অমৃতসৰত গ্ৰেপ্তাৰ খালিস্তানী সন্ত্ৰাসবাদী পৰমজিৎ সিং

অমৃতসৰত গ্ৰেপ্তাৰ খালিস্তানী সন্ত্ৰাসবাদী পৰমজিৎ সিং

ডিজিটেল ডেস্কঃ মঙলবাৰে পঞ্জাৱ আৰক্ষীয়ে মৃত খালিস্তানী সন্ত্ৰাসবাদী লখবীৰ সিং ৰ’ডৰ সহযোগী পৰমজিৎ সিঙক অমৃতসৰৰ পৰা গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে জনোৱা মতে, পৰমজিৎ সিং ওৰফে ধাদী সন্ত্ৰাসবাদী পুঁজি আৰু অন্যান্য বিধ্বংসী কামত জড়িত আছিল।

আৰক্ষী অধীক্ষক গৌৰৱ যাদৱে জনোৱা মতে, অমৃতসৰ ষ্টেট স্পেচিয়েল অপাৰেচন চেলে মঙলবাৰে পৰমজিৎ সিঙক অমৃতসৰৰ বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰে। আৰক্ষী অধীক্ষক গৰাকীয়ে সন্ত্ৰাসবাদী নেটৱৰ্কটোৰ বিৰুদ্ধে তদন্ত চলি থকা বুলি উল্লেখ কৰি পৰমজিৎ সিঙৰ গ্ৰেপ্তাৰক সন্ত্ৰাসবাদী সংগঠনটোৰ বাবে এক বৃহৎ আঘাত বুলি অভিহিত কৰে।

ইফালে, ভাৰতৰ মষ্ট ৱাণ্টেডৰ তালিকাত থকা জৰ্নাইল সিং ভীন্দ্ৰনৱালেৰ ভতিজা ৰ’ডে সোমবাৰে পাকিস্তানত মৃত্যুক সাৱটি লয়। খলিস্তানী বিচ্ছিন্নতাবাদী আন্দোলনৰ মাষ্টাৰ মাইণ্ড ৰূপে পৰিচিত ৭২ বছৰীয়া ৰ’ডে ভীন্দ্ৰনৱালেৰ মৃত্যুৰ পিছত পাকিস্তানলৈ পলায়ন কৰি লাহোৰত বসতি স্থাপন কৰিছিল। ৰ’ড আছিল আন্তঃৰাষ্ট্ৰীয় শিখ যুৱ ফেডাৰেচনৰ মুৰব্বী।

অমৃতসৰত গ্ৰেপ্তাৰ খালিস্তানী সন্ত্ৰাসবাদী পৰমজিৎ সিং
'ইণ্ডিয়া'ৰ বৈঠকত অংশ গ্ৰহণ নকৰে মমতা, নীতিশ, অখিলেখ যাদৱে! অকলশৰীয়া হোৱাৰ দিশে কংগ্ৰেছ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in