'কা' বাতিলৰ দাবীত বাইহাটা চাৰিআলিত প্ৰতিবাদী কাৰ্যসূচী

'কা' বাতিলৰ দাবীত বাইহাটা চাৰিআলিত প্ৰতিবাদী কাৰ্যসূচী

ডিজিটেল সংবাদ,দুমুনিচকী : সোমবাৰে পূব কামৰূপ মহাবিদ্যালয়ৰ ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ছাত্ৰ সমাজৰ সহযোগত নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ দাবীত পূব কামৰূপ মহাবিদ্যালয়ৰ সন্মূখত বিক্ষোভ কাৰ্যসূচী প্ৰদৰ্শন কৰে। জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বুলি উল্লেখ কৰি এই আইন বাতিল কৰাৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ আদি ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে।

প্ৰতিবাদী কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰীসকলে কলা পতাকা প্ৰদৰ্শন কৰাৰ উপৰিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্ত্তি দাহ কৰে।পিছত বাইহাটা চাৰিআলি থানাৰ আৰক্ষী প্ৰতিবাদ স্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

'কা' বাতিলৰ দাবীত বাইহাটা চাৰিআলিত প্ৰতিবাদী কাৰ্যসূচী
নিৰ্বাচনৰ প্ৰাকক্ষণত অৰুণাচলী সুৰাৰ বিৰুদ্ধে ইটাখোলা আৰক্ষীৰ তীব্ৰ অভিযান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in