/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-20/jthpgvzy/sutradhar-20.jpg)
ডিজিটেল ডেস্কঃ গুৰু বন্দনাৰে মুখৰিত হ'ল প্ৰভু শ্ৰীৰামচন্দ্ৰৰ জন্মভূমি অযোধ্যা। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ চিন্তা-দৰ্শন আৰু অসম তথা অসমীয়াৰ জাতীয় জীৱনৰ স্বকীয় বৈশিষ্ট্যপূৰ্ণ অনন্য সমলসমূহ ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ, প্ৰসাৰ কৰাৰ সংকল্পৰে অযোধ্যাত আৰম্ভ হৈছে কুটুম্ব সুৰক্ষা পৰিষদৰ উদ্যোগত ''সূত্ৰধাৰ ২০২৪" শীৰ্ষক ৰাষ্ট্ৰীয় শৈক্ষিক আৰু সাংস্কৃতিক সন্মিলন।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-20/fzvzwmew/7851b4d3-464b-4464-b991-585062474fdc.jpg)
ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্ৰীমন্ত শংকৰদেৱ চৰ্চাৰ এই অনুষ্ঠান উপলক্ষে অযোধ্যাত অসমীয়া ভকত বৈষ্ণৱ, আইমাতৃ সকলৰ নাম কীৰ্তন, বৰগীত আদি সাংস্কৃতিক কাৰ্যসূচীৰে উখল মাখল পৰিবেশৰ সৃষ্টি হৈছে। ভাৰতৰ বিভিন্ন ৰাজ্যৰ ২০০ গৰাকী অধ্যাপক, গৱেষক ছাত্ৰ-ছাত্ৰী, লেখক আলোচক, শিল্পীক একত্ৰিত কৰি অনুষ্ঠিত হোৱা কুটুম্ব সুৰক্ষা পৰিষদৰ সূত্ৰধাৰ-২০২৪, শীৰ্ষক ৰাষ্ট্ৰীয় শৈক্ষিক আৰু সাংস্কৃতিক সন্মিলনৰ বিষয়বস্তু হৈছে "মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ সাংস্কৃতিক ৰাষ্ট্ৰবাদৰ বাটকটীয়া"।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-20/6ui9w7oq/1c2cc2c3_56f7_4994_90f2_958ae2bc0331.jpg)
পুৱা গুৰু আসন স্থাপন, নাম প্ৰসঙ্গ, খোল প্ৰসঙ্গ, ৰাষ্ট্ৰীয় শৈক্ষিক আৰু সাংস্কৃতিক সন্মিলনৰ উদ্ঘাটন সমাৰোহ, বৰগীত পৰিৱেশন আদি অনুষ্ঠানৰ মাজেৰে আধ্যাত্মিক বাতাবৰণত জয় গুৰু শংকৰ ধ্বনিত হৈছে। অনুষ্ঠানত বিয়লি ১৫০ গৰাকী মহিলাৰ দ্বাৰা দিহানাম পৰিবেশন, ৬.৩০ বজাত নৃত্য নাটিকা "ৰাম কথা", ৭.৩০ বজাত অংকীয়া ভাওনা "ৰাম বিজয়" পৰিবেশন কৰা হ'ব।
২১ ছেপ্টেম্বৰৰ পুৱা ৭.৩০ বজাত নাম প্ৰসঙ্গ, খোল প্ৰসঙ্গ, গুৰু বন্দনা, ৯ বজাত সন্মিলনৰ তৃতীয় শৈক্ষিক সত্ৰ, ১১ বজাত সন্মিলনৰ চতুৰ্থ শৈক্ষিক সত্ৰ, ৩ বজাত পঞ্চম শৈক্ষিক সত্ৰ, ৫ বজাত ১৫০ গৰাকী মহিলাৰ দ্বাৰা ঠিয়নাম পৰিবেশন, ৫.৩০ বজাত চালি নৃত্য আৰু সন্ধিয়া ৬ বজাত অংকীয়া ভাওনা ৰুক্মিণী হৰণ পৰিবেশন কৰা হ'ব।
২২ তাৰিখে পুৱা ৭.৩০ বজাত নামপ্ৰসংগ ,খোল প্ৰসঙ্গ, ৮ বজাত অনুষ্ঠানস্থলীৰ পৰা শ্ৰীৰাম মন্দিৰলৈ পদব্ৰজে সাংস্কৃতিক শোভাযাত্ৰা। ২ বজাত ভাৰতৰ বিভিন্ন ঠাইৰ পৰা অহা সাধু-সন্ত-মহন্তৰ সন্মিলনৰ আৰম্ভণি আৰু বৰগীত পৰিৱেশন, ৩.৩০ বজাত শীৰ্ষক ৰাষ্ট্ৰীয় শৈক্ষিক আৰু সাংস্কৃতিক সন্মিলন আৰু সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰা লোকসকলক মানপত্ৰ প্ৰদান কৰা হ'ব। সন্ধিয়া ৬ বজাত দক্ষ যজ্ঞ ভাওনা পৰিবেশন কৰা হ'ব।
Also Read: বিহালী চাহ বাগিছাত অগ্নিকাণ্ড...