/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/5a29bf67-b089-4e80-8670-6ce6fd088c26/WEB_THUM_new_dimpul_copy.jpg)
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় ললিতকলা অকাডেমিয়ে আয়োজন কৰা ৬৩ সংখ্যক ৰাষ্ট্ৰীয় কলা প্ৰদৰ্শনীত অসমৰ ছপাচিত্ৰ শিল্পী প্ৰিয়ম তালুকদাৰে ছপাচিত্ৰ শাখাত 'ৰাষ্ট্ৰীয় ললিতকলা অকাডেমি বঁটা' লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। যোৱা ২৮ আগষ্ট, ২০২৩ তাৰিখে নতুন দিল্লীৰ ৰবীন্দ্ৰ ভৱনত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তেখেতক এই বঁটা প্ৰদান কৰা হয়।
বিশিষ্ট অতিথি ক্ৰমে অভিনেতা মনোজ যোশী, অভিনেতা পৰিচালক চন্দ্ৰপ্ৰকাশ দ্বীৱেদি আৰু বিশিষ্ট চিত্ৰশিল্পী বাসুদেৱ কামাথৰ গৌৰৱময় উপস্থিতিত প্ৰদান কৰা এই বঁটাত নগদ ২লাখ টকা, অংগবস্ত্ৰ আৰু মানপত্ৰ প্ৰদান কৰে। তেখেতৰ সৃষ্ট 'ডমিনেশ্বন ফৰ চেল্ফ চেটিচফেক্সনঃ চিন্স ১৪৪৯ এ. ডি' শীৰ্ষক কাঠখোদাই মাধ্যমত কৰা ১৫০x১০০ চেন্টিমিটাৰ জোখৰ ৰঙীন ছপাচিত্ৰখনৰ বাবে ৰাষ্ট্ৰীয় ললিতকলা অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হয়।
শিল্পী প্ৰিয়ম তালুকদাৰে কোকৰাঝাৰ কলা-সংগীত মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি মধ্যপ্ৰদেশৰ খৈৰাগড় স্থিত ইন্দিৰা কলা সংগীত বিশ্ববিদ্যালয়ৰ পৰা ছপাচিত্ৰ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে। বৰ্তমান দিল্লীতে থাকি কলা চৰ্চা কৰি থকা তালুকদাৰে বহু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজৰ কলাকৰ্মৰ যোগেৰে ইতিমধ্যেই প্ৰতিষ্ঠা লাভ কৰিছে।
তেওঁ অংশগ্ৰহণ কৰা কেইখনমান আন্তৰ্জাতিক প্ৰদৰ্শনী হ'ল- ১৮ সংখ্যক আন্তৰাষ্ট্ৰীয় ত্ৰিবাৰ্ষিক ক্ষুদ্ৰ ছপাচিত্ৰ প্ৰদৰ্শনী ২০২৩, পোলেণ্ড; আন্তঃৰাষ্ট্ৰীয় ছপাচিত্ৰ আৰু শিল্পীপুথি প্ৰৰ্দশনী ২০২২, ক্ৰৱেচিয়া; পঞ্চম আন্তৰাষ্ট্ৰীয় দ্বিবাৰ্ষিক ক্ষুদ্ৰ ইচিং প্ৰদৰ্শনী '২০২১, ৰোমানীয়া; দ্বিতীয় আন্তৰাষ্ট্ৰীয় ত্ৰিবাৰ্ষিক ক্ষুদ্ৰ ছপাচিত্ৰ প্ৰদৰ্শনী ২০২১, ইউক্ৰেইনকে ধৰি চীন, ৰাচিয়া আদি প্ৰায় ১৫খন দেশত যোগদান কৰাৰ সুযোগ লাভ কৰিছে।
তাৰোপৰি দেশ-বিদেশৰ বিভিন্ন দলীয় প্ৰদৰ্শনীত অংশগ্ৰহণ কৰা তালুকদাৰে ৮০ আৰু ৮১সখ্যক অল ইণ্ডিয়া ফাইন আৰ্ট এণ্ড ক্ৰাফট চছাইটি পুৰষ্কাৰ, চাউথ চেন্ট্ৰেল জ'ন কালচাৰেল চেন্টাৰ পুৰষ্কাৰকে ধৰি কেইবাটাও সন্মানীয় পুৰষ্কাৰ লাভ কৰিছে। ২০১৬ চনত কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ জুনিয়ৰ ৰিচাৰ্চ ফেলশ্বিপ আৰু ২০১৩ চনত ৰাষ্ট্ৰীয় ললিতকলা অকাডেমি ৰিছাৰ্চ ফেলশ্বিপ লাভ কৰিছিল।
শিল্পী প্ৰিয়ম তালুকদাৰৰ এই সফলতাত অসমৰ শিল্পী সমাজৰ লগতে ঔংকাৰ চেণ্টাৰ ফৰ ক্ৰিয়েটিভ আৰ্টৰ পৰা শিল্পী ত্ৰিদিৱ দত্ত, যোৰহাট, শ্ৰীমন্ত শংকৰদেৱ মানৱ সংস্কৃতি ফাউণ্ডেচনৰ ৰুদ্ৰাংকুৰ হাজৰিকাই অভিনন্দন জ্ঞাপন কৰিছে।
Also Read: বিধস্ত পথৰ মেৰামতি কৰিলে পৰিবহন বিষয়াইঃ কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