অমৃতপালৰ ঘনিষ্ঠ সহযোগী গ্ৰেপ্তাৰ...

খালিস্তানী নেতা অমৃত পাল সিঙৰ ঘনিষ্ঠ সহযোগীক সোমবাৰে গ্ৰেপ্তাৰ কৰিছে পঞ্জাৱৰ চোৰাংচোৱা গোটে । খালিস্তানি নেতাগৰাকীৰ সহযোগী পাপলপ্ৰীত সিঙক হোচিয়াৰপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে
অমৃত পাল সিঙৰ ঘনিষ্ঠ সহযোগী
অমৃত পাল সিঙৰ ঘনিষ্ঠ সহযোগী

ডিজিটেল ডেস্কঃ খালিস্তানী নেতা অমৃত পাল সিঙৰ ঘনিষ্ঠ সহযোগীক সোমবাৰে গ্ৰেপ্তাৰ কৰিছে পঞ্জাৱৰ চোৰাংচোৱা গোটে । খালিস্তানি নেতাগৰাকীৰ সহযোগী পাপলপ্ৰীত সিঙক হোচিয়াৰপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে । উল্লেখ্য যে যোৱা মাহত অমৃত পালৰ সৈতে পাপলপ্ৰীত একেইলগেই পলায়ন কৰিছিল । তেতিয়াৰে পৰা দুয়োগৰাকী একেলগেই থকাৰ সন্দেহ কৰিছিল আৰক্ষী । দুয়োগৰাকী লগতে থকা সন্দেহ কৰিলেও আৰক্ষীয়ে সহযোগীক কৰায়ত্ব কৰিলেও বৰ্তমানেও গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

বিগত মাহৰ পৰা পলায়ন কৰি থকা অমৃত পালে এই মাহৰ শেষৰ ফালে শিখসকলৰ এখন বৈঠকত মিলিত হ’ব বিচাৰিছিল, ১৪ এপ্ৰিলৰ বৈশাখীৰ বাবেও ৱাৰিছ পঞ্জাৱ দে’ৰ নেতাজনৰ সেয়া আশাও বাতিল হৈছে ।

পাঞ্জাৱ ৱাৰিছ দে’ৰ নেতাগৰাকীয়ে বৈশাখী ওপৰত অপ্ৰমানিত ভিডিঅ’ ভাইৰেল হৈছে। এই লৈ বাথিণ্ডাত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে । কিছুদিন পূৰ্বে নেতাজনে ভিডিঅ’ প্ৰকাশ কৰি কয় যে তেওঁ পলাতক নহয়, শীঘ্ৰেই মই