"ৰাজ্য চৰকাৰৰ নামত থকা শতাধিক বিঘা মাটি আৰ এচ এচক হস্তান্তৰ কৰা হৈছে কৰ্ণাটকত"

Karnataka Health and Family Welfare minister Dinesh Gundu Rao
Karnataka Health and Family Welfare minister Dinesh Gundu Rao

ডিজিটেল ডেস্ক : বি জে পি চৰকাৰ আৰু আৰ এচ এচৰ প্ৰত্যক্ষ সম্পৰ্কৰ ওপৰত সময়ে সময়ে উত্থাপন হৈ আহিছে বহু অভিযোগ । ক'ৰ'বাত যদি বিজেপিৰ ক্ষমতাৰ সুৰুঙাৰে আৰ এচ এচ সাৰি যোৱাৰ অভিযোগ, আন ক'ৰ'বাত আকৌ কোনো বিতৰ্কিত মন্তব্য দি আলোচনাৰ শীৰ্ষত আৰ এচ এচৰ কোনো নেতা ।

কিন্তু এই প্ৰত্যক্ষ সম্পৰ্কক সুবিধাগ্ৰহণৰ অচিলা বুলি উত্থাপন কৰা অভিযোগক নাকচ কৰি আহিছে বিজেপিয়ে । তাৰ মাজতেই আন এক চাঞ্চল্যকৰ অভিযোগে এই সম্পৰ্কক আকৌ এবাৰ সন্দিহান দৃষ্টিৰে চাবলৈ বাধ্য কৰিলে সাধাৰণ জনতাক ।

উল্লেখ্য যে, কৰ্ণাটকৰ স্বাস্থ্য আৰু পৰিয়ান কল্যাণ মন্ত্ৰী দিনেশ গুণ্ডুৱে উত্থাপন কৰা অভিযোগ অনুসৰি, ৰাজ্যখনত কেইবা শতাধিক বিঘা মাটি যি ৰাজ্য চৰকাৰৰ নামতহে আছিল সেইয়া আৰ এচ এচক হস্তান্তৰ কৰা হৈছে । মন্ত্ৰী গৰাকীৰ মন্তব্য অনুসৰি, পূৰ্বৰ বিজেপি চৰকাৰে সংঘটিত কৰা এই কেলেংকাৰী সন্দৰ্ভত আগন্তুক সময়ত তদন্ত কৰা হ'ব সমগ্ৰ বিষয়টো ।

এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কৰা মন্তব্য অনুসৰি, এই হস্তান্তৰে সংগঠনটোৰ প্ৰসাৰত সহায় কৰাৰ ওপৰিও আৰ এচ এচৰ আদৰ্শও ৰাজ্যখনত সহজে প্ৰসাৰ কৰাত সহায় কৰিব । যাৰ বাবেই সমগ্ৰ ঘটনা ৰাইজৰ সন্মুখলৈ অতি শীঘ্ৰে লৈ অহা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে ভাষ্য প্ৰদান কৰে এক সংবাদ মেলৰ জৰিয়তে ।

মন্ত্ৰীগৰাকীক ঘটনা সন্দৰ্ভত কোনো পদক্ষেপ বৰ্তমান গ্ৰহণ কৰা হৈছে নেকি বুলি কৰা প্ৰশ্নত বৰ্তমানৰ পদক্ষেপ সম্পৰ্কে অৱগত কৰিবলৈ অপাৰগতা প্ৰকা কৰে যদিও কংগ্ৰেছ চৰকাৰে সমগ্ৰ বিষয়টি চালি জাৰি চাব বুলি জনায় ।

Karnataka Health and Family Welfare minister Dinesh Gundu Rao
একাদশ শ্ৰেণীৰ নামভৰ্তিকৰণৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্দেশনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in