বন্ধুত্ব-প্ৰেম-হত্যা : প্ৰেমিকৰূপী লিভ ইন পাৰ্টনাৰে ল'লে প্ৰেমিকাৰ প্ৰাণ

বন্ধুত্ব-প্ৰেম-হত্যা : প্ৰেমিকৰূপী লিভ ইন পাৰ্টনাৰে ল'লে প্ৰেমিকাৰ প্ৰাণ

ডিজিটেল ডেস্ক : প্ৰথমে ইনষ্টাগ্ৰামত চিনাকি। তাৰ পিছত পৰস্পৰে পৰস্পৰৰ লগত কথা-বতৰা। তাৰ পিছত সেই বন্ধুত্বই ল'লে প্ৰেমৰ ৰূপ। এনেদৰেই গৈ আছিল দিনবোৰ।

প্ৰেমৰ কিছুদিন পিছতে দুয়ো লৈছিল এটি ঘৰ আৰু সেই ঘৰতে প্ৰেমিক- প্ৰেমিকা একেলগে আছিল। পূৰ্বৰ দৰেই প্ৰেমিকে প্ৰেমিকালৈ আগবঢ়ালে যৌন প্ৰস্তাৱ আৰু সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবেই ক্ষুব্ধ হৈ পৰে প্ৰেমিক প্ৰবীণ সিং ধাকাৰ নাম ২৪ বছৰীয়া যুৱকজন। এই ঘটনা মধ্যপ্ৰদেশ ৰাজ্যৰ ইন্দোৰ চহৰৰ।

পোহৰলৈ অহা তথ্যমতে যোৱা ৭ ডিচেম্বৰৰ দিনা প্ৰেমিক প্ৰবীণে তেওঁৰ প্ৰেমিকাক যৌন প্ৰস্তাৱ আগবঢ়াইছিল। প্ৰেমিকাগৰাকীয়ে সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰা বাবেই লিভ ইন পাৰ্টনাৰ প্ৰবীণে খংত অগ্নিশৰ্মা হৈ কেঁচিৰে তেওঁক হানি-খুচি হত্যা কৰে। এই ঘটনা সংঘটিত কৰাৰ পিছতে অভিযুক্ত প্ৰবীণে পলায়ন কৰে।

ইফালে ভাড়াঘৰত সংঘটিত এই ঘটনাৰ কথা গম পাই ওচৰ চুবুৰীয়াই লগে লগে আৰক্ষীক খবৰ দিয়ে। ঘটনাৰ পিছতে আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে আৰু ম'বাইল ফোন ট্ৰেক কৰি বুধবাৰে হত্যাকাণ্ডৰে জড়িত থকাৰ অভিযোগত ধৃত প্ৰেমিক প্ৰবীণক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। সম্প্ৰতি আৰক্ষীৰ জিন্মাত আছে অভিযুক্ত প্ৰবীণ সিং ধাকাৰ।

বন্ধুত্ব-প্ৰেম-হত্যা : প্ৰেমিকৰূপী লিভ ইন পাৰ্টনাৰে ল'লে প্ৰেমিকাৰ প্ৰাণ
নামতিত শিলাবৃষ্টিৰ আতংকময় পৰিৱেশত হৃদক্ৰিয়া বন্ধ হৈ এগৰাকীৰ মৃত্যু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in