উৰিষ্যাৰ দুৰ্ঘটনাত মৃতকৰ সংখ্যা ২৩৩লৈ বৃদ্ধি, ওৰে নিশা অব্যাহত থাকিল উদ্ধাৰ অভিযান

উৰিষ্যাৰ দুৰ্ঘটনাত মৃতকৰ সংখ্যা ২৩৩লৈ বৃদ্ধি, ওৰে নিশা অব্যাহত থাকিল উদ্ধাৰ অভিযান

ডিজিটেল ডেস্ক : উৰিষ্যাৰ ভয়াৱহ ৰে'ল দুৰ্ঘটনা সন্দৰ্ভত ইতিমধ্যে সমগ্ৰ দেশেই অৱগত হৈছে । উৰিষ্যাৰ বালাছোৰ শুক্ৰবাৰে নিশা হাওৰাৰ পৰা চেন্নাই অভিমুখী যাত্ৰীবাহী ৰে'ল কৰমণ্ডল এক্সপ্ৰেছ আৰু বেংগালুৰুৰ পৰা কলিকতা অভিমুখী চুপাৰফাষ্ট এক্সপ্ৰেছ আৰু এখন পথচ্যুত মালবাহী ৰে'লখনৰ মাজত হোৱা দুৰ্ঘটনাটোক ইতিমধ্যেই বিগত কেইটামান বৰ্ষৰ সবাতোকৈ ভয়ংকৰ ৰে'ল দুৰ্ঘটনা বুলি অভিহিত কৰা হৈছে  । মূলত: ষ্টেচন মাষ্টৰৰ ভুলৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলিও জনা গৈছে প্ৰাৰম্ভিক তদন্তৰ অন্তত ।

কিন্তু ক্ৰমাৎ বৃদ্ধি পাইছে নিহতৰ সংখ্যা । ওৰে নিশা উদ্ধাৰ অভিযান অব্যাহত ৰখাৰ পাছত এতিয়ালৈ প্ৰায় ৯০০ গৰাকী আঘাতপ্ৰাপ্ত লোকক উদ্ধাৰ কৰাৰ বিপৰীতে নিহতৰ সংখ্যা বৰ্তমানলৈ ২৩৩ গৰাকী ।

এই সন্দৰ্ভত, উৰিষ্যাৰ মুখ্য সচিবে দিয়া ভাষ্য অনুসৰি, দুৰ্ঘটনাটি সংঘটিত হৈছিল উৰিষ্যাৰ বালাছোৰ জিলাত যি কলিকতাৰ পৰা প্ৰায় ২৫০ কিলোমিটাৰ দক্ষিণত আৰু ভূৱনেশ্বৰৰ পৰা প্ৰায় ১৬০ কিলোমিটাৰ উত্তৰত । মুখ্য সচিব গৰাকীয়ে জানিবলৈ দিয়া অনসুৰি, প্ৰথমে দুখন ৰে'লৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত তৃতীয়খন ৰে'ল অৰ্থাৎ চুপাৰফাষ্ট এক্সপ্ৰেছে খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনাৰ ভয়াৱহতা বৃদ্ধি পাই ।

ইতিমধ্যে দুৰ্ঘটনাস্থলীৰ নিকটৱৰ্তী সকলো চিকিৎসালয়, চিকিৎসাকৰ্মী, উদ্ধাৰকাৰীক সম্পূৰ্ণৰূপে দুৰ্গতসকলৰ উদ্ধাৰ তথা সুশ্ৰুষাত নিয়োজিত হ'বলৈ নিৰ্দেশ দিছে ৰাজ্যখনৰ চৰকাৰে । তিনিটাকৈ এন ডি আৰ এফ বাহিনী, উৰিষ্যাৰ দুৰ্যোগ প্ৰশমন বিভাগৰ ৪ টা দল, ১৫ টাকৈ অগ্নি নিৰ্বাপক বাহিনী, ২০০ৰো অধিক আৰক্ষী বিষয়াৰ সৈতে ৬০ খন এম্বুলেঞ্চেৰে প্ৰাৰম্ভিক পৰ্যায়ৰ কাম অব্যাহত ৰাখিছে চৰকাৰে । আনহাতে, কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সমগ্ৰ উদ্ধাৰ অভিযানত বায়ু সেনা বিভাগৰ সহায় লোৱা হ'ব বুলি জানিবলৈ দিছে ।

কেন্দ্ৰ চৰকাৰে ইতিমধ্যে নিহত সকলৰ পৰিয়ালৈ ১০ লাখকৈ ক্ষতিপূৰণ দিয়াৰ সৈতেই গুৰুতৰভাৱে আহতসকলৰ চিকিৎসাৰ বাবে ২ লাখ টকা আৰু আন আঘাতপ্ৰাপ্ত সকললৈ ৫০ হেজাৰকৈ টকা আগবঢ়াই ।

উল্লেখ্য যে, দুৰ্ঘটনাৰ ভয়াৱহতালৈ লক্ষ্য ৰাখি অসম অভিমুখী বহু কেইখন ৰে'ল শনিবাৰৰ দিনটোত বাতিল কৰা হৈছে । কিয়নো দেশৰ অন্য প্ৰান্তৰ পৰা অসমলৈ আহিবলৈ হ'লে সাধাৰণতেই একেটা পথেই অনুকৰণ কৰে ৰে'ল সমূহে । তেনেস্থলত উদ্ধাৰ অভিযান অব্যাহত থকালৈ লক্ষ্য ৰাখি আগন্তুক সময়ত ৰে'ল সেৱা ব্যাহত হোৱাৰ সম্ভাৱনাই বেছি ।

ইতিমধ্যে, উৰিষ্যা তথা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰি দিছে কেইবাটাও হেল্পলাইন নম্বৰ -

বালাছোৰ- 8249591559/7978418322

শালিমাৰ- 9903370746

ভদ্রক- 8455889900

জয়পুৰ কল’ঝাৰ ৰোড- 8455889906

কটক- 8455889917

ভূৱনেশ্বৰ- 8455889922

খুৰদা- 6370108046

খুৰদা- 6370108046

বালুগাঁও- 9937732169

হাওৰা- 033-26382217

খড়গপুৰ- 8972073925/93323922339

উল্লেখ্য যে, গুজৰাটৰ মৰ্বি নদীৰ দুৰ্ঘটনাৰ পিছত এনে ধৰণৰ ভয়াৱহ দুৰ্ঘটনা দেশত সংঘটিত হোৱা নাছিল । দুয়োটা দুৰ্ঘটনাৰেই অন্তৰালত আছিল কিছু সংখ্যক লোকৰ অসাৱধানতা আৰু তাতোকৈ বেছি দায়িত্বজ্ঞানহীনতা । এনে একোটা ভুলৰ বাবেই দুয়োটা দুৰ্ঘটনাতেই প্ৰাণ হেৰুৱালে শতাধিক লোকে । তাৰ পাছতো কোনোবা দিনা দায়িত্বজ্ঞান সন্দৰ্ভত সজাগ হৈ উঠিব নে দেশখন ?

উৰিষ্যাৰ দুৰ্ঘটনাত মৃতকৰ সংখ্যা ২৩৩লৈ বৃদ্ধি, ওৰে নিশা অব্যাহত থাকিল উদ্ধাৰ অভিযান
উৰিষ্যাত মালবাহী ৰে'লৰ সৈতে মুখামুখি সংঘৰ্ষ কৰোমণ্ডেল এক্সপ্ৰেছৰ; লাইনচ্যুত ৪ ডবা...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in