/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-08/4jsbpy4y/11.jpg)
ডিজিটেল ডেস্কঃ অযোধ্যাৰ ৰাম মন্দিৰত মণিপুৰৰ নৃত্যশিল্পীৰ ৰাসলীলা। ৰাম মন্দিৰত ৰামলালাৰ সন্মুখত সংকীৰ্তন তথা ৰাসলীলা প্ৰদৰ্শন কৰিলে মণিপুৰৰ প্ৰায় ৮০ গৰাকী শিল্পীয়ে। এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য।
দেওবাৰে ৰাজৰ্ষী ভাগ্যচন্দ্ৰৰ ২২৬ সংখ্যক মৃত্যু বাৰ্ষিকীত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। ৰাজৰ্ষী ভাগ্যচন্দ্ৰ সাংস্কৃতিক ন্যাসৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত উপস্থিত থাকি অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কয় যে, "আজি ৰামলালা আৰু বজৰংৱলীৰ চৰণ স্পৰ্শ কৰি মই আমাৰ ৰাজ্য, আমাৰ সমাজ মণিপুৰ আৰু অসমত সুখ আৰু সমৃদ্ধিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো ।
উল্লেখযোগ্য যে, ১৭৮৫ চনত ৰজা ভাগ্যচন্দ্ৰই তেওঁৰ কাৰ্যকালত নাট সংকীৰ্তন আৰু ৰাসলীলা প্ৰতিষ্ঠা কৰিছিল । এই বছৰৰ অনুষ্ঠানটো ইম্ফলৰ জৱাহৰলাল নেহৰু নৃত্য একাডেমীৰ দ্বাৰা ৰাম মন্দিৰত আয়োজন কৰা হয় । অৱশ্যে ইয়াৰ পূৰ্বেও বহুতো মুখ্য মন্দিৰত এনে কাৰ্যসূচী অনুষ্ঠিত হৈছে ।
Also Read: ৰেষ্টোৰা মুকলি কৰি বিধায়ক ৰূপক শৰ্মাৰ...