অম্বিকাগিৰীৰো মাটি লয় কাঢ়ি...

অম্বিকাগিৰীৰো মাটি লয় কাঢ়ি...

য'ত আছে তাতেই চাগৈ গৰ্জি উঠিছে অম্বিকাগিৰী! ইমান স্পৰ্ধা, ইমান সাহস! অসম কেশৰী অম্বিকাগিৰী ৰায় চৌধুৰীয়ে জাতিক উজ্জীৱিত কৰি ৰাখিছিল। প্ৰতিটো মূহুৰ্ততে ভাষা, মাটি আৰু খিলঞ্জীয়াৰ হকে মাত মাতিছিল।

সেইজন সিংহ পুৰুষৰ পৰিয়ালেও ৰক্ষা নাপালে। চৰকাৰী যন্ত্ৰ আৰু ভূ-মাফিয়া চক্ৰই মিলি তেওঁৰেই পৰিয়ালৰ মাটি জালিয়াতিৰে বিক্ৰী কৰি দিলে। ভুৱা নাম জাৰি আৰু নথি-পত্ৰৰ জালিয়াতিৰে গুৱাহাটীৰ মাজ-মজিয়াত সংঘটিত কৰিলে এই কাণ্ড।

গুৱাহাটী গীতানগৰ থানাৰ অন্তৰ্গত হাতীগড় চাৰিআলিত অম্বিকাগিৰী ৰায় চৌধুৰীৰ পৰিয়ালৰ এটুকুৰা মাটি আছিল। ৰায় চৌধুৰী পৰিয়ালৰ সদস্য ড০ কোমুদী কুমাৰ ৰায় চৌধুৰীয়ে গীতানগৰ থানাত দাখিল কৰা এখন এজাহাৰত উন্মোচিত হ'ল এই ঘটনা।

সৌভাগ্য যে এই বিষয়টো দৃষ্টিগোচৰ হৈছিল মুখ্যমন্ত্ৰীৰ। ক্ষুব্ধ হৈ পৰা মুখ্যমন্ত্ৰীয়ে অম্বিকাগিৰী ৰায় চৌধুৰী পৰিয়ালৰ মাটি ভূ-মাফিয়াই জালিয়াতিৰে দখল কৰা কাৰ্যত তীব্ৰ অসন্তুষ্ট আৰু ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ কঠোৰ নিৰ্দেশ দিছিল।

তাৰ পাছতহে তৎপৰ হয় আৰক্ষী। নহ'লে সেই একেই আৰক্ষীয়ে চকু মুদা কুলিৰ ভুমিকা গ্ৰহণ কৰি আছিল। গুৱাহাটীত এনে ঘটনা প্ৰায়ে সংঘটিত হৈ থাকে। এচাম মাটিৰ দালালে ক'ত, কেনেকৈ মাটি দখল কৰিব পাৰি সেই নজৰ দিয়েই ঘূৰি ফুৰে।

ইতিমধ্যে গীতানগৰ থানা আৰক্ষীয়ে মুখ্যমন্ত্ৰীৰ ৰঙা চকু দেখাৰ পাছতহে কামৰূপ মহানগৰ জিলাৰ উপ-পঞ্জীয়ক কাৰ্যালয়ৰ ''৩টা ভলিউম বুক'' জব্দ কৰে। তেতিয়াহে পোহৰলৈ আহে যে এই ভয়ানক কাণ্ড পৰিকল্পিতভাৱে চৰকাৰী বিষয়া কৰ্মচাৰীয়ে মিলি সংঘটিত কৰিছে।

ভলিউম বুকত থকা এটা পৃষ্ঠাৰ সৈতে আনটো পৃষ্ঠাৰ হস্তাক্ষৰৰ নমুনা সুকীয়া। এই কামত সহায় কৰিছিল খৰ্গেশ্বৰ দাস নামৰ লাটমণ্ডলজনে। গৌতম বৰুৱা নামৰ এজন মাটি দালালৰ লগ লাগি এই কাম কৰিছিল।

অম্বিকাগিৰী ৰায় চৌধুৰীৰ পৰিয়ালৰে যদি এই অৱস্থা হয় তেনেহ'লে গুৱাহাটীত মাটি থকা সাধাৰণ লোকৰ অৱস্থা কি হ'ব পাৰে এবাৰ কল্পনা কৰক। টকাৰ জৰিয়তে এই কাম ভূ মাফিয়া চক্ৰক কৰি দিয়ে এই দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়াসকলে।

মহানগৰীত খোজে খোজে এনে উদাহৰণ ওলাব। বাহিৰৰ ভূ-মাফিয়া আৰু দালালৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে অভিযান চলাইছে। সেই অভিযানৰ কোনো প্ৰভাৱেই এতিয়ালৈকে পৰা নাই। তাতোকৈ ডাঙৰ কথা চৰকাৰী বিষয়া কৰ্মচাৰী ইতিমধ্যে এই দালাল চক্ৰৰ জেপত সোমাই পৰিছে।

