/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/5713fe33-812a-4b5a-8b61-e50ee972e097/gourav_4.jpg)
সনাতন ধৰ্মৰ কথা কৈ কংগ্ৰেছ এৰিলে গৌৰৱ বল্লভে...
ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ গৌৰৱ বল্লভে কংগ্ৰেছ এৰি যোগদান কৰিব বিজেপিত ! যদিও আনুষ্ঠানিকভাৱে এই পৰ্যন্ত কোনো কথা প্ৰকাশ কৰা হোৱা নাই তথাপিও গৌৰৱ বল্লভৰ এটা এক্স হেণ্ডেলৰ পোষ্টে এই কথাৰ ইংগিত দিছে।
বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে কৃষক সংগঠনসমূহে আন্দোলন আৰম্ভ কৰাৰ সময়ত কংগ্ৰেছে গৌৰৱ বল্লভক দিছিল গুৰুত্বপূৰ্ণ দায়িত্ব। তেওঁ মোডী চৰকাৰক ধাৰাবাহিকভাৱে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। সেইদৰে হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন অনুসৰি পুঁজিপতি গৌতম আদানীকো লক্ষ্য কৰি সঘনে সংবাদ মেল সম্বোধন কৰাৰ দায়িত্বও তেওঁ পালন কৰিছিল।
বিভিন্ন টেলিভিচন চেনেলৰ টক শ্ব', কনক্লেভ আদিত বিজেপিৰ মুখাপাত্ৰক উভতি ধৰি গৌৰৱ বল্লভে নিজকে কংগ্ৰেছৰ এজন জনপ্ৰিয় নেতা হিচাপে প্ৰতিষ্ঠা কৰিছিল। বিশেষকৈ তেওঁৰ কথন শৈলী, শাসক পক্ষক সমালোচনাৰ ধৰণ, তথ্য আৰু বিষয়ৰ ওপৰত অধ্যয়ন তথা জ্ঞানৰ বাবে তেওঁ জনপ্ৰিয় হৈ পৰিছিল।
২০২১ চনৰ অসমৰ বিধানসভা নিৰ্বাচনৰ সময়তো অসমত থাকি এইগৰাকী নেতাই বিশেষ দায়িত্ব পালন কৰিছিল। ইয়াৰোপৰি তেওঁৰ ওপৰত দলে দিছিল আন বহু গুৰুত্বপূৰ্ণ দায়িত্ব।
कांग्रेस पार्टी आज जिस प्रकार से दिशाहीन होकर आगे बढ़ रही है,उसमें मैं ख़ुद को सहज महसूस नहीं कर पा रहा.मैं ना तो सनातन विरोधी नारे लगा सकता हूं और ना ही सुबह-शाम देश के वेल्थ क्रिएटर्स को गाली दे सकता.इसलिए मैं कांग्रेस पार्टी के सभी पदों व प्राथमिक सदस्यता से इस्तीफ़ा दे रहाहूं pic.twitter.com/Xp9nFO80I6
— Prof. Gourav Vallabh (@GouravVallabh) April 4, 2024
এই জন নেতাই বৃহস্পতিবাৰে দলৰ সমস্ত পদ আৰু প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিছে। এক্স হেণ্ডেলত তেওঁ লিখিছে- কংগ্ৰেছ দলে আজি যিদৰে দিশাহীনভাৱে আগবাঢ়িছে তাৰ সৈতে মই সহজ হ'ব পৰা নাই।
ইয়াৰোপৰি তেওঁ লিখিছে, মই সনাতন ধৰ্ম বিৰোধী শ্লোগান দিব নোৱাৰো। দেশৰ সম্পদ সৃষ্টিকাৰীসকলক গালি দিব নোৱাৰো। মই কংগ্ৰেছ দলৰ সকলো পদ আৰু প্ৰাথমিক সদস্যপদৰ পৰা অব্যাহতি দিছোঁ। গৌৰৱ বল্লভৰ এনে পোষ্টে এতিয়া তেওঁ বিজেপিত যোগদান কৰিব বুলি চৰ্চা চলিছে।
Also Read: মনোনয়ন দাখিলৰ পূৰ্বে বটদ্ৰৱা থানত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