মোডীৰ শপত গ্ৰহণত থাকিব ৭খন দেশৰ ৰাষ্ট্ৰনেতা...

ৰাষ্ট্ৰপতিয়ে আয়োজন কৰিছে নৈশ ভোজ
মোডীৰ শপত গ্ৰহণত থাকিব ৭খন দেশৰ ৰাষ্ট্ৰনেতা...
মোডীৰ শপত গ্ৰহণত থাকিব ৭খন দেশৰ ৰাষ্ট্ৰনেতা...

ডিজিটেল ডেস্কঃ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত ল'বলৈ সাজু হৈছে নৰেন্দ্ৰ মোডী। মোডীৰ এই তৃতীয় কাৰ্যকালৰ শপতগ্ৰহণ অনুষ্ঠানৰ সাক্ষী হৈ ৰ'ব ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ ৰাষ্ট্ৰনেতাসকল।

ৰাষ্ট্ৰপতি ভৱনৰ পৰা জাৰি হোৱা এক বিজ্ঞপ্তি অনুসৰি মোডীৰ এই শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিবলগীয়া ৰাষ্ট্ৰনেতাসকলৰ তালিকা প্ৰকাশ কৰা হৈছে। সেই অনুসৰি বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা, শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰনিল বিক্ৰমসিংঘে, মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ ৰুইজজি, নেপালৰ প্ৰধানমন্ত্ৰী পুষ্পকমল দাহাল প্ৰচণ্ড, ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগে, ছেছলছৰ উপ-ৰাষ্ট্ৰপতি আহমেদ আফিফ আৰু মৰিচাছৰ প্ৰধানমন্ত্ৰী প্ৰবিন্দ জগনাথ উপস্থিত থাকিব এই শপত গ্ৰহণ অনুষ্ঠানত।

ইফালে মোডীৰ উপৰিও তেওঁৰ মন্ত্ৰীসভাৰ কেইবাজনো মন্ত্ৰীয়ে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী শপত গ্ৰহণ কৰিব এই অনুষ্ঠানতে। অনুষ্ঠানৰ পাছতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰনেতাসকলৰ বাবে নৈশ ভোজৰো আয়োজন কৰিছে।

চুবুৰীয় এই ৰাষ্ট্ৰ নেতাসকলৰ শপত গ্ৰহণ অনুষ্ঠানলৈ 'চুবুৰীয়া নীতি' আৰু 'সাগৰ' ভিজনৰ অধীনত আমন্ত্ৰণ জনোৱা হৈছে। উল্লেখ্য যে, এইবাৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে ২৪০ খন আসন দখল কৰিবলৈ সক্ষম হৈছে। সেই অনুসৰি বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰা নাই যদিও এন ডি এয়ে একত্ৰিতভাৱে লাভ কৰিছে ২৯২ খন আসন। সেই অনুসৰিয়েই গঠন হ'ব এন ডি এৰ চৰকাৰ।

মোডীৰ শপত গ্ৰহণত থাকিব ৭খন দেশৰ ৰাষ্ট্ৰনেতা...
লোকসভাত কোন হ'ব কংগ্ৰেছৰ নেতা? ৰাহুল গান্ধী নে আন কোনোবা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in