লোকসভা নিৰ্বাচনঃ আজি প্ৰথম পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন

লোকসভা নিৰ্বাচনঃ আজি প্ৰথম পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন

author-image
Asomiya Pratidin
New Update
ৰাজ্যসভা নিৰ্বাচনৰ দিন ঘোষণা

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশত এতিয়া লোকসভা নিৰ্বাচনৰ বতাহ। মুঠ ৭ টা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া এই সাধাৰণ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব ১৯ এপ্ৰিলত। অসমত প্ৰথম পৰ্যায়ত ৫টা লোকসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ।

Advertisment

ইতিমধ্যে মঙলবাৰে শাসক-বিৰোধীৰ বিভিন্ন জনে দাখিল কৰিছে মনোনয়ন পত্ৰ। আজি মনোনয়ন পত্ৰ দাখিল কৰিব বিজেপিৰ কামাখ্যা প্ৰসাদ তাছা, ৰঞ্জিত দত্ত,তপন গগৈয়ে। কামাখ্যা প্ৰসাদ তাছা আৰু তপন গগৈক মনোনয়ন পত্ৰ দাখিলৰ সময়ত সংগ দিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আনহাতে ৰঞ্জিত দত্তৰ সংগ দিব বিজেপি, অসমৰ সভাপতি ভৱেশ কলিতাই।

আনহাতে বিৰোধী কংগ্ৰেছৰ উদয় শংকৰ হাজৰিকাইও আজি মনোনয়ন পত্ৰ দাখিল কৰিব। ইতিমধ্যে মঙলবাৰে বিৰোধীৰো কেইবাজনে মনোনয়ন পত্ৰ দাখিল কৰিছে।

প্ৰথম পৰ্যায়ত সমগ্ৰ দেশত মুঠ ১০২টা সাংসদীয় সমষ্টিত ভোট গ্ৰহণ অনুষ্ঠিত হ'ব। ২০ মাৰ্চ, ২০২৪ চনত নিৰ্বাচনী অধিসূচনা জাৰি কৰা হৈছে এই সমষ্টি কেইটাৰ বাবে।

২৭ মাৰ্চ ২০২৪ মনোনয়ন দাখিলৰ অন্তিম তাৰিখ। ২৮মাৰ্চ ২০২৪ ত মনোনয়নসমূহ পৰীক্ষা আৰু ৩০ মাৰ্চ ২০২৪ত মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে।

Also Read: মহানগৰীত তীব্রবেগী ট্ৰাকৰ খুন্দাত থিতাতে নিহত বাইক আৰোহী

bjp loksabha election congress