অৱশেষত লীনা দলেক জেৰা চি বি আইৰ !

অৱশেষত লীনা দলেক জেৰা চি বি আইৰ !
অৱশেষত লীনা দলেক জেৰা চি বি আইৰ !

ডিজিটেল ডেস্কঃ এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ সৈতে নাম জড়িত হৈ পৰা তদানীন্তন নগাওঁ জিলাৰ আৰক্ষী অধীক্ষক লীনা দলেক চি বি আইৰ জেৰা। উল্লেখ্য যে ১৬ মে'ৰ নিশা মৰিকলং টাউন আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভা ৰহস্যজনক পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱাৰ পাছতে এই ঘটনা সন্দৰ্ভত চি বি আইৰ তদন্ত দাবী হৈছিল সৰ্বত্ৰে।

ইতিমধ্যে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৰ ডি আই জি লাভলী কাটাৰিয়াৰ নেতৃত্বত অহা এটা দলে নগাওঁ আৰু লখিমপুৰ জিলা ভ্ৰমণ কৰি গোচৰটোৰ সৈতে জড়িত হৈ পৰা প্ৰায় প্ৰতিজন লোককে সোধপোছ কৰিছে। আনকি চি বি আইৰ এই দলটোৰ জেৰাৰ সন্মুখীন হৈছে নকল সোণ, জাল নোটৰ ব্যৱসায়ৰে জড়িত বহু ব্যক্তিও।

ইয়াৰোপৰ চি বি আইৰ দলটোৱে পৰিদৰ্শন কৰিছে জোনমণি ৰাভাৰ বাহন দুৰ্ঘটনাত পতিত হোৱা কলিয়াবৰৰ সেই বিশেষ স্থান। উল্লেখ্য যে, জোনমণি ৰাভাৰ মৃত্যুৰ পাছতে তেওঁৰ মাতৃ সুমিত্ৰা ৰাভাই ১৯ মে'ত জখলাবন্ধা থানাত এক গোচৰ দাখিল কৰিছিল।

এই গোচৰত তেওঁ তদানীন্তন নগাওঁ জিলাৰ আৰক্ষী অধীক্ষক তথা বৰ্তমানৰ হাইলাকান্দিৰ আৰক্ষী অধীক্ষক লীনা দলেৰ নামো সন্নিৱিষ্ট কৰিছিল। অভিযোগ অনুসৰি লীনা দলেয়ে জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ পাছতে পুৱতি নিশা জোনমণি ৰাভাৰ আৱাসগৃহত অভিযান চলাই বহু গুৰুত্বপূৰ্ণ নঠিপত্ৰ লৈ যোৱাৰ লগতে ১ লাখৰো অধিক ধন লৈ গৈছিল।

প্ৰায় ১ টা মাহতকৈ অধিক সময় ধৰি জোনমণি ৰাভা কাণ্ডৰ তদন্ত চলাই থকা চি বি আইৰ দলটোৱে এজাহাৰত নাম থকাৰ পাছতো কিয় এই পৰ্যন্ত লীনা দলেক জেৰা চলোৱা হোৱা নাই বুলিও ৰাজ্যৰ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। তাৰ মাজতে আজি গুৱাহাটীৰ কোনো এক অজ্ঞাত স্থানত লীনা দলেক চি বি আইয়ে জেৰা চলাইছে বুলি খবৰ লাভ কৰা গৈছে।

অৱশ্যে এই জেৰাৰ সময়ত তেওঁক কি কি প্ৰশ্ন কৰা হৈছে কি তথ্য লাভ কৰিছে সেই বিষয়ে কোনো কথা জানিব পৰা হোৱা নাই।

অৱশেষত লীনা দলেক জেৰা চি বি আইৰ !
৬ আগষ্টত যোৰহাটত ১৬ বছৰ অনুৰ্ধ্বৰ ৰাজ্যিক ফুটবল দলৰ বাঁচনি শিবিৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in