/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/6298d7b8-a4f5-4d80-95db-46187e03860c/rahul_4.jpg)
কিমান কোটিৰ গৰাকী ৰাহুল গান্ধী? নিৰ্বাচন আয়োগত দাখিল তথ্য...
ডিজিটেল ডেস্কঃ তেওঁ সোণৰ চামুচ মুখত লৈ জন্মগ্ৰহণ কৰিছে। তেওঁৰ পৰিয়ালত আছিল ৩ জনকৈ প্ৰধানমন্ত্ৰী। তেওঁৰ দেউতাক, আইতাক আছিল দেশৰ প্ৰধানমন্ত্ৰী। তেওঁৰ মাতৃ আছিল দীৰ্ঘ সময়ৰ কংগ্ৰেছৰ সভানেত্ৰী। ৬০ বছৰতকৈ অধিক সময় তেওঁলোকে দেশ শাসন কৰিছে। সেয়ে তেওঁক কোৱা হয় যুৱৰাজ। তেওঁ ৰাহুল গান্ধী, কংগ্ৰেছৰ যুৱৰাজ।
কেৰালাৰ ৱাইনাড সমষ্টিৰ সাংসদ ৰাহুলে বুধবাৰে পুনৰ এই সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব প্ৰদান কৰিবলৈ মনোনয়ন দাখিল কৰিলে। মনোনয়ন দাখিলৰ সময়ত তেওঁক সংগ দিলে দলটোৰ একাধিক জ্যেষ্ঠ নেতাই।
মনোনয়ন দাখিলৰ সময়ত ৰাহুল গান্ধীয়ে দাখিল কৰা সম্পত্তিৰ পৰিমাণে এতিয়া চৰ্চা লাভ কৰিছে। মনোনয়ত উল্লেখ কৰা অনুসৰি ৰাহুল হাতত নগদ জমা আছে মাত্ৰ ৫৫ হাজাৰ টকা।
নিৰ্বাচন আয়োগত দাখিল কৰা ৰাহুলৰ সম্পত্তিৰ তালিকা অনুসৰি তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ প্ৰায় ২০ কোটি। চাৰি বাৰৰ সাংসদ ৰাহুলৰ স্থাবৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ১১.১৪ কোটি টকা। অস্থাবৰ সম্পত্তিৰ পৰিমাণ ৯.২৪ কোটি টকা।
স্থাবৰ সম্পত্তিৰ ভিতৰত আছে দিল্লীত এটা কাৰ্যালয়। যাৰ মূল্য প্ৰায় ১১ কোটি টকা। ৰাহুলৰ নামত আছে কিছু কৃষি ভূমিও। ভগ্নী প্ৰিয়ংকা গান্ধীৰ সৈতে একেলগে দিল্লীৰ কাষতে আছে এই কৃষিখিনি।
ৰাহুলৰ মূৰত আছে ঋণো। তেওঁৰ নামত আছে ৫০ লাখ টকাৰ ঋণ। অস্থাবৰ সম্পত্তিৰ ভিতৰত তেওঁ ষ্টক মাৰ্কেটত বিনিয়োগ কৰি ৰাখিছে ৪.৩ কোটি টকা। মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিছে ৩.৮১ কোটি টকা। বেংক একাউণ্টাত জমা আছে ২৬.২৫ কোটি টকা। ৰাহুল গান্ধীৰ নামত আছে ৪.২ লাখ টকাৰ গহণাও। নিৰ্বাচন আয়োগত দিয়া তথ্য অনুসৰি যোৱা ৫ টা বছৰত ৰাহুল গান্ধীৰ সম্পত্তি বাঢ়িছে প্ৰায় ৫৯ শতাংশ।
উল্লেখ্য, ২০১৯ লোকসভা নিৰ্বাচনত ৰাহুল গান্ধীয়ে কেৰালাৰ ৱায়নাড সমষ্টিৰ পৰা নিৰ্বাচিত হৈ লোকসভালৈ গৈছিল। সেইবাৰ ৰাহুলে উত্তৰ প্ৰদেশৰ আমেথি সমষ্টিৰ পৰাও নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল। অৱশ্যে আমেথিত স্মৃতি ইৰাণীৰ হাতত পৰাজিত হয়।
এইবাৰ ৱায়নাডত বিজেপিয়ে ৰাহুলৰ বিৰুদ্ধে প্ৰক্ষেপ কৰিছে কেৰালা বিজেপিৰ ৰাজ্যিক সভাপতি কে সুৰেন্দ্ৰনক। সেইদৰে এই সমষ্টিত চি পি আই এমৰ প্ৰাৰ্থী দলটোৰ সাধাৰণ সম্পাদক ডি ৰাজাৰ পত্নী এনী ৰাজা।
Wayanad is my home, and the people of Wayanad are my family. From them, I have learned a great deal over the last five years and received an abundance of love and affection. It is with great pride and humility that I file my nomination for Lok Sabha 2024 once again from this… pic.twitter.com/rjgz0cYTyB
— Rahul Gandhi (@RahulGandhi) April 3, 2024