লোকসভাত কোন হ'ব কংগ্ৰেছৰ নেতা? ৰাহুল গান্ধী নে আন কোনোবা...

আজি দিল্লীত কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক
লোকসভাত কোন হ'ব কংগ্ৰেছৰ নেতা? ৰাহুল গান্ধী নে আন কোনোবা...
লোকসভাত কোন হ'ব কংগ্ৰেছৰ নেতা? ৰাহুল গান্ধী নে আন কোনোবা...

ডিজিটেল ডেস্কঃ কোন হ’ব লোকসভাত বিৰোধী দলৰ নেতা? অষ্টাদশ লোকসভা নিৰ্বাচনত ৯৯ খন আসনত বিজয়ী হোৱা দলটোত এগৰাকী নিৰ্দলীয় সাংসদে যোগদান কৰাত এতিয়া সংসদত কংগ্ৰেছৰ নিজা শক্তি ১০০ লৈ বৃদ্ধি পাইছে। এনে পৰিস্থিতিত বিৰোধী দলৰ নেতা কোন হ'ব তাক লৈ চৰ্চা আৰম্ভ হৈছে।

ইতিমধ্যে এন ডি এয়ে চৰকাৰ গঠনৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ সময়তে লোকসভাত কংগ্ৰেছৰ নেতা কোন হ’ব তাক লৈ চৰ্চা আৰম্ভ হৈছে। ইয়াৰ মাজতে আকৌ আজি কংগ্ৰেছে দিল্লীত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিছে। এই বৈঠকতে সদ্য সমাপ্ত লোকসভা নিৰ্বাচনৰ ফলাফল আৰু কংগ্ৰেছৰ আগন্তুক ৰণনীতি সন্দৰ্ভত আলোচনা কৰিব।

দিনৰ ১ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই বৈঠকত দলটোৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে সভাপতিত্ব কৰিব। বৈঠক সন্দৰ্ভত কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে এক্সৰ জৰিয়তে অৱগত কৰিছে।

ইফালে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাজীৱ শুক্লাই এই সন্দৰ্ভত কয় যে, বৈঠকত নিৰ্বাচনী ফলাফল সন্দৰ্ভত আলোচনা কৰা হ'ব। তেওঁক লোকসভাত কংগ্ৰেছৰ নেতা কোন হ'ব বুলিও সাংবাদিকে এক প্ৰশ্ন কৰিছিল। কিয়নো বহু কেইজন কংগ্ৰেছী সাংসদে ৰাহুল গান্ধীকেই লোকসভাৰ নেতা হিচাপে বিচাৰিছে।   

এই প্ৰশ্নৰ উত্তৰত তেওঁ কয়, এইসকলোবোৰ ৰাহুল গান্ধীৰ ওপৰতেই নিৰ্ভৰ কৰিব। কিন্তু আমিও বিচাৰো তেওঁ সংসদত এই দায়িত্ব পালন কৰক। গঠন হ’বলগীয়া নতুন চৰকাৰখন দুৰ্বল চৰকাৰ। বিজেপিৰ এই চৰকাৰ মিত্ৰজোঁটৰ। বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰা নাই। এনে চৰকাৰৰ বহু কেইটা বাধ্যবাধকতা থাকে। জনতাই শক্তিশালী বিৰোধী দিছে। এই শক্তিশালী বিৰোধীয়ে নিজৰ দায়িত্ব ভালকৈ পালন কৰিব।

লোকসভাত কোন হ'ব কংগ্ৰেছৰ নেতা? ৰাহুল গান্ধী নে আন কোনোবা...
চুবুৰীয়া ৰাজ্য মিজোৰামত ১ কেজি ৯০২ গ্ৰাম হেৰ'ইন জব্দ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in