১৬ এপ্ৰিলৰ পৰা লোকসভাৰ নিৰ্বাচন ! ভাইৰেল নিৰ্বাচন আয়োগৰ পত্ৰ...

১৬ এপ্ৰিলৰ পৰা লোকসভাৰ নিৰ্বাচন ! ভাইৰেল নিৰ্বাচন আয়োগৰ পত্ৰ...
১৬ এপ্ৰিলৰ পৰা লোকসভাৰ নিৰ্বাচন ! ভাইৰেল নিৰ্বাচন আয়োগৰ পত্ৰ...

ডিজিটেল ডেস্কঃ ১৬ এপ্ৰিলত অনুষ্ঠিত হ'ব দেশৰ সাধাৰণ নিৰ্বাচন । এনে এক বাৰ্তা সম্বলিত নিৰ্বাচন আয়োগৰ এখন পত্ৰ ভাইৰেল হৈ পৰিছে। ইয়াৰ পিছতে দেশজুৰি নিৰ্বাচনক কেন্দ্ৰ কৰি সৃষ্টি হৈছে ভিন্ন প্ৰতিক্ৰিয়া।

সঁচাকৈয়ে ১৬ এপ্ৰিলৰ পৰাই অনুষ্ঠিত হ'ব নেকি নিৰ্বাচন?

ভাইৰেল হোৱা পত্ৰখন নিৰ্বাচন আয়োগে লিখিছে বিভাগীয় কৰ্তৃপক্ষক সম্বোধন কৰি। এই পত্ৰখনত ২০২৪ ৰ লোকসভা নিৰ্বাচন ১৬ এপ্ৰিলৰ পৰা অনুষ্ঠিত কৰাৰ কথা কোৱা হৈছে। আয়োগে সেয়ে জিলা, ৰাজ্যিক পৰ্যায়ৰ কৰ্তৃপক্ষক নিৰ্দিষ্ট তাৰিখ মনত ৰাখি পৰিকল্পনা প্ৰস্তুত কৰিবলৈ আহ্বান জনাইছে।

সেয়ে এই পত্ৰ ভাইৰেল হোৱাৰ পাছতে ১৬ এপ্ৰিলৰ পৰাই নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি একপ্ৰকাৰে নিশ্চিত হৈছে বিভিন্নজন। অৱশ্যে তাৰ মাজতে নিৰ্বাচন আয়োগে ভাইৰেল হোৱা এই পত্ৰৰ সন্দৰ্ভত জাৰি কৰিছে স্পষ্টিকৰণ।

নিৰ্বাচন আয়োগে ক'লে পৰিকল্পনা প্ৰস্তুত কৰি থকা হৈছে

এক প্ৰেছ বিজ্ঞপ্তিত নিৰ্বাচন আয়োগে স্পষ্ট কৰিছে যে, নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচন সন্দৰ্ভত গতিবিধিৰ পৰিকল্পনা প্ৰস্তুত কৰিবলৈ আৰু সেইবাৰ সঠিক সময়ত সম্পূৰ্ণ কৰাটো প্ৰয়োজন। সেয়ে নিৰ্বাচন আয়োগৰ পৰিকল্পনাকাৰীসকলে এই সন্দৰ্ভত পৰিকল্পনা প্ৰস্তুত কৰি আছে।

আয়োগে কৈছে, চৰ্চা চলি আছে লোকসভা নিৰ্বাচন কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈ অনুষ্ঠিত কৰা হ'ব। সেয়েহে এই সন্দৰ্ভত সম্ভাৱনীয় তাৰিখৰ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক জনাই থকা হৈছে।

 

১৬ এপ্ৰিল এক প্ৰস্তাৱহে, চূড়ান্ত নহয়

ভাইৰেল হোৱা এই পত্ৰখন জাৰি কৰা হৈছিল ১৯ জানুৱাৰীত। এই পত্ৰখনতে ১৬ এপ্ৰিলৰ পৰা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা উল্লেখ কৰা হৈছিল। নিৰ্বাচন আয়োগে উল্লেখ কৰিছে ভাইৰেল পত্ৰখনত উল্লেখ কৰা তাৰিখ কেৱল এটা প্ৰস্তাৱহে।

সেই নিৰ্দিষ্ট তাৰিখতে নিৰ্বাচন অনুষ্ঠিত হ'ব লাগিব বুলি কোনো কথা নাই। তাৰিখ এইবাবেই দিয়া হৈছে যাতে জিলা পৰ্যায়ত নিৰ্বাচনৰ প্ৰস্তুতি সময়মতে সম্পূৰ্ণ কৰিব পাৰে। আয়োগে কৈছে, নিৰ্বাচন সন্দৰ্ভত সম্পূৰ্ণ সূচী পৰৱৰ্তী সময়তে তেওঁলোকে ৰাজহুৱা কৰিব।

১৬ এপ্ৰিলৰ পৰা লোকসভাৰ নিৰ্বাচন ! ভাইৰেল নিৰ্বাচন আয়োগৰ পত্ৰ...
পূব যোৰহাট কেন্দ্ৰীয় মে-ডাম-মে-ফী উপলক্ষে কুইজ প্ৰতিযোগিতা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in