মণিপুৰৰ হিংসাৰ বাবে যদি কোনোবাই কেন্দ্ৰক জগৰীয়া কৰে তেন্তে তেওঁ মুৰ্খঃ কিৰেন ৰিজিজু

মণিপুৰৰ হিংসাৰ বাবে যদি কোনোবাই কেন্দ্ৰক জগৰীয়া কৰে তেন্তে তেওঁ মুৰ্খঃ কিৰেন ৰিজিজু

author-image
Asomiya Pratidin
New Update
মণিপুৰৰ হিংসাৰ বাবে যদি কোনোবাই কেন্দ্ৰক জগৰীয়া কৰে তেন্তে তেওঁ মুৰ্খঃ কিৰেন ৰিজিজু

ডিজিটেল ডেস্কঃ বিগত কেইবামাহ ধৰি উত্তপ্ত হৈ আছে মণিপুৰ। জাতিগত হিংসাত এতিয়ালৈকে ৰাজ্যখনত বহুলোকৰ মৃত্যু হোৱাৰ উপৰি আহত হৈছে বহুতো। কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে মণিপুৰ ভ্ৰমণ কৰিছিল যদিও এতিয়ালৈকে ইয়াৰ কোনো সমাধান ওলোৱা নাই।

Advertisment

ইয়াৰ মাজতে মণিপুৰৰ হিংসা সন্দৰ্ভত মন্তব্য কৰিছে কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুয়ে। তেওঁ কয় যে, একমাত্ৰ আলোচনাৰ দ্বাৰাহে মণিপুৰৰ গোষ্ঠীগত হিংসা ৰোধ কৰিব পাৰি আৰু ৰাজ্যখনত স্বাভাৱিকতা ঘূৰাই অনাৰ চেষ্টা নৰেন্দ্ৰ মোডী চৰকাৰৰ পৰৱৰ্তী পদক্ষেপ হ'ব।

মন্ত্ৰীগৰাকীয়ে কয় যে, মণিপুৰে বিজেপি নেতৃত্বাধীন কেন্দ্ৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰা নাই, এয়া দুটা প্ৰধান সম্প্ৰদায় - মেইটেই আৰু কুকিৰ মাজত জাতিগত সংঘৰ্ষ । যদি কোনোবাই মণিপুৰত শান্তি ঘূৰাই আনিব বিচাৰে তেন্তে প্ৰথমে মেইটেই আৰু কুকি সকলক অস্ত্ৰ তুলি নলবলৈ আহ্বান জনাওক। সশস্ত্ৰ সংগ্ৰামৰ ফলত কোনো সমাধান নহয়। শান্তি আৰু স্বাভাৱিকতা ঘূৰাই অনাৰ একমাত্ৰ উপায় হৈছে আলোচনা।

মন্ত্ৰীগৰাকীয়ে কয় যে, মোডী চৰকাৰে শান্তি ঘূৰাই অনাৰ চেষ্টা কৰি আছে। তেওঁ লালকিল্লা আৰু সংসদৰ পৰাও শান্তি ৰক্ষাৰ বাবে আহ্বান জনাইছিল। সকলোৱে মণিপুৰৰ শান্তি বিচাৰে।

মণিপুৰৰ সংঘৰ্ষৰ বাবে কিৰেন ৰিজিজুৱে মেইটিসকলক অনুসূচীত জনজাতিৰ (এছটি) মৰ্যাদা দিয়া মণিপুৰ উচ্চ ন্যায়ালয়ক দোষাৰোপ কৰে। ন্যায়ালয়ৰ ৰায়ৰ বাবেই মেইটেই আৰু কুকীসকলৰ মাজত সংঘৰ্ষ হৈ থকা বুলি তেওঁ কয় ।

তেওঁ কয় যে, কোনটো জাতিক কি মৰ্যদা দিব সেয়া চৰকাৰৰ কাম। কিন্তু মণিপুৰ উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছিল যে ৩ মাহৰ ভিতৰত মেইটেইসকলক এছটি মৰ্যদা দিব লাগে। এনে অৱস্থাত আনটো সম্প্ৰদায়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাতো স্বাভাৱিক। যদি কোনোবাই কয় যে মণিপুৰত সংঘৰ্ষৰ কাৰণ কেন্দ্ৰ বুলি তেন্তে এনে মন্তব্য কৰাৰ বাবে তেওঁক মূৰ্খ বা আটাইতকৈ দুৰ্ভগীয়া ব্যক্তি ক'ব পাৰি।

Also Read: মোডীৰ অসম ভ্ৰমণঃ আছুৱে বাতিল কৰিলে কা- বিৰোধী প্ৰতিবাদ

manipur KIREN RIJIJU narendra modi