প্ৰয়াত গণেশ চন্দ্ৰ কুৰ্মীৰ স্মৃতিচাৰণ সভা সম্পন্ন...

প্ৰয়াত গণেশ চন্দ্ৰ কুৰ্মীৰ স্মৃতিচাৰণ সভা সম্পন্ন...
প্ৰয়াত গণেশ চন্দ্ৰ কুৰ্মীৰ স্মৃতিচাৰণ সভা সম্পন্ন...

ডিজিটেল সংবাদ কাজিৰঙাঃ 'চৰকাৰ আৰু পুঁজিপতিৰ শোষণৰ ভৰত কোঙা হোৱা অসমৰ চাহ শিল্পৰ লগত জড়িত জাতিটোৱে দেশৰ স্বাধীনতাৰ ৭৫ বছৰেও উচিত মূল্যায়ন লাভৰ পৰা বঞ্চিত হৈছে৷ জনগোষ্ঠীটোৰ উচিত মৰ্যাদা লাভৰ বাবে অৱশ্যে প্ৰতি মুহূৰ্ততে সংগ্ৰাম কৰা লোকসকলৰ ভিতৰত অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ প্ৰতিস্থাপক সভাপতি প্ৰয়াত গণেশ চন্দ্ৰ কুৰ্মীৰ শ্ৰদ্ধা সহকাৰে ল’ব লাগিব৷ কাৰণ, চাহ জনগোষ্ঠীৰ উত্তৰণৰ যাত্ৰাত সাহিত্যিক প্ৰয়াত গণেশ চন্দ্ৰ কুৰ্মীৰ অৱদান কোনো কাৰণতে নুই কৰিব নোৱাৰি৷'

অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতি আাৰু গোলাঘাট জিলা সমিতিৰ উদ্যোগত আজি কাজিৰঙাৰ হাতীখুলীত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰা চাহ জনগোষ্ঠী সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি তথা বিশিষ্ট সাহিত্যিক প্ৰয়াত গণেশ চন্দ্ৰ কুৰ্মীৰ স্মৃতিচাৰণ সভাত মুখ্য বক্তা হিচাপে উপস্থিত থাকি এইদৰে কয় সাহিত্যিক মাখনলাল বাঢ়ৈয়ে৷

চাহ জনগোষ্ঠী সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সঞ্জয় কুমাৰ তাঁতীৰ সভাপতিত্বত অনুষ্ঠিত এই স্মৃতিচাৰণ সভাত মুখ্য বক্তা তথা সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰতিষ্ঠাপক সম্পাদক মাখনলাল বাঢ়ৈয়ে লগতে প্ৰয়াত সাহিত্যিক গণেশ চন্দ্ৰ কুৰ্মীৰ শিক্ষা জীৱন, কৰ্ম জীৱন তথা সামগ্ৰিকভাৱে সকলো দিশ সামৰি বক্তব্য আগবঢ়োৱাৰ লগতে প্ৰয়াত সাহিত্যিক কুৰ্মীৰ ৰচনাৱলীখন চাহ জনগোষ্ঠীয় ছাত্ৰ সংগঠন, সাহিত্য চৰ্চা কৰাসকলে নিজে অধ্যয়ন কৰাৰ লগতে আনকো পঢ়োৱাৰ ব্যৱস্থা কৰাৰ পোষকতা কৰে৷

সভাত আন এগৰাকী নিৰ্দিষ্ট বক্তা উপস্থিত থাকি সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন উপ-সভাপতি দেবেন তাচাই কয় যে, চাহ জনগোষ্ঠীৰ নৃতাত্ত্বিক আৰু সামাজিক পৰিচয় সুস্থভাৱে দাঙি ধৰাৰ ক্ষেত্ৰত গণেশ চন্দ্ৰ কুৰ্মীয়ে অহোপুৰুষাৰ্থ কৰিছিল৷ প্ৰতিষ্ঠাপক সভাপতি হিচাপে গণেশ কুৰ্মী সম্বন্ধে ক’বলৈ গৈ প্ৰয়াত সাহিত্যিক কুৰ্মীৰ বলিষ্ঠ নেতৃত্বত অসম চাহ জনগোষ্ঠীয় সাহিত্য সভাই এক মাত্ৰা লাভ কৰে বুলি উল্লেখ কৰি কয় যে, সাহিত্যিক গণেশ চন্দ্ৰ কুৰ্মীয়ে দুবাৰকৈ দায়িত্ব লৈ চাহ জনগোষ্ঠীৰ উত্তৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷

