'ইণ্ডিয়া'ৰ বৈঠকত অংশ গ্ৰহণ নকৰে মমতা, নীতিশ, অখিলেখ যাদৱে! অকলশৰীয়া হোৱাৰ দিশে কংগ্ৰেছ

'ইণ্ডিয়া'ৰ বৈঠকত অংশ গ্ৰহণ নকৰে মমতা, নীতিশ, অখিলেখ যাদৱে! অকলশৰীয়া হোৱাৰ দিশে কংগ্ৰেছ

author-image
Asomiya Pratidin
New Update
'ইণ্ডিয়া'ৰ বৈঠকত অংশ গ্ৰহণ নকৰে মমতা, নীতিশ, অখিলেখ যাদৱে! অকলশৰীয়া হোৱাৰ দিশে কংগ্ৰেছ

ডিজিটেল ডেস্কঃ পুনৰ অকলশৰীয়া হোৱাৰ দিশে কংগ্ৰেছ। কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা মিত্ৰজোট ইণ্ডিয়াৰ বৈঠকত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে অংশ নোলোৱাৰ সিদ্ধান্তৰ পাছতে আৰু দুজন নেতাই লৈছে বিশেষ সিদ্ধান্ত।

Advertisment

মমতা বেনাৰ্জীৰ লগতে এই বৈঠকত উপস্থিত নাথাকে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু অখিলেখ যাদৱ। অৱশ্যে তেওঁলোকে নিজৰ প্ৰতিনিধি বৈঠকলৈ প্ৰেৰণ কৰিব পাৰে। কংগ্ৰেছৰ বৈঠকত অংশ নোলোৱা জ্যেষ্ঠ নেতাৰ ভিতৰত নীতিশ কুমাৰ আৰু অখিলেখ যাদৱ অন্যতম।

সোমবাৰে মমতা বেনাৰ্জীয়ে কৈছিল যে তেওঁ ইণ্ডিয়াৰ বৈঠকত অংশ গ্ৰহণ নকৰে। কংগ্ৰেছৰ সৈতে তিক্ততাপূৰ্ণ সম্পৰ্কৰ মাজতে বেনাৰ্জীয়ে কৈছিল যে এই বৈঠক সন্দৰ্ভত তেওঁ জ্ঞাত নাছিল।

সূত্ৰ অনুসৰি জানিব পৰা মতে বৈঠক সন্দৰ্ভত যেতিয়া কংগ্ৰেছ অধ্যক্ষ মালিকাৰ্জুন খাৰ্গে নীতিশ কুমাৰলৈ ফোন কৰিছিল তেতিয়াই তেওঁ সিদ্ধান্ত জনাইছিল। নীতিশ কুমাৰৰ ঠাইত জেডিইউৰ মুৰব্বী ৰাজীৱ ৰঞ্জন আৰু জ্যেষ্ঠ নেতা সঞ্জয় ঝাই বৈঠকত অংশগ্ৰহণ কৰিব।

লোকসভা নিৰ্বাচনৰ পূৰ্বে ইণ্ডিয়া মিত্ৰজোটৰ বৈঠকৰ পৰা দলসমূহে আঁতৰি থকাৰ সিদ্ধান্ত সহজভাৱে ল'ব নোৱাৰি। শেহতীয়াকৈ দেশত হৈ যোৱা ৫ ৰাজ্যৰ নিৰ্বাচনত কংগ্ৰেছৰ ফলাফল বিশেষ ভাল নহয়।

তামিলনাডুত চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে আন ৪ খন ৰাজ্যতে কংগ্ৰেছৰ অৱস্থা তথৈবছ। পূৰ্বতে অনুমান কৰা হৈছিল যে এই নিৰ্বাচনী ফলাফল ইণ্ডিয়া মিত্ৰজোটত প্ৰভাৱ পেলাব। যদি এয়াই হয় ,তেন্তে পুনৰ অকলশৰীয়া হৈ পৰিব কংগ্ৰেছ।

Also Read: 'মিচাউঙ'ৰ কবলত দক্ষিণ ভাৰতঃ প্ৰৱল বৰষুণ, তীব্ৰবেগী বতাহত প্ৰাণ গ'ল ৮ জনৰ

rahul gandhi akhilesh yadav india Mamta banarjee nitish kumar