/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-07/yi77roys/rupak-sarma-7.jpg)
ৰেষ্টোৰা মুকলি কৰি বিধায়ক ৰূপক শৰ্মাৰ...
ডিজিটেল সংবাদ, বেবেজীয়াঃ নগাঁৱৰ বেবেজীয়াত আজি সন্ধিয়া ৰেষ্টোৰেণ্ট এখন আনুষ্ঠানিক ভাৱে মুকলি কৰে নগাঁও বট্টদ্ৰবা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই।
বেবেজীয়া চাৰিআলিত "তন্দুৰ কেভ" নামৰ ৰেষ্টোৰেণ্টখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰি তেওঁ কয় 'বিজেপি চৰকাৰে সদায় সম বিকাশ আৰু সম উন্নয়নত গুৰুত্ব দি আহিছে। আজিৰ যুৱক, যুৱতীসকলে নিজকে স্বাৱলম্বী হ'বলৈ বিজেপি চৰকাৰখনে এটা পৰিৱেশ সৃষ্টি কৰিছে। অসমত এক শান্তিৰ পৰিৱেশে বিৰাজ কৰিছে।'
দুৰ্গা পূজাৰ প্ৰাক মুহূৰ্তত বেবেজীয়াত প্ৰতিষ্ঠা হোৱা এনে সুন্দৰ ৰেষ্টেৰেণ্টখনে সকলোৰে সমাদৰ লাভ কৰিবলৈ সক্ষম হ'ব বুলি বিধায়ক ৰূপক শৰ্মাই আশা প্ৰকাশ কৰে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অৱসৰপ্ৰাপ্ত আৰক্ষী উপ-পৰিদৰ্শক প্ৰদীপ কুমাৰ নাথ, উদয়ীমান যুৱ ব্যৱসায়ী প্ৰাৰ্থ জ্যোতি নাথ, সাংস্কৃতিক সংগঠনক মনোজ নাথ, ডাঃ পাৰ্থ প্ৰতীম নাথ, খাগৰিজান খণ্ড উন্নয়ন বিষয়া কৃষ্ণ শইকীয়া, শেনচোৱা সৰবৰহী মহিলা বেবী প্ৰভা দেবী, অৰুনিমা দেবী, নবাস্মিতা বৰা সমন্বিতে বহু ব্যক্তি উপস্থিত থাকে।
Also Read: অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত জলবায়ু অভিযোজন তথ্য কেন্দ্ৰ মুকলি...