বিধস্ত পথৰ মেৰামতি কৰিলে পৰিবহন বিষয়াইঃ কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ

বিধস্ত পথৰ মেৰামতি কৰিলে পৰিবহন বিষয়াইঃ কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ

ডিজিটেল সংবাদ, বাকৰিগাঁওঃ দুগৰাকী চৰকাৰী বিষয়া। দুয়োগৰাকী মৰিগাঁও জিলাৰ একো একোটা বিভাগৰ মুৰব্বী। এগৰাকী নিজ দায়িত্বৰ প্ৰতি চৰম উদাসীনতাৰ বিপৰীতে আন গৰাকীয়ে জনসাধাৰণৰ দুৰ্দশা দেখি প্ৰকাশ কৰিলে দায়বদ্ধতা। এই দুইগৰাকী বিষয়া হৈছে ক্ৰমে মৰিগাঁও লোক নিৰ্মাণ পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা অভিজিত চৌধুৰী আৰু আনজন হৈছে মৰিগাঁও জিলা পৰিবহন বিষয়া বাপন কলিতা।

উল্লেখযোগ্য যে, মৰিগাঁও চহৰৰ এটা অতি ব্যস্ত পথ গছবাৰী- বাকৰিগাঁও সংযোগী পথটো মেৰামতিৰ অভাৱত এটা বছৰোধিক কাল বিধ্বস্ত হৈ পৰিছিল। উক্ত পথেৰে মৰিগাঁও চহৰৰ দহখনৰোধিক শিক্ষানুষ্ঠানৰ কণ কণ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী অহা যোৱা কৰোঁতে যমৰ যাতনা ভোগ কৰাৰ সমান্তৰালভাবে নিতৌ দুৰ্ঘটনা সংঘটিত হৈ আহিছিল।

স্থানীয় ৰাইজ তথা বিভিন্ন দল সংগঠনৰ উপৰিও সংবাদ মাধ্যমে উক্ত বিধ্বস্ত পথটোৰ মেৰামতি কৰি যাতায়তৰ সুচল কৰিবলৈ মৰিগাঁও জিলা প্ৰশাসন, মৰিগাঁও লোক নিৰ্মাণ পথ বিভাগক আবেদন নিবেদন কৰি আহিছিল যদিও কাৰ্যবাহী অভিযন্তা অভিজিত চৌধুৰীৰ নেতৃত্বৰ মৰিগাঁও লোক নিৰ্মাণ পথ বিভাগে চকু মুদা কুলিৰ ভাও লৈ আহিছিল। উক্ত বিধ্বস্ত পথটো লোক নিৰ্মাণ পথ বিভাগৰ মৰিগাঁও সংমণ্ডল কাৰ্যালয়ৰ পৰা মাথো তিনিশ মিটাৰ নিলগত যদিও ৰহস্যজনক কাৰণত নিৰ্বিকাৰ ভূমিকা গ্ৰহণ কৰি নিজৰ অক্ষমতা, অকৰ্মন্যতা প্ৰদৰ্শন কৰিছিল।

বিধ্বস্ত পথটোৰে অহা-যোৱা কৰোঁতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে সন্মুখীন হোৱা দুৰ্ভোগৰ লগতে দুৰ্ঘটনাত পতিত হোৱা ঘটনা মৰিগাঁও জিলা পৰিবহন বিষয়া বাপন কলিতাৰ দৃষ্টিগোচৰ হয়। ইয়াৰ পিছতেই বিষয়াগৰাকীয়ে নিজা উদ্যোগত শিল পেলোৱাৰ লগতে গাঁঠিৰ ধন ব্যয় কৰি মেৰামতি কৰি যাতায়তৰ সুচল কৰি তোলে। লোকনিৰ্মান বিভাগৰ দৰে এক বিয়াগোম বিভাগে এটা বছৰত কৰিব নোৱাৰা এটা কাম মৰিগাঁও জিলা পৰিবহন বিষয়া বাপন কলিতাই জনসাধাৰণৰ প্ৰতি দায়বদ্ধতা প্ৰকাশ কৰি সম্পন্ন কৰাত অঞ্চলবাসীয়ে মৰিগাঁৱত কৰ্মৰত সৰবৰহী বিষয়াগৰাকীৰ বদান্যতাৰ শলাগ লৈছে। উল্লেখযোগ্য যে মৰিগাঁও জিলা পৰিবহন বিষয়া বাপন কলিতাই নিজেই উপস্থিত থাকি উক্ত পথটোৰ মেৰামতি কাৰ্যৰ তদাৰক কৰা লগতে মেৰামতিত নিয়োজিত শ্ৰমিকসকলক উৎসাহিত কৰে।

আনহাতে লোকনিৰ্মান বিভাগৰ চূড়ান্ত অকৰ্মন্যতা ব্যাপক সমালোচিত হোৱাৰ বিপৰীতে মৰিগাঁও জিলা পৰিবহন বিষয়া বাপন কলিতাই ৰাইজৰ দুৰ্দশা উপলব্ধি কৰি বিষয়া হিচাপে নহয় এগৰাকী সচেতন নাগৰিকৰ দায়িত্ব পালন কৰিবলৈ পাই সুখী অনুভৱ কৰা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। এগৰাকী চৰকাৰী বিষয়াই নিজৰ বিভাগৰ আওতাত নপৰা স্বত্তেও জনসাধাৰণৰ প্ৰতি দায়বদ্ধতা প্ৰকাশ কৰি মৰিগাঁও চহৰৰ মাজৰ এটা অতি ব্যস্ত পথ গছবাৰী-বাকৰিগাঁও সংযোগী লোকনিৰ্মান বিভাগৰ পথটো মেৰামতি কৰি যাতায়তৰ সুচল কৰাৰ বাবে গছবাৰী-বাকৰিগাঁওবাসী ৰাইজে মৰিগাঁও জিলা পৰিবহন বিষয়া বাপন কলিতাৰ বদান্যতাৰ শলাগ লৈছে।

বিধস্ত পথৰ মেৰামতি কৰিলে পৰিবহন বিষয়াইঃ কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ
ধেমাজিৰ সৰবৰহী ব্যক্তি সৰ্বেশ্বৰ ওৱাৰীৰ বিয়োগ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in