/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/524918e8-704c-4302-87ad-e066c06bd7ac/407.jpg)
ডিজিটেল সংবাদ,নামতি : শিৱসাগৰ জিলাৰ নামতিত শিলাবৃষ্টিৰ আতংকময় পৰিৱেশত হৃদক্ৰিয়া বন্ধ হৈ এগৰাকী মহিলাই অকাল মৃত্যুক আঁকোৱালি লোৱাৰ ঘটনা জানিব পৰা গৈছে। আমগুৰিৰ পাটৰ গাঁৱত সংঘটিত হৈছে এই ঘটনা। অঞ্চলটোত হোৱা প্ৰৱল বৃষ্টিপাতেই কাল হ'ল সৰুৱাই পাটৰ নামৰ মহিলাগৰাকীৰ।
জানিব পৰা মতে, বুধবাৰে নিশা অহা এজাক ধুমুহা আৰু প্ৰবল শিলাবৃষ্টিৰ আতংকময় পৰিৱেশত হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয় মহিলাগৰাকীৰ। শিলাবৃষ্টিৰ প্ৰকোপ ইমানেই দ্ৰুত আছিল যে, নামতিৰ বিভিন্ন অঞ্চলত ঘৰৰ টিনপাত ফুটাই চালনীসদৃশ কৰে।
এনে এক ভয়ংকৰ পৰিস্থিতিত বন্দী হৈ নামতি পাটৰ গাঁৱৰ সৰুৱাই পাটৰ নামৰ মহিলাগৰাকীৰ হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ পৰে। ফলত ততাতৈয়াকৈ জয়সাগৰ অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে নিশাই ডিব্ৰুগড় মেডিকেল কলেজলৈ প্ৰেৰণ কৰে আৰু তাতেই তেওঁ অকাল মৃত্যুক আঁকোৱালি লয়।
Also Read: মথুৰাপুৰ-নিমনাগড় গাঁও পঞ্চায়তত বিকশিত ভাৰত সংকল্প যাত্ৰা সম্পন্ন
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us