কলকাতাত অঘটন : নিৰ্মীয়মাণ অট্টালিকা খহি ৫জনৰ মৃত্যু

সম্প্ৰতি ভালেকেইগৰাকী লোক ধ্বংসস্তূপৰ তলতে থকাৰ কথা জানিব পৰা গৈছে
কলকাতাত অঘটন : নিৰ্মীয়মাণ অট্টালিকা খহি ৫জনৰ মৃত্যু

ডিজিটেল ডেস্ক : কলকাতাত সংঘটিত এক অনাকাঙ্খিত ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে। মহানগৰখনৰ এটা ব্যস্তপূৰ্ণ এলেকাত নিৰ্মীয়মাণ ৫মহলীয়া অট্টালিকা খহি পৰা ফলত ৫জন লোকে অকাল মৃত্যুক আঁকোৱালি লয়।

উল্লেখ্য যে, দেওবাৰে মাজনিশা সংঘটিত হৈছিল দুৰ্ঘটনাটো। এই দুৰ্ঘটনাত প্ৰায় ১৪জন লোক আহত হোৱাৰ উপৰি ৫জন নিহত হোৱা বুলি জানিব পৰা গৈছে। প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি ভৱনটো খহি পৰাৰ আগেয়ে কিছু কিছু অংশ খহি সৰি পৰিছিল। তাৰ পিচতে শব্দ কৰি ৫মহলীয়া অট্টালিকাটো খহি পৰিছিল।

ইয়াৰ ফলত ভালেসংখ্যক লোক ধ্বংসস্তূপৰ তলত সোমাই থকাৰ কথা জানিব পৰা গৈছে। ইতিমধ্য ৰাজ্য চৰকাৰ আৰু প্ৰশাসনৰ নিৰ্দেশত ক্ষীপ্ৰ গতিত উদ্ধাৰ অভিযান কাৰ্য চলাই থকা হৈছে।

উদ্ধাৰৰ কাৰ্যৰ মাজেত ৫গৰাকীক নিহত আৰু ১৪গৰাকীক আহত অৱস্থাত উদ্ধাৰ কৰে। সম্প্ৰতি ভালেকেইগৰাকী লোক ধ্বংসস্তূপৰ তলতে থকাৰ কথা জানিব পৰা গৈছে।

কলকাতাত অঘটন : নিৰ্মীয়মাণ অট্টালিকা খহি ৫জনৰ মৃত্যু
'কা' বাতিলৰ দাবীত বাইহাটা চাৰিআলিত প্ৰতিবাদী কাৰ্যসূচী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in