/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/a5d0546c-bd7b-413d-a58b-fcdd7311b5bf/APSC.jpg)
APSC কেলেংকাৰীঃ পুনৰ ৩ ৰাজপত্ৰিত বিষয়াক চি আই ডিচ হাজিৰ হোৱাৰ নিৰ্দেশ...
ডিজিটেল ডেস্কঃ অসম লোক সেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰে জড়িতসকলক এজনৰ পাছত এজনকৈ চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে বিশেষ তদন্তকাৰী গোটে। সোমবাৰে এই কেলেংকাৰীৰে জড়িত সুকন্যা দাসক গ্ৰেপ্তাৰ কৰাৰ পাছত পুনৰ আন ৩ গৰাকী বিষয়ালৈ জাননী জাৰি কৰিছে এছ আই টিয়ে।
এই তিনিগৰাকী এ পি এছ বিষয়া ক্ৰমে ফাৰুক আহমেদ, দীপাংকৰ দত্ত লহকৰ আৰু অসীমা কলিতা। তিনিওগৰাকীকে অহা ৭ ডিচেম্বৰত চি আই ডিত হাজিৰ হ'বলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে।
ইয়াৰে ফাৰুক আহমেদ আৰু দীপাংকৰ দত্ত লহকৰক ইতিমধ্যে নিলম্বন কৰা হৈছে। উল্লেখ্য সোমবাৰে এ পি এছ বিষয়া সুকন্যা দাসক জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হৈছে।
সুকন্যা দাসৰ ৬ খন উত্তৰবহীৰ বিপৰীতে আছিল ৮ খন উত্তৰবহী। সোমবাৰে পুৱাৰে পৰা সোধা-পোছাৰ অন্তত তেওঁক দিনৰ ভাগত গ্ৰেপ্তাৰ কৰা হয়।
Also Read: দুই উগ্ৰপন্থী গোটৰ মাজৰ সংঘৰ্ষত মণিপুৰত ১৩ জনে হেৰুৱালে প্ৰাণ...