''ভাষণৰ দ্বাৰা নহয়, খাদ্য গ্ৰহণ কৰিলেহে পেট ভৰে'' মোডীক কটাক্ষ কৰিলে কোনে...

১৯০০ চনৰ পৰা গান্ধী পৰিয়ালৰ কোনো ব্যক্তিয়েই হোৱা নাই মন্ত্ৰী বা প্ৰধানমন্ত্ৰী-

author-image
Asomiya Pratidin
New Update
''ভাষণৰ দ্বাৰা নহয়, খাদ্য গ্ৰহণ কৰিলেহে পেট ভৰে'' মোডীক কটাক্ষ কৰিলে কোনে...

ডিজিটেল ডেস্কঃ ১৯০০ চনৰ পৰা গান্ধী পৰিয়ালৰ কোনো ব্যক্তিয়েই হোৱা নাই মন্ত্ৰী বা প্ৰধানমন্ত্ৰী- এই মন্তব্য কংগ্ৰেছ অধ্যক্ষ মালিকাৰ্জুন খাৰ্গেৰ। কংগ্ৰেছ অধ্যক্ষ গৰাকীৰ নেতৃত্বত বৃহস্পতিবাৰে ১৩ টা বিৰোধী দলে ত্ৰিৰংগা যাত্ৰা কৰে।

Advertisment

এই যাত্ৰাৰ সময়তে খাৰ্গে কয় যে, মোডী চৰকাৰে গণতন্ত্ৰৰ বিষয়ে কথাহে কয় কিন্তু ইয়াৰ অধীনত কাম নকৰে। ৫০ লাখ কোটিৰ বাজেট ১২ মিনিটত গৃহীত হৈছে। চৰকাৰে কয় যে বিৰোধী কোনো ক্ষেত্ৰতে আগ্ৰহী নহয়। কিন্তু যেতিয়াই আমি কথা পাতিবলৈ বিচাৰো, তেতিয়া আমাক কব নিদিয়ে। আমাৰ জেপিচিৰ দাবীও নাকচ কৰা হৈছিল। চৰকাৰে কিয় ভয় কৰে।

তেওঁ কয় যে, "বিষয় উত্থাপন কৰাৰ পাছত সেয়া তল পেলাবলৈ ৰাহুল গান্ধীয়ে ক্ষমা খোজাৰ দাবী তুলিলে সদনত। আনকি প্ৰধানমন্ত্ৰী নিজেও সদনত উপস্থিত নাথাকে। প্ৰচাৰ চলাই ঘূৰি ফুৰে। বিদেশত ঘূৰি ফুৰে। ভাষণ দিয়ে। কিন্তু ভাষণ নহয় , খাদ্যৰেহে জনতাৰ পেট ভৰে। সেয়ে জনতাক খাদ্য সামগ্ৰী দিয়ক।

প্ৰধানমন্ত্ৰীয়ে বংশবাদৰ ওপৰত কৰা মন্তব্য সন্দৰ্ভত খাৰ্গে কয় যে, "গান্ধী পৰিয়ালৰ কোনো সদস্য ১৯৯০ চনৰ পৰা প্ৰধানমন্ত্ৰী বা মন্ত্ৰী হৈছে নেকি? যিসকলে দেশৰ বাবে যুঁজ দিয়ে, তেওঁলোকক বাহিৰলৈ উলিয়াই দিয়া হয়। গান্ধী পৰিয়ালে দেশক একত্ৰিত কৰিবলৈ কাম কৰে।

উল্লেখ্য যে, শাসক আৰু বিৰোধীৰ মাজত অব্যাহত আছে ৰাজনৈতিক বাক-বিতণ্ডা। বিজেপিয়ে চৰকাৰে প্ৰায়েই কংগ্ৰেছৰ পৰিয়ালবাদ ৰাজনীতিৰ ওপৰত মন্তব্য কৰা দেখা যায় ঠিক তেনেদৰে কংগ্ৰেছেও বিজেপিক ৰাজনৈতিক আক্ৰমণ কৰা দেখা যায়।

Also Read: হে নেতা! কিয় ডিঙি চেপি ধৰা...

bjp congress