ৰিক্সা চালকৰ পৰা অভিযন্তালৈঃ লোকসভাত আক্ৰমণ কৰাৰ আঁৰৰ কাহিনী

ৰিক্সা চালকৰ পৰা অভিযন্তালৈঃ লোকসভাত আক্ৰমণ কৰাৰ আঁৰৰ কাহিনী

ডিজিটেল ডেস্কঃ ডিচেম্বৰৰ ১৩ তাৰিখে লোকসভাত সংঘটিক হোৱা ভয়ংকৰ ঘটনাই এতিয়াও উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি ৰাখিছে। ইতিমধ্যে এই ঘটনা সন্দৰ্ভত কেইবাজনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু এজন পলাতক অৱস্থাত আছে। এই ঘটনাক জড়িত অভিযুক্ত সকল- বিকি, সাগৰ, নিলম, অমোল, মনোৰঞ্জন আৰু ললিত।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কৰা তদন্ত পোহৰলৈ আহিছে যে এই আটাইকেইজন ভগত সিঙৰ অনুৰাগী। ভগত সিং ফেন ক্লাবৰ সৈতে জড়িত আছিল অভিযুক্তসকল।ইয়াৰোপৰি ইয়াৰে কেইজনমান অভিযুক্ত চাকৰি বিচাৰি হাবাথুৰি খাইছিল।

জানিব পৰা মতে অভিযুক্তই আৰক্ষীক কৈছে যে তেওঁলোকে নিবনুৱা সমস্যা, মুদ্ৰাস্ফীতি আৰু মণিপুৰৰ হিংসাৰ দৰে বিষয়বোৰ সদনত আলোচনা হোৱাতো বিচাৰিছিল।

অটো ৰিক্সা চালক

দৰ্শকৰ গেলাৰীৰ পৰা জাঁপ মৰা দুজন যুৱকৰ ভিতৰত এজনৰ নাম সাগৰ শৰ্মা। ২৭ বছৰীয়া সাগৰ শৰ্মা এজন ৰিক্সা চালক। তেওঁ লক্ষ্ণৌত পৰিয়ালৰ লগত বাস কৰে আৰু প্ৰতিবাদত অংশ ল'ম বুলি ঘৰৰ পৰা আহিছিল। তেওঁৰ সামাজিক মাধ্যমত স্বাধীনতা সংগ্ৰামী ভগত সিং আৰু মাৰ্ক্সবাদী বিপ্লৱী চে গুৱেভাৰাৰ বিভিন্ন পোষ্ট শ্বেয়াৰ কৰিছিল।

অভিযন্তা

মনোৰঞ্জন ডি মাইচুৰৰ বাসিন্দা। তেওঁ কম্পিউটাৰ স্নাতক ডিগ্ৰী লাভ কৰিছে। ৩৪ বছৰীয়া যুৱকজনেও দৰ্শকৰ গেলাৰীৰ পৰা জঁপিয়াই পৰিছিল। এইটো স্পষ্ট নহয় যে মনোৰঞ্জনে স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত চাকৰি লৈছিল নে নাই।

প্ৰতিবাদকাৰী শিক্ষক

হাৰিয়ানাৰ বাসিন্দা ৩৭ বছৰীয়া নিলম।তেওঁ এম.ফিল ডিগ্ৰী লাভ কৰিছিল। কিন্তু চাকৰি লাভ কৰা নাছিল। নিলমে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন সময়ত প্ৰতিবাদ কৰি আহিছে। কৃষি আইন বাতিল, সাংসদ ব্ৰীজভূষণৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত অংশ লৈছিল নিলমে।

সেনাৰ পৰীক্ষাত বিফল

মহাৰাষ্ট্ৰৰ লাতুৰৰ এখন গাঁৱৰ ২৫ বছৰীয়া যুৱক তথা খেতিয়কৰ পুত্ৰ অমল সিন্দে। বাৰে বাৰে চেষ্টা কৰাৰ পিছতো আৰক্ষী আৰু সেনানিযুক্তি পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ ব্যৰ্থ হৈছিল তেওঁ।

তেওঁৰ পিতৃয়ে কৈছিল, "৯ ডিচেম্বৰত, অমলে আৰক্ষীৰ নিযুক্তি অভিযানৰ বাবে গৈ আছে বুলি কৈ ঘৰৰ পৰা গৈছিল। অমলৰ সেনাত যোগদান কৰাৰ ইচ্ছা আছিল।

আনহাতে এই ঘটনা সন্দৰ্ভত আটক হৈছে বিকি শৰ্মা আৰু তেওঁৰ পত্নী। অভিযোগ অনুসৰি অভিযুক্তসকলক গুৰগাওঁত তেওঁলোকৰ ঘৰত আছিল আৰু তাতেই সকলো পৰিকল্পনা হৈছিল। এই পৰিকল্পনা কেইবামাহ ধৰি চলিছিল। আনহাতে ঘটনা সন্দৰ্ভত এতিয়াও পলাতক আছে বিহাৰৰ ললিত ।

ৰিক্সা চালকৰ পৰা অভিযন্তালৈঃ লোকসভাত আক্ৰমণ কৰাৰ আঁৰৰ কাহিনী
অম্বিকাগিৰীৰো মাটি লয় কাঢ়ি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in