পূৰ্বৰ অভিলেখ ভংগ কৰি কাজিৰঙালৈ আহিল দেশ-বিদেশৰ বহু পৰ্যটক...

এপ্ৰিল,মে' মাহত পৰ্যটকৰ আগমনৰ সংখ্যা কমে যদিও এই বৰ্ষত প্ৰধানমন্ত্ৰীয়ে কাজিৰঙা দৰ্শন কৰা পাছত বৃদ্ধি পালে পৰ্যটকৰ সংখ্যা
পূৰ্বৰ অভিলেখ ভংগ কৰি কাজিৰঙালৈ আহিল দেশ-বিদেশৰ বহু পৰ্যটক...

ডিজিটেল সংবাদ,কাজিৰঙা : পৰ্যটকৰ বাবে শুকুৰবাৰৰ পৰা বন্ধ বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। চলিত পৰ্যটন বৰ্ষত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি কাজিৰঙালৈ আহিল দেশ বিদেশৰ বহু পৰ্যটক ৷

২০২৩ বৰ্ষৰ ১৫অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আজি বন্ধ হ'ব ৷ আজিৰে পৰা কাজিৰঙাৰ সৌন্দৰ্য্য উপভোগ কৰিব নোৱাৰিব পৰ্যটকে ৷ বিশেষকৈ এই বৰ্ষত মাক-পোৱালি গঁড়, গঁড়ৰ যুদ্ধ আৰু পৰ্যটন পথত অতিক্ৰমী গঁড়ে বিশেষ আমোদ দিলে পৰ্যটকক ৷

সমানেই গঁড়কেন্দ্ৰিক পৰ্যটনত এই বৰ্ষত বাঘৰ ভূমিকা অপৰিহাৰ্য ৷ আটাইকেইখন বনাঞ্চলতে বাঘৰ নয়নাভিৰাম দৃশ্যই মন্ত্ৰমুগ্ধ কৰি তুলিলে পৰ্যটকসকলক । তদুপৰি এই বৰ্ষৰ পৰ্যটনত আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু হৈ পৰিল সোণালী বাঘ ৷

প্ৰতিজন পৰ্যটকক আমোদ দিলে সোণালী বাঘৰ দৰ্শনে ৷ এই পৰ্যটন বৰ্ষটো পৰ্যটকৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ বাবে এটা সফল পৰ্যটন বৰ্ষ হিচাপে পৰিগণিত হৈছে ৷

ইফালে পূৰ্বতে এপ্ৰিল,মে' মাহত পৰ্যটকৰ আগমনৰ সংখ্যা কমে যদিও এই বৰ্ষত প্ৰধানমন্ত্ৰীয়ে কাজিৰঙা দৰ্শন কৰা পাছত বৃদ্ধি পালে পৰ্যটকৰ সংখ্যা ৷ পৰ্যটন বৰ্ষ শেষ হোৱাৰ লগে লগে এতিয়া আগন্তুক সম্ভাব্য বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ ৷

পূৰ্বৰ অভিলেখ ভংগ কৰি কাজিৰঙালৈ আহিল দেশ-বিদেশৰ বহু পৰ্যটক...
শীৰ্ষস্থান অক্ষুন্ন সূৰ্যকুমাৰ যাদৱৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in