/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/bdbcbfe3-4a1c-4f8a-a97d-942e31751320/AP_FOR_WEB_Rape.jpg)
ডিজিটেল ডেস্কঃ দেশত তীব্ৰ গতিত বৃদ্ধি পাইছে অপৰাধমূলক ঘটনা। একাংশ পাষাণৰ হাতৰ পৰা সাৰি নাযায় শিশুৰ পৰা বৃদ্ধও। ইয়াৰ মাজতে এগৰাকী অধিবক্তাৰ বিৰুদ্ধে উত্থাপন হৈছে ধৰ্ষণৰ অভিযোগ।
আৰক্ষীয়ে জনাই যে, ১৭ বছৰীয়া এগৰাকী কিশোৰীক অপহৰণ আৰু ধৰ্ষণ কৰাৰ অভিযোগত ৬৭ বছৰীয়া অধিবক্তা গৰাকী বুধবাৰে গ্ৰেপ্তাৰ হয়। এই ঘটনা উত্তৰ প্ৰদেশৰ মিৰাটৰ।
অভিযুক্ত ৰমেশ চন্দ্ৰ গুপ্তা মিৰাট বাৰ এছ'চিয়েচনৰ প্ৰাক্তন উপ-সভাপতি। ১২ জুনত এই ঘটনাটো পোহৰলৈ আহিছিল আৰু তাৰ পাছতে তেওঁক উক্ত পদৰ পৰা বহিষ্কাৰ কৰা হৈছিল। ভুক্তভোগী কিশোৰী গৰাকী গুপ্তাৰ কাৰ্যালয়ত কৰ্মৰত আছিল।
আৰক্ষীয়ে জনাই যে, মে' মাহৰ শেষৰ ফালে কিশোৰী গৰাকীৰ নিৰুদ্দেশৰ এজাহাৰ দাখিল কৰিছিল পৰিয়ালৰ লোকে। তাৰপাছতে ১৬ জুনত কিশোৰী গৰাকী উদ্ধাৰ হৈছিল আৰু দণ্ডাধীশৰ আগত তেওঁৰ ভাষ্য গ্ৰহণ কৰা হৈছিল।
ঘটনাৰ তদন্ত চলাই আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অধিবক্তা গৰাকীক। ইয়াৰ উপৰিও কিশোৰী গৰাকীয়ে আন দুগৰাকীকৈ লোকৰ নাম উল্লেখ কৰিছিল। সেই দুই অভিযুক্তৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
Also Read: জোনালী নাথৰ বাসগৃহত মন্ত্ৰী অশোক সিংহাল, বিজেপি নেত্ৰীগৰাকীৰ কন্যাৰ শিক্ষাৰ দায়িত্ব গ্ৰহণ