জোনালী নাথৰ বাসগৃহত মন্ত্ৰী অশোক সিংহাল, বিজেপি নেত্ৰীগৰাকীৰ কন্যাৰ শিক্ষাৰ দায়িত্ব গ্ৰহণ

মন্ত্ৰী অশোক সিংহলে বুধবাৰে গোৱালপাৰা জিলাৰ মাটিয়াত উপস্থিত হৈ জোনালী নাথৰ বাসগৃহত উপস্থিত হয়।

author-image
Asomiya Pratidin
New Update
মুখ্যমন্ত্রীৰ গ্ৰাম্য অৰ্থনীতি উন্নতৰ সপোন  বাস্তৱ ৰূপায়িত কৰিবলৈ জোনাইত মন্ত্ৰী অশোক সিংহাল

ডিজিটেল সংবাদ, কৃষ্ণাই : মন্ত্ৰী অশোক সিংহলে বুধবাৰে গোৱালপাৰা জিলাৰ মাটিয়াত উপস্থিত হৈ জোনালী নাথৰ বাসগৃহত উপস্থিত হয়। নৃশংসভাৱে হত্যাকাণ্ডৰ বলি হোৱা গোৱালপাৰা জিলা বিজেপিৰ সম্পাদিকা জোনালী নাথৰ বাসগৃহত গৈ তেওঁৰ শোকসন্তপ্ত পৰিয়ালবৰ্গক সাক্ষাৎ কৰে। লগতে মৃতকৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে তেওঁৰ বিদেহ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা জনায়।

Advertisment

পৰিয়ালৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰী গৰাকীয়ে কয় যে দোষীক উপযুক্ত শাস্তি প্ৰদান কৰি প্ৰয়াত নেত্ৰী গৰাকীক উচিত ন্যায় প্ৰদানৰ বাবে চৰকাৰ দৃঢ় প্ৰতিজ্ঞ। এইক্ষেত্ৰত প্ৰশাসনে ঘটনাটোৰ সন্দৰ্ভত পূৰ্ণগতিত তদন্ত অব্যাহত ৰাখিছে আৰু অতিশীঘ্ৰেই সকলো পোহৰলৈ আহিব বুলি তেওঁ আশা প্ৰকাশ কৰে।

ইপিনে এক ব্যক্তিগত প্ৰতিষ্ঠানত নাৰ্ছিং পাঠ্যক্ৰমত অধ্যয়নৰত প্ৰয়াত জোনালী নাথৰ ডাঙৰ জীয়ৰীৰ শিক্ষাৰ মাচুল ব্যক্তিগতভাৱে বহন কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে পৰিয়ালটোক অৱগত কৰে। ইফালে স্থানীয় ৰাইজৰ দাবীৰ প্ৰতি সহাৰি জনাই প্ৰয়াত নেত্ৰী গৰাকীৰ বাসগৃহ সংযোগী পথটো নিৰ্মাণ কৰাৰ লগতে জোনালী নাথৰ নামেৰে নামকৰণ কৰাৰ বাবেও যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও তেওঁ অৱগত কৰে।

Also Read: আমেৰিকাত ১৩৫খন দেশে অংশ গ্ৰহণ কৰিলে যোগ দিৱসত, গঢ়িলে বিশ্ব অভিলেখ

Assam police