/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/99931542-6026-4a9d-b3a4-5eeb992b58c5/balasore.jpg)
ডিজিটেল ডেস্ক : ভাৰতৰ ইতিহাসৰ ৰে'ল দুৰ্ঘটনাসমূহৰ ভিতৰত অন্যতম হ'ল শুক্ৰবাৰে নিশা উৰিষ্যাত সংঘটিত হোৱা দুৰ্ঘটনাটি । এই পৰ্যন্ত ২৮০ জনকৈ লোকে প্ৰাণ হেৰুৱাৰ ওপৰিও প্ৰায় ৯০০ জন লোক আঘাতপ্ৰাপ্ত । অব্যাহত আছে উদ্ধাৰ অভিযান । তথ্য অনসুৰি, কৰমণ্ডল এক্সপ্ৰেছৰ এটি ডবাৰ উদ্ধাৰ অভিযান বৰ্তমানলৈ সম্ভৱ হৈ উঠা নাই । সেই ডবাটিৰ উদ্ধাৰ অভিযানৰ পাছতেই মৃতক আৰু আঘাতপ্ৰাপ্তৰ সংখ্যা যে বৃদ্ধি পাব সেই সম্পৰ্কে যেন নিসন্দেহ সকলো । পুৱালৈ মৃতকৰ সংখ্যা আছিল ২৩৩, ইতিমধ্যেই এই সংখ্যা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ।
ঘটনা সন্দৰ্ভত এগৰাকী টুইটাৰ ব্যৱহাৰকাৰীয়ে টুইটাৰৰ জৰিয়তে জনায় যে, "কৰমণ্ডল ৰে'লৰ যাত্ৰী হিচাপে আজি মই সৌভাগ্যশালী । ই হয়তো শতিকাটোৰ সৰ্ববৃহৎ ৰে'ল দুৰ্ঘটনা ।"
As a passenger on the Coromandel Express from Howrah to Chennai, I am extremely thankful to have escaped unscathed. It probably is the biggest train accident related incident. Thread of how the incident unfolded 1/n
— Anubhav Das (@anubhav2das) June 2, 2023
টুইটাৰ ব্যৱহাৰকাৰীগৰাকীৰ মতে, তেওঁ নিজেই ২০০-২৫০ মৃহদেহ প্ৰত্যক্ষ কৰিছিল দুৰ্ঘটনাস্থলীত । "চাৰিওফালে কেৱল তেজ, নিথৰ দেহ... বহু কেইটা ডবা ভাগি চূৰমাৰ হৈ পৰিছিল মুহুৰ্ততে । ৰেলপথ ৰাঙলী হৈ পৰিছিল তেজেৰে, কোনোবাজনৰ যদি হাত চিঙি আহিছে, কোনোবাৰ ভৰি..." যি দৃশ্য হেনো কাহানিও পাহৰিব নোৱাৰে অনুভৱ দাস নামৰ যাত্ৰীগৰাকীয়ে ।
Also Read: উৰিষ্যাৰ দুৰ্ঘটনাত মৃতকৰ সংখ্যা ২৩৩লৈ বৃদ্ধি, ওৰে নিশা অব্যাহত থাকিল উদ্ধাৰ অভিযান