উত্তৰ নেদেখুৱাই কাল হ'ল : সহপাঠীৰ আক্ৰমণত আহত মেধাৱী ছাত্ৰ

উত্তৰ নেদেখুৱাই কাল হ'ল : সহপাঠীৰ আক্ৰমণত আহত মেধাৱী ছাত্ৰ

ডিজিটেল ডেস্ক : পৰীক্ষাত প্ৰশ্নৰ উত্তৰ দেখাবলৈ অস্বীকাৰ কৰা বাবেই চোকা অস্ত্ৰৰে হানিলে সহপাঠীক। এই ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ এখন বিদ্যালয়ত।

জানিব পৰামতে ৰাজ্যখনৰ এখন বিদ্যালয়ত অনুষ্ঠিত এছ এছ চি পৰীক্ষাৰ সময়চোৱাত উক্ত ঘটনা সংঘটিত হয়। পৰীক্ষাৰ অন্তত বিদ্যালয়ৰ পৰা ওলাই অহাত চৌহদৰ ওচৰতে ৩গৰাকী ছাত্ৰই মিলি মেধাৱী ছাত্ৰগৰাকীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে।

তেজেৰ লুতুৰি-পুতুৰি হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কিশোৰ ছাত্ৰজনক বিদ্যালয় চৌহদৰ ওচৰতে পেলাই ধৃত ছাত্ৰকেইজন পলাই যায়। আঘাতপ্ৰাপ্ত ছাত্ৰজনক প্ৰত্যক্ষ কৰি বিদ্যালয়খনৰ শিক্ষকে ততালিকে স্থানীয় হাস্পতালত ভৰ্তি কৰায়। ইতিমধ্যে স্থানীয় আৰক্ষীয়ে ভিৱান্দিৰ শান্তি নগৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি (আইপিচি) ধাৰা ৩২৪ত এক গোচৰ ৰুজু কৰিছে।

উত্তৰ নেদেখুৱাই কাল হ'ল : সহপাঠীৰ আক্ৰমণত আহত মেধাৱী ছাত্ৰ
ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ নিখোজ মহানগৰীৰ নৱম শ্ৰেণীৰ ছাত্ৰ : দুই বন্ধুক সোধা-পোচা আৰক্ষীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in