CBIয়ে জব্দ কৰিলে লালু প্ৰসাদ যাদৱৰ ৬ কোটি টকাৰ সম্পত্তি

CBIয়ে জব্দ কৰিলে লালু প্ৰসাদ যাদৱৰ ৬ কোটি টকাৰ সম্পত্তি

ডিজিটেল ডেস্কঃ বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ আৰু তেওঁৰ পৰিয়ালৰ প্ৰায় ৬ কোটি টকাৰ সম্পত্তি জব্দ কৰিছে চিবিআইয়ে। বিগত কিছুদিন ধৰি যাদৱৰ বিৰুদ্ধে চলি থকা এক গোচৰৰ তদন্তৰ ভিত্তিতেই সোমবাৰে উক্ত সম্পত্তি জব্দ কৰে তদন্তকাৰী বিভাগটোৱে।

উল্লেখ্য বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে আছে চাকৰিৰ বিনিময়ত ভূমি লোৱাৰ অভিযোগ। ২০০৪ৰ পৰা ২০০৯ চনৰ ভিতৰত ৰে'ল মন্ত্ৰী হৈ থকা অৱস্থাত লালু প্ৰসাদ যাদৱে ভাৰতীয় ৰে'লৱেৰ নিৰ্ধাৰিত নিয়ম আৰু প্ৰক্ৰিয়া উলংঘা কৰি ৰে'লৱে বিভাগত বহুলোকক নিযুক্তি দি তেওঁ তথা তেওঁৰ পৰিয়ালৰলোকৰ নামত ভূমি উপহাৰ লোৱাৰ গুৰুতৰ অভিযোগ আছে। যি অভিযোগৰ বিৰুদ্ধে বিগত কেইবা মাহৰ পৰা চিবিআইয়ে তেওঁক জেৰা কৰাৰ সমান্তৰালভাবে তেওঁৰ পৰিয়ালৰলোককো জেৰা কৰে। এই সন্দৰ্ভত যাদৱৰ পুত্ৰ তেজস্বী যাদৱকো জেৰা কৰে চিবিআইয়ে।

বিগত মে' মাহত চিবিআইৰ দলটোৱে 'চাকৰিৰ সলনি ভূমি' গোচৰৰ সন্দৰ্ভত দেশৰ ৯টা স্থানত তালাচী চলাইছিল। য'ত অন্তৰ্ভূক্ত আছিল পাটনা, আৰা, ভোজপুৰ, দিল্লী আৰু গুৰুগ্ৰাম। এই সন্দৰ্ভত বিহাৰৰ প্ৰাক্তন মন্ত্ৰী প্ৰেম চান্দ গুপ্তাৰ চৌহদতো তালাচী চলাইছিল চিবিআইয়ে। সমান্তৰালভাবে পাটনা আৰু আৰাত লালু প্ৰসাদ যাদৱৰ ঘনিষ্ঠ সহযোগী কিৰণ দেৱীৰ বাসগৃহতো তালাচী চলায়।

CBIয়ে জব্দ কৰিলে লালু প্ৰসাদ যাদৱৰ ৬ কোটি টকাৰ সম্পত্তি
অৱশেষত লীনা দলেক জেৰা চি বি আইৰ !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in