/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/89e19db6-cbe9-46c2-a7ba-8d276f666f8b/4.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটীত অনুষ্ঠিত হয় ফিল্মফেয়াৰৰ অসম সংস্কৰণৰ বৰ্ণাঢ্য বঁটা প্ৰদান অনুষ্ঠান। ফিল্মফেয়াৰ অসমৰ বৰ্ণিল অনুষ্ঠানত উজলিল আইজিপি ডঃ পাৰ্থসাৰথি মহন্তৰ দ্বাৰা ৰচিত আৰু পৰিচালিত 'লাচিত দ্য ৱাৰিয়ৰ'। ইতিমধ্যে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰিবলৈ সক্ষম হোৱা 'লাচিত দ্য ৱাৰিয়ৰ'ৰ বাবে ফিল্মফেয়াৰৰ মঞ্চত বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় এনিমেচন ছবিখনৰ পৰিচালক- প্ৰযোজকক। লগতে দৃশ্য-শ্ৰাৱ্য মাধ্যমেৰে 'লাচিত দ্য ৱাৰিয়ৰ' নামৰ এনিমেছন ছবিখনৰ প্ৰতি বিশেষ সম্মান প্ৰদৰ্শন কৰে ফিল্মফেয়াৰে।
উল্লেখ্য যে, ফিল্মফেয়াৰৰ ইতিহাসত এনেদৰে কোনো এনিমেচন ছবিক সন্মান প্ৰদৰ্শনৰ উদাহৰণ এয়াই প্ৰথম। বীৰ লাচিত বৰফুকনৰ জীৱনভিত্তিক এনিমেচন ছবি 'লাচিত দ্য ৱাৰিয়ৰে ইতিমধ্যে দেশ-বিদেশৰ প্ৰখ্যাত ছবি মহোৎসৱত সন্মান বুটলিবলৈ সক্ষম হৈছে। ইতিমধ্যে ৩৩খন আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত প্ৰদৰ্শিত হৈ সন্মানিত হোৱাৰ লগতে ২১ টাকৈ শ্ৰেষ্ঠ এনিমেচন ছবিৰ বঁটা লাভ কৰিছে 'লাচিত দ্য ৱাৰিয়ৰে'।
বিগত বৰ্ষত গোৱাত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত 'ইণ্ডিয়ান পেনোৰামা' শিতানলৈ নিৰ্বাচিত হৈছিল এনিমেচন ছবিখন। ডঃ পাৰ্থসাৰথি মহন্তৰ সামগ্ৰিক পৰিকল্পনাৰে আৰু পৰিচালনাৰে নিৰ্মিত লাচিত দ্য ৱাৰিয়ৰৰ প্ৰযোজনা মীনা মহন্ত আৰু ইন্দ্ৰাণী বৰুৱাৰ। ছবিখনৰ কাহিনী বৰ্ণনা শিক্ষাবিদ, বিশিষ্ট লেখক আবৃত্তিকাৰ ড: অমৰজ্যোতি চৌধুৰীৰ।
Also Read: উত্তৰ-পূৱত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰে ৪৬টা প্ৰকল্প
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us