তেওঁলোকে অতি কৌশলেৰে সেই কাম সংঘটিত কৰি গৈছে। প্ৰকৃত মাটিৰ মালিকক আঁতৰাই ৰাতিৰ ভিতৰতে ঘৰ নিৰ্মাণ কৰি সেই মাটি নিজৰ বুলি দাবী কৰাই নহয় ইয়াৰ প্ৰমাণ পত্ৰও সংগ্ৰহ কৰি লয়।

লক্ষণীয়ভাৱে আৰক্ষীয়ে সেয়া মাটি -বাৰীৰ কেচ আদালততে ইয়াৰ সমাধান হ'ব বুলি বিষয়টোৰ পৰা গা এৰা দিয়ে। চক্ৰ বিষয়া কাৰ্যালয়ৰ দায়িত্বশীল লোকেই যেতিয়া সেই চক্ৰৰ সৈতে মিলি থাকে তেন্তে কাৰ সাধ্য নিজৰ মাটিখিনিকেই নিজৰ বুলি প্ৰমাণ কৰাৰ?

অম্বিকাগিৰী ৰায় চৌধুৰীৰ পৰিয়ালৰ মাটি জালিয়াতিৰে দখল কৰিবলৈ গৈ ১০ ডিচেম্বৰ ২০২৩ ত গ্ৰেপ্তাৰ হ'ল আন দুজন মাটিৰ দালাল। তেওঁলোক ক্ৰমে- বিমল ৰংহাং আৰু শ্বাহ আলম।

লাটমণ্ডল খৰ্গেশ্বৰ দাস আৰু দালাল গৌতম বৰুৱাকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি এই ঘটনাৰ তদন্ত চলাইছে। ভূ মাফিয়া সকলৰ শক্তিশালী স্থিতি আৰু ধনৰ জোৰৰ ওচৰত সকলো নিস্তেজ হৈ পৰে।

এই চক্ৰটোৱে মাটিৰ ভুৱা দলিল প্ৰস্তুত কৰি দীৰ্ঘদিন ধৰি মাটি দখলৰ কাম সংঘটিত কৰি আহিছে। অম্বিকাগিৰী ৰায় চৌধুৰী পৰিয়ালৰ ক্ষেত্ৰতো সেয়াই কৰিছিল। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৬ জন লোকক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা আনসকলৰ ভিতৰত প্ৰদীপ ভূঞা আৰু সঞ্জয় বড়ো নামৰ মাটিৰ দালাল দুজনো আছে।

ইয়াৰে সঞ্জয় বড়ো এই জালিয়াতিৰ অন্যতম মাষ্টাৰ মাইণ্ড বুলি জানিব পৰা গৈছে। চৰকাৰী যন্ত্ৰ আৰু ভূ মাফিয়াৰ এই নেক্সাচৰ সৈতে থাকে একাংশ মাটিৰ কাম কৰা অধিবক্তাও। আইনগত দিশসমূহ এই ভূ মাফিয়া চক্ৰৰে মিলি থকা অধিবক্তাসকলে চোৱা-চিতা কৰে।

আৰক্ষীৰ হাতত, চক্ৰ বিষয়াৰ কাৰ্যালয় নিজৰ দখলত , একাংশ আৰক্ষীক মেনেজ আৰু স্থানীয় কিছু মাটি দালালৰ সহযোগত এই ভূ-মাফিয়া চক্ৰই বেলেগৰ মাটি দখল কৰি নিজৰ বুলি প্ৰমাণ কৰি আহিছে।

অথচ সেই চক্ৰৰ বিৰুদ্ধে গৈ ন্যায় নাপাই প্ৰকৃত মাটিৰ মালিকে। এনেকৈয়ে ভূ-মাফিয়া চক্ৰই কোটি কোটি টকা ঘটি আহিছে। চৰকাৰে মাটিৰ দালাল বা ভূ-মাফিয়া চক্ৰৰ বিৰুদ্ধে অভিযান চলালেও সেই চক্ৰৰ অভিকেন্দ্ৰ মণ্ডল বা আন সংশ্লিষ্ট চৰকাৰী বিষয়া কৰ্মচাৰী হৈ পৰিছে । সেই কথা গুৱাহাটীত ইতিমধ্যে প্ৰমাণ হৈছে।

অম্বিকাগিৰী ৰায় চৌধুৰীৰ পৰিয়ালে হয়তো ন্যায় পাব। তদন্ত কৰিলে সেই বিশাল চক্ৰৰ আঁৰত কোন কোন আছে পোহৰলৈ আহিব। কিন্তু এনে চক্ৰৰ হাতত পৰি ইতিমধ্যে সৰ্বস্বান্ত হোৱা সকলক কোনে ন্যায় দিব?

অম্বিকাগিৰীৰো মাটি লয় কাঢ়ি...
নেতাৰ অভাৱ হ'লে ক'ব- আমি 'আছু'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in