ইপিনে, অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ বোকাখাত শাখাৰ সম্পাদক বিতোপন মাজিয়ে আদৰণি জনোৱা সভাৰ আঁত ধৰে গোলাঘাট জিলা সমিতিৰ সম্পাদক সোণেশ্বৰ বাঢ়ৈ আাৰু কেন্দ্ৰীয় সমিতিৰ সম্পাদক সঞ্জীৱ কৈৰীয়ে৷ কাজিৰঙাৰ হাতীখুলি চাহ বাগিচাৰ ক্লাৱঘৰত আয়োজিত সভাৰ পূৰ্বে প্ৰয়াত কুৰ্মীৰ প্ৰতিচ্ছবিত মাল্য অৰ্পণ কৰে কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি মনমোহন চিক আৰু প্ৰতিষ্ঠাপক সম্পাদক মাখনলাল বাঢ়ৈয়ে৷

আজিৰ এই স্মৃতিচাৰণ সভাত অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক পংকজ কালিন্দী, সাংগঠনিক সম্পাদক বেনুধৰ তাচা, প্ৰাক্তন উপ-সভাপতি ধনীৰাম কুৰ্মী, কোষাধ্যক্ষ হৰিবোলা কালিন্দী, উপ-সভাপতি গোলাপ টংলা, চৰাইদেউ জিলা সমিতিৰ সভাপতি প্ৰকাশ কুৰ্মী, নগাঁও জিলা সমিতিৰ প্ৰতিনিধি অঞ্জনা পাহাৰীয়া, বোকাখাত শাখাৰ সভাপতি ৰাজু ৰাজোৱাৰ, সৰুপথাৰ শাখাৰ সভাপতি শালেগ্ৰাম তাঁতী, নুমলীগড় শাখাৰ সভাপতি নবীন দাস, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সুৱৰ্ণ শইকীয়া বৰদলৈ, বোকাখাত প্ৰেছক্লাৱৰ সভাপতি ভৱানন্দ কলিতা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সাহিত্য সভাৰ সম্পাদক স্বপন নাথ, কাজিৰঙা অধ্যয়ন চক্ৰৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি সাহা, কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ সভাপতি নীলপদ্ম শৰ্মা, বোকাখাত মহকুমা কবি সন্মিলনৰ সম্পাদিকা অজন্তা তালুকদাৰ, শিৰীষ আমাৰ কথা আলোচনীৰ সহকাৰী সম্পাদক সঞ্জীৱ ৰাজগুৰু, অৱসৰ প্ৰাপ্ত শিক্ষক তথা শিক্ষা সমিতিৰ জ্যেষ্ঠ সদস্য ভৰত ৰবিদাস আৰু দয়াৰাম মাজি, হাতীখুলি চাহ কৰ্মচাৰী সংঘৰ সভাপতি দিব্যজ্যোতি তাঁতী, হাতীখুলি চাহ বাগিছা সংঘৰ সভাপতি প্ৰসাদী পাত্ৰ, দিৰিং বাগিছা সংঘৰ সভাপতি দশৰথ মুণ্ডা, কাজিৰঙা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক উদয়ন ফুকন, কাজিৰঙা নেচনেল পাৰ্ক হাইস্কুলৰ শিক্ষক লোকনাথ অধিকাৰী, কাজিৰঙা উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ শিক্ষক গৌতম তাঁতী, জননী বাৰ্তা কাকতৰ সাংবাদিক সুনীতা তাঁতী, জনালী পাতৰকে আদি কৰি বিশিষ্ট ব্যক্তি আৰু ছাত্ৰ-ছাত্ৰীসকলৰ লগতে কাজিৰঙা অধ্যয়ন চক্ৰৰ সমন্বয়ক ইন্দুপৱন শইকীয়া, যতীন কলিতা, প্ৰত্যুষ গগৈ, বিতোপন মিঞ্জ, নিতুল বাউৰী৷ ইফালে, স্মৃতিচাৰণ সভা উপলক্ষে স্থানীয় কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত দুটা শাখাত ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ সভাতে ৰচনা প্ৰতিযোগিতাৰ বঁটা বিতৰণ সম্পন্ন কৰা হয়৷

প্ৰয়াত গণেশ চন্দ্ৰ কুৰ্মীৰ স্মৃতিচাৰণ সভা সম্পন্ন...
APSC কেলেংকাৰীঃ পুনৰ ৩ ৰাজপত্ৰিত বিষয়াক চি আই ডিত হাজিৰ হোৱাৰ নিৰ্দেশ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in