মোডীৰ অসম ভ্ৰমণঃ আছুৱে বাতিল কৰিলে কা- বিৰোধী প্ৰতিবাদ

মোডীৰ অসম ভ্ৰমণঃ আছুৱে বাতিল কৰিলে কা- বিৰোধী প্ৰতিবাদ

ডিজিটেল ডেস্কঃ আছুৰ ৯ মাৰ্চৰ কা- বিৰোধী প্ৰতিবাদ বাতিল। ৯ মাৰ্চৰ পৰিৱৰ্তে ১০ মাৰ্চত ৰূপায়ণ কৰিব প্ৰতিবাদী কাৰ্যসূচী। ৯ মাৰ্চত প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰিব লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি। এই কাৰ্যসূচীৰ বাবে ছাত্ৰ সংগঠনটোৱে সলনি কৰিলে প্ৰতিবাদী কাৰ্যসূচীৰ তাৰিখ।

মোডীৰ অসম ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি আছুয়ে গ্ৰহণ কৰিছিল কা বিৰোধী প্ৰতিবাদী কাৰ্যসূচী। উক্ত দিনটোত মোডীয়ে যোৰহাটত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব। যাৰ বাবে উক্ত দিনটোত প্ৰতিবাদ নকৰবিলৈ টাই আহোম ছাত্ৰ সন্থা, টাই আহোম যুৱ পৰিষদে আছুক আহ্বান জনাইছিল।

দুই ছাত্ৰ সংগঠনৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি আছুয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ পৰিবৰ্তে ১০ মাৰ্চত প্ৰতিখন জিলাৰ সদৰত ১২ ঘণ্টীয়া অনশন কাৰ্যসূচী গ্ৰহণ কৰিব আছুয়ে।

উল্লেখ্য যে, ৮ মাৰ্চত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ৯ মাৰ্চত তেওঁ কাজিৰভা ভ্ৰমণ কৰাৰ লগতে যোৰহাটত লাচিতৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব। তাৰ পাছত এক বিশাল জনসভা সম্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।

মোডীৰ অসম ভ্ৰমণঃ আছুৱে বাতিল কৰিলে কা- বিৰোধী প্ৰতিবাদ
জম্মু-কাশ্মীৰলৈ মোডীঃ কটকটীয়া নিৰাপত্তা ব্যৱস্থা,পৰীক্ষা স্থগিত, বন্ধ কৰি দিয়া হৈছে বিদ্যালয়

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in