হে নেতা! কিয় ডিঙি চেপি ধৰা...

ক্ষমতা আহিব, ক্ষমতাত কোনোবা বহিব, কোনোবা আঁতৰিব।গণতন্ত্ৰত কোৱা হয় ৰাইজেই ৰজা। গতিকে আমাৰবোৰৰো ট্ৰাম্পৰ দশা হ'বলৈ লাগিবনো কিমান সময়।
হে নেতা! কিয় ডিঙি চেপি ধৰা...

মৃদুল কুমাৰ সন্দিকৈ

ক্ষমতাত থকাৰ সময়ত নেতাৰ যি ইচ্ছা তাকেই কৰাৰ প্ৰৱণতা এটা বৰ বেয়াকৈ গা কৰি উঠিছে। আইন কানুন, নীতি-নিয়মৰ কথা দোহাই দিও ক্ষমতাবান নেতা সকলে প্ৰায়েই নিজৰ বা ৰাজনৈতিক স্বাৰ্থত লোৱা সিদ্ধান্ত সমূহে মানুহক ব্যথিত কৰে।

শাসনত থকা সেই সময়ত তেওঁলোকে যি ভাৱে সেয়াই নিয়ম হৈ পৰে। কোনো নিৰ্দিষ্ট ৰাজনৈতিক দলৰ নেতাৰ বিৰুদ্ধে এই অভিযোগ নহয়। লংকালৈ যি যায় তেওঁলোকে চোন ৰাৱণ হৈ পৰে। চকু থাকিও তেওঁলোক কেতিয়াবা হৈ পৰে অন্ধ, কাণ থাকিও তেওঁলোকে কোনো কথা নুশুনে।

এনে বিচিত্ৰ চৰিত্ৰৰ একাংশ নেতাৰে দেশ ভৰি পৰিছে। জন প্ৰতিনিধি হিচাপে নিৰ্বাচিত হৈ গৈ কোনো কোনো নেতাই সুযোগ পালেই আবোল তাবোল বকি গণতন্ত্ৰৰ প্ৰমূল্যবোধকে তৰল কৰি পেলাইছে।

কোন কিমান বলিয়া আদি মান নিৰূপণত এতিয়া আমাৰ এচাম নেতা ব্যস্ত। তেওঁলোকে ৰাইজৰ অভাৱ অভিযোগকলৈ পিঠি দি এনে কিছু মুখ চুপতিত ব্যস্ত হৈ পৰে যে আত্ম সন্মান বোলা শব্দটোৱেই তেওঁলোকৰ সৈতে নাই। মূল্যবৃদ্ধিয়ে কোঙা কৰা সময়ত যদি বিভাগীয় মন্ত্ৰীয়ে কয় মূল্যবৃদ্ধি হোৱা নাই তেন্তে কাৰ সাধ্য মূল্যবৃদ্ধি হোৱা বুলি প্ৰতিষ্ঠা কৰিব?

যোগান মন্ত্ৰীজনক সমৰ্থন কৰি বিৰোধী পক্ষৰ আসনত বহা কোনো বিধায়কে ৮ টকা কেজিত আলু, ১০৮ টকাত প্ৰতিলিটাৰ মিঠাতেল কিনি আছো বুলি ক'লে ৰাইজৰ চকু কপালক নুঠি ক'ত উঠিব? তেনে বিধায়কক অনুৰোধ কৰিব পাৰি হয় তেওঁ নিজেই বজাৰলৈ যোৱা কৰক নহ'লে সদনত এনে মিছা কথা কৈ কাৰোবাক ভালৰি লগোৱা অভ্যাস এৰক।

এতিয়া কৰবাত যদি ১০৮ টকাত ১ লিটাৰ মিঠাতেল পাই তেন্তে সাধাৰণ মানুহে কিয় ১৮০ টকাৰ পৰা ২২০ টকা পৰ্যন্ত দৰত প্ৰতিলিটাৰ মিঠাতেল ক্ৰয় কৰিব লগা হৈছে ? এয়াই দেখোন মূল্যবৃদ্ধিৰ এক নমুনা।

এইবোৰ কথা ক'বলৈকে তেওঁলোকক ৰাইজে নিৰ্বাচন কৰি পঠিয়াইছে নেকি? যোগান মন্ত্ৰীয়ে মিঠাতেলৰ প্ৰতিলিটাৰৰ দাম ১৫০ টকা বুলি কৈছে।আন ৰাজ্যতকৈ অসমত চাউলৰ মূল্য কম বুলি সান্তনা লভিছে।

আমাৰ সাধাৰণ ৰাইজে খোৱা চাউল হেনো বজাৰত ৩৩ টকাতে পায়। মূল্যবৃদ্ধি প্ৰসংগ উত্থাপন কৰা বিৰোধী বিধায়ক অখিল গগৈয়ে যোগান মন্ত্ৰী গৰাকীয়ে কোৱা ৩৩ টকীয়া চাউল বিধৰ নাম কি বুলি সোধাত সেই নাম ক'ব নোৱাৰি তেওঁৰ লগত বিধায়ক গগৈক বজাৰলৈ ওলাবলৈ কৈ বিষয়টো এৰাই চলিলে।

শাসক পক্ষই এতিয়া পৰোক্ষভাৱে ন্যায়পালিকাৰ ৰূপতো ভুমুকি মাৰিছে। তেনে উদাহৰণ বহু আছে। শাসকীয় পক্ষক সমালোচনা কৰা অধিকাৰো কাঢ়ি লৈছে। সংবাদ মাধ্যমৰ প্ৰতি সেই অভিযোগ সততে উঠিছে। সকলো মিলি এতিয়া গণতন্ত্ৰৰ বিধ্বস্ত হৈ পৰাৰ দিশে আগবাঢ়িছে।

সাধাৰণ মানুহে প্ৰশ্ন কৰিছে ক'ত হেৰাল সংবাদ মাধ্যমৰ মাত? কোনে নেলু চেপি ধৰিছে সংবাদ মাধ্যমক? কিয় সংবাদ মাধ্যমৰ স্বাধীনতা কাঢ়ি লোৱা হৈছে? এয়াতো গণতন্ত্ৰৰ বাবে কেতিয়াও শুভ লক্ষণ হ'ব নোৱাৰে।

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশ ডি ৱাই চন্দ্ৰচূড়ে শাসকপক্ষক শুনাবলগীয়া হ'ল সাৱধানবাণী। এটা মালায়লম বাতৰি চেনেল। চেনেলটোৰ নাম 'মিডিয়া ৱান'। বাতৰি চেনেলটোৱে আন সংবাদ মাধ্যমৰ দৰে আত্মসমৰ্পন কৰা নাছিল চৰকাৰৰ ওচৰত।

মূৰ দাঙি চৰকাৰক সমালোচনা কৰিছিল। মোডী চৰকাৰৰ বাবে এই আঞ্চলিকভাষাৰ বাতৰি চেনেলটো হৈ পৰিছিল মূৰৰ কামোৰণি। সেয়েহে চেনেলটোৰ ওপৰত প্ৰতিশোধ পূৰণৰ বাবে এক সুযোগ অহাত সেই সুযোগৰ ব্যৱহাৰ কৰিছিল কেন্দ্ৰীয় চৰকাৰে।

মালায়লম চেনেলটোৰ সম্প্ৰচাৰণৰ বাবে প্ৰয়োজনীয় লাইচেঞ্চ নবীকৰণ কৰা নাছিল তথ্য আৰু সম্প্ৰচাৰণ মন্ত্ৰালয়ে। গৃহ মন্ত্ৰালয়ৰ পৰা লাইচেঞ্চ নবীকৰণৰ বাবে যি আপত্তিবিহীন প্ৰমাণপত্ৰ প্ৰয়োজন আছিল সেয়া প্ৰদান কৰা নাছিল। কোৱা হৈছিল এই চেনেলটো ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি এক ভাবুকি।

লাইচেঞ্চ নবীকৰণ নোহোৱাত চেনেলটোৰ প্ৰায় বন্ধ হোৱাৰ উপক্ৰম হ'ল। চেনেলটোৰ কৰ্তৃপক্ষ কাষ চাপিল উচ্চতম ন্যায়ালয়ৰ। মুখ্য ন্যায়ধীশে এই গোচৰৰ ৰায়দান কৰিলে ৫ এপ্ৰিল ২০২৩'ত ।

১৩৪ পৃষ্ঠাৰ ৰায়দানত তেওঁ ক'লে সংবাদ মাধ্যমৰ স্বাধীনতা কোনোৱে কাঢ়ি নিব নোৱাৰে। কাৰোবাক সমালোচনা কৰা মানেই সেয়া ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি ভাবুকি হ'ব নোৱাৰে। ইয়াক দেশদ্ৰোহী বুলি অভিহিত কৰিব নোৱাৰিব।

শক্তিশালী গণতন্ত্ৰৰ বাবে স্বতন্ত্ৰ সংবাদ মাধ্যমৰ আৱশ্যক আছে। চৰকাৰক বা চৰকাৰী নীতিক আলোচনা সমালোচনা কৰিলেই সংবাদ মাধ্যমৰ স্বাধীনতাক লেকাম লগাব নোৱাৰিব।

ন্যায়ধীশ গৰাকীয়ে বন্ধ খামৰ ভিতৰত চৰকাৰে তেওঁলোকৰ পক্ষৰ মতামত আদালতত জনোৱা প্ৰসংগতো সন্তুষ্ট নহ'ল। ক'লে ই স্বচ্ছ আৰু মুকলি হ'ব লাগে। মুখ্য ন্যায়ধীশ গৰাকীৰ এই ৰায়দান বৰ্তমান সময়ৰ শাসক পক্ষৰ লগতে ক্ষমতাত অধিষ্ঠিত হৈ সকলোকে ভৰিৰ তলত বা নিজৰ কব্জাত ৰখাব খোজা সকলৰ বাবে এক সাৱধানবাণী।

সমালোচনা সহ্য কৰিব পৰা সাহস শাসক পক্ষৰ থাকিব লাগে। আনৰো কথা শুনা প্ৰৱণতাৰ গৰাকী হ'ব লাগে নেতা-মন্ত্ৰী। ক্ষমতা আজি আছে কালি নাই। বিশ্বৰ ১ নম্বৰ শক্তিশালী দেশখনত ৰাষ্ট্ৰপতি হৈ থকা সময়তকম দম্ভ আৰু অহংকাৰ আছিল নে ড'নাল্ড ট্ৰাম্পৰ। সেই অহংকাৰো চোন ক্ষমতা যোৱাৰ লগে লগে মাটিত মিলি গ'ল। বাকী সকলো কোন কুটা।

ক্ষমতা আহিব, ক্ষমতাত কোনোবা বহিব, কোনোবা আঁতৰিব।এইবোৰ চলি থাকিব। গণতন্ত্ৰত কোৱা হয় ৰাইজেই ৰজা। ক্ষমতাৰে মূৰত নধৰা হৈ যি তি কৰিলে আমাৰবোৰৰো ট্ৰাম্পৰ দশা হ'বলৈ লাগিবনো কিমান সময়।

হে নেতা! কিয় ডিঙি চেপি ধৰা...
চৰকাৰৰ ধনত নহয়, ৰঙালী আছে অসমীয়াৰ প্ৰাণত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in