তিনি মহিষীক সোঁৱৰি কলকাতাৰ অসম ভৱনত সাংস্কৃতিক সভা...

কলকাতা অসমীয়া সাংস্কৃতিক সংস্থাৰ উদ্যোগত যোৱা ১৮ জুন তাৰিখে কলকাতাৰ ছল্টলেকস্থিত অসম ভৱনত সাংস্কৃতিক সভা

author-image
Asomiya Pratidin
New Update
তিনি মহিষীক সোঁৱৰি কলকাতাৰ অসম ভৱনত সাংস্কৃতিক সভা...

ডিজিটেল ডেস্ক : কলকাতা অসমীয়া সাংস্কৃতিক সংস্থাৰ উদ্যোগত যোৱা ১৮ জুন তাৰিখে কলকাতাৰ ছল্টলেকস্থিত অসম ভৱনত বিষ্ণুৰাভা দিৱসৰ লগত সংগতি ৰাখি এখনি অন্তৰংগ সাংস্কৃতিক সভা অনুষ্ঠিত হয়। উক্ত সভাত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ লগতে জ্যোতিপ্ৰসাদ আগৰৱালা আৰু পুৰুষোত্তম দাসকো স্মৰণ তথা শ্ৰদ্ধাঞ্জলী অৰ্পন কৰা হয়।

Advertisment

কলকাতা অসম ভৱনৰ সমীপত এজোপা কৃষ্ণচূড়া ৰোপণেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত তিনিওগৰাকী মহিষীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰি বন্তি প্ৰজ্বলন কৰে অসম ভৱনৰ আৱাসীক অধীক্ষক তাপস দেৱ, জনসম্পৰ্ক বিষয়া মিৰিণ্ডা দাস আৰু সংস্থাৰ উপদেষ্টা তথা অৱসৰ প্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল অনন্ত ভূঞাই।

আদৰণি ভাষণত কাৰ্য্যকৰি সভাপতি হিটেন হাটখোৱাই জ্যোতি-বিষ্ণু-পুৰুষোত্তম দাসৰ দৰে মহিষীৰ তাৎপৰ্যতা নতুন প্ৰজন্মৰ বাবে কিদৰে প্ৰয়োজনীয় সেই প্ৰসংগত আলোকপাত কৰে। লগতে কলকাতা অসমীয়া সাংস্কৃতিক সংস্থাৰ উদ্যোগত তথা চন্দমিতা গোস্বামীৰ তত্বাৱধানত কলকাতা নিবাসী শিশু-কিশোৰসকলৰ বাবে চলি থকা "আমাৰ পাঠশালা" নামৰ অনলাইন অসমীয়া প্ৰশিক্ষণ অনুষ্ঠানটিৰ বিষয়েও উপস্থিতসকলক অৱগত কৰে।

আনহাতে কলকাতা অসমীয়া সাংস্কৃতিক সংস্থাৰ সদস্যসকলে পৰিৱেশন কৰা বিষ্ণু ৰাভা দেৱ ৰচিত সমৱেত সংগীতেৰে সাংস্কৃতিক কাৰ্যসূচীৰ আৰম্ভ হয়। অনুষ্ঠানটিত জ্যোতি সংগীত, বিষ্ণুৰাভা সংগীত তথা পুৰুষোত্তম দাস দেৱৰ গীত পৰিৱেশন কৰে ক্ৰমে ইন্দুকল্প শইকীয়া, হৰ্ষদীব শাণ্ডিল্য আৰু গীতম লয়ে।

ইপিনে অনুষ্ঠানটিৰ আঁত ধৰোতা অনুজ গগৈয়ে প্ৰত্যেকটো অনুষ্ঠানৰ আগে আগে তিনিওগৰাকী মহিষীৰ জীৱনৰ বিষয়ে সংক্ষেপে ব্যাখ্যা কৰে। চয়নিকা ৰায়, আয়ুসী চৌধুৰী, বিৰিণালিহীৰ হাটখোৱা আৰু ময়ুৰাক্ষী বৰাই বিষ্ণুৰাভা দেৱৰ এটি গীতত প্ৰদৰ্শন কৰা নৃত্য, ইন্দুকল্প শইকীয়াৰ স্ব-ৰচিত কবিতা পাঠ তথা ধ্ৰুৱজ্যোতি, হৃদয়জিৎ আৰু সেউজবৰ্ণৰ বাঁহীবাদনে উপস্থিত সকলোৰে বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হয়।

Also Read: গীতা প্ৰেছলৈ "গান্ধী শান্তি বঁটা ২০২১": ৪১.৭ কোটি কিতাপ প্ৰকাশেৰে অভিলেখ...

kolkata