পূব যোৰহাট কেন্দ্ৰীয় মে-ডাম-মে-ফী উপলক্ষে কুইজ প্ৰতিযোগিতা...

পূব যোৰহাট কেন্দ্ৰীয় মে-ডাম-মে-ফী উপলক্ষে কুইজ প্ৰতিযোগিতা...

author-image
Asomiya Pratidin
New Update
পূব যোৰহাট কেন্দ্ৰীয় মে-ডাম-মে-ফী উপলক্ষে কুইজ প্ৰতিযোগিতা...

পূব যোৰহাট কেন্দ্ৰীয় মে-ডাম-মে-ফী উপলক্ষে কুইজ প্ৰতিযোগিতা...

ডিজিটেল সংবাদ যোৰহাটঃ যোৰহাটৰ হোলোঙাপাৰ তাই কৃষ্টি আৰু শিক্ষা বিকাশ কেন্দ্ৰৰ উদ্যোগত সদৌ যোৰহাটবাসী ৰাইজৰ সহযোগত হোলোঙাপাৰ তাই কৃষ্টি আৰু শিক্ষা বিকাশ কেন্দ্ৰৰ প্ৰাংগনত অহা ৩১ জানুৱাৰীত এদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে 'পূব যোৰহাট কেন্দ্ৰীয় মে-ডাম-মে-ফী'। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজক সমিতিয়ে অনুষ্ঠিত কৰিছে এখন অসম বুৰঞ্জীমূলক সদৌ অসম ভিত্তিক প্ৰাইজমানি মুকলি কুইজ প্ৰতিযোগিতা।

Advertisment

পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া "অসম বুৰঞ্জীৰ আহোম শাসন" বিষয়ক লৈ আয়োজন কৰা মুকলি কুইজ প্ৰতিযোগিতাখনত বহুকেইটা পুৰস্কাৰ আছে। প্ৰতিযোগিতাখন এটা শাখাত অনুষ্ঠিত হ'ব দ্বাদশ শ্ৰেণীলৈকে আৰু প্ৰতিযোগী দলসমূহ দুজনীয়া সদস্যৰে গঠিত হ'ব লাগিব।

প্ৰতিযোগিতাখনৰ মূল পৰ্যায়টি পাউঞ্চ পদ্ধতিৰে পৰিচালনা হ'ব। মূল প্ৰতিযোগিতালৈ মুঠ ৬ টা দল নিৰ্বাচিত হ'ব।কুইজ প্ৰতিযোগিতাখনিৰ প্ৰথম পুৰস্কাৰত আছে ৬ হাজাৰ টকা, দ্বিতীয় পুৰস্কাৰ ৪ হাজাৰ টকা, তৃতীয় পুৰস্কাৰ ২ হাজাৰ টকা। ইয়াৰোপৰি মূল পৰ্যায়লৈ যোৱা অৱশিষ্ট তিনিওটা দলকো এক হাজাৰকৈ টকাৰ আৰ্থিক পুৰস্কাৰ দিয়া হ'ব।

ইয়াৰ উপৰিও দৰ্শকৰ বাবেও থাকিব বিশেষ পুৰস্কাৰ। শ্ৰেষ্ঠ দৰ্শকে লাভ কৰিব ৫০০ টকাৰ পুৰস্কাৰ। প্ৰতিযোগিতাখনৰ সন্দৰ্ভত আৰু অধিক জানিবলৈ শীঘ্ৰেই ৯৪৩৫২৪৮৮০৭ অথবা ৯৪৩৫১১৩৩১৫ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে আয়োজক সমিতিয়ে।

Also Read: নিশা মঙলদৈৰ উদ্যোগ চকত শােকাৱহ পথ দুর্ঘটনাঃ মাতৃ-পুত্ৰ নিহত...

মে-ডাম-মে-ফী কুইজ