল ফলাফল দেখুয়াব বুলি মন্তব্য কৰিছে। জনতাৰ ৰায়দানক মানি লৈ সকলো ভোটাৰলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে খাম্পা বৰগয়াৰীয়ে।

ইপিনে কেবিনেট মন্ত্ৰী তথা ইউপিপিএল দলৰ প্ৰতিষ্ঠাপক সভাপতি উৰ্খাও গৌৰা ব্ৰহ্মই সংবাদ মাধ্যমৰ আগত ইউপিপিএলৰ বিজয় এক বৃহৎ সফলতা বুলি মন্তব্য কৰিছে । ইপিনে নিৰ্বাচনী ফলাফল প্ৰকাশ পোৱাৰ পিছত ইউপিপিএল দলৰ কেন্দ্ৰীয় কাৰ্যালয়ত আয়োজিত হোৱা এক সংবাদমেলত দলৰ সাধাৰণ সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰীয়ে ভোটাৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰি ৰাইজৰ মৰম আৰু আশীৰ্বাদত ইউপিপিএলে বিজয় সাৱস্থ্য কৰিবলৈ সক্ষম হ'ল বুলি মন্তব্য কৰে।

কোকৰাঝাৰ লোকসভা সমষ্টিত বিগত চাৰিটা দশক ধৰি চলা ঋণাত্মক তথা হিংসাৰ ৰাজনীতি আজিৰে পৰা অন্ত পৰিল বুলি মন্তব্য কৰিছে ইউপিপিএলৰ সাধাৰণ সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰীয়ে। উল্লেখ্য যে, বড়ো ৰাজনীতিৰ দূৰ্গ হিচাপে পৰিচিত এক নং কোকৰাঝাৰ লোকসভা সমষ্টিত ইউপিপিএল দলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী বিজয় সাব্যস্ত কৰাৰ পিছতে কোকৰাঝাৰত এক উছৱমুখৰ পৰিবেশ সৃষ্টি হয় । বিশেষকৈ এনডিএৰ অংশীদাৰ ইউপিপিএল দলৰ সদস্য কৰ্মীসকলে ফটকা ফুটাই আনন্দ প্ৰকাশ কৰা দেখা যায় ।

কোকৰাঝাৰত বিজয়ী হৈ জয়ন্ত বসুমতাৰীয়ে ক'লে সংসদত ক'ব BTR চুক্তিৰ কথা...
সমষ্টিবাসীৰ উন্নয়নেই হ'ব মোৰ লক্ষ্য, সকলোকে ধন্যবাদঃ দিলীপ শইকীয়া

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in