গীতা প্ৰেছলৈ "গান্ধী শান্তি বঁটা ২০২১": ৪১.৭ কোটি কিতাপ প্ৰকাশেৰে অভিলেখ...

গীতা প্ৰেছলৈ "গান্ধী শান্তি বঁটা ২০২১"। মানৱতাৰ সামূহিক উন্নতিত অৰিহণা যোগুৱাৰ বাবে গীতা প্ৰেছলৈ এই বৰ্ষৰ গান্ধী শান্তি বঁটা প্ৰদান কৰা হয়।

author-image
Asomiya Pratidin
New Update
গীতা প্ৰেছলৈ "গান্ধী শান্তি বঁটা ২০২১": ৪১.৭ কোটি কিতাপ প্ৰকাশেৰে অভিলেখ...

ডিজিটেল ডেস্ক : গীতা প্ৰেছলৈ "গান্ধী শান্তি বঁটা ২০২১"। মানৱতাৰ সামূহিক উন্নতিত অৰিহণা যোগুৱাৰ বাবে গীতা প্ৰেছলৈ এই বৰ্ষৰ গান্ধী শান্তি বঁটা প্ৰদান কৰা হয়। এক টুইটযোগে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গীতা প্ৰেছক অভিনন্দন জনাই যোৱা ১০০ বছৰত জনসাধাৰণৰ মাজত সামাজিক আৰু সাংস্কৃতিক পৰিৱৰ্তন কঢ়িয়াই অনাৰ দিশত প্ৰশংসনীয় কাম কৰিছে বুলি মন্তব্য কৰে।

Advertisment

১৯২৩ চনত স্থাপিত গীতা প্ৰেছ হৈছে বিশ্বৰ অন্যতম বৃহৎ প্ৰকাশক। যিয়ে ১০০ বছৰীয়া যাত্ৰাকালত ১৪ টা ভাষাত ৪১.৭ কোটি কিতাপ প্ৰকাশ কৰিছে। তাৰ ভিতৰত আছে ১৬.২১ কোটি শ্ৰীমদ্ভাগৱত গীতা। প্ৰতিষ্ঠানটোৱে কেতিয়াও প্ৰকাশনত বিজ্ঞাপনৰ ওপৰত নিৰ্ভৰ কৰি ৰাজহ উৎপাদনৰ বাবে গুৰুত্ব দিয়া নাই বুলি এক সুনাম অৰ্জন আহিছে।

প্ৰেছটোয়ে এই বৰ্ষত লাভ কৰা "গান্ধী শান্তি বঁটা" হৈছে মহাত্মা গান্ধীৰ ১২৫ তম জন্ম জয়ন্তী উপলক্ষে ১৯৯৫ চনৰে পৰা ভাৰত চৰকাৰে প্ৰদান কৰা এক বাৰ্ষিক বঁটা। এই বঁটাত ১ কোটি টকা, এখন প্ৰশংসাপত্ৰ, এখন ফলক আৰু এক পৰম্পৰাগত হস্তশিল্প/হস্ততাঁত সামগ্ৰী আছে। বঁটা লাভ কৰি গীতা প্ৰেছে কয় যে, "গান্ধী শান্তি বঁটা লাভ কৰাটো অতি সন্মানৰ বিষয় কিন্তু প্ৰকাশকে কেতিয়াও কোনো ধৰণৰ অনুদান গ্ৰহণ নকৰা পৰম্পৰা অনুসৰি পুৰস্কাৰৰ নগদ ধন গ্ৰহণ নকৰে।"।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে গান্ধী শান্তি বঁটা প্ৰাপ্ত সকল হ'ল ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো), ৰামকৃষ্ণ মিছন, অক্ষয় পাত্ৰ, সুলভ ইণ্টাৰনেচনেল আৰু স্বৰ্গীয় ড০ নেলচন মেণ্ডেলা, বাবা আমটে আৰু আৰ্চবিশপ ডেচমণ্ড টুটু।

Also Read: ৰাষ্ট্ৰীয় পঢ়ুৱৈ দিৱস: মাহজুৰি পালনৰ সিদ্ধান্ত...

award GOVT OF ASSAM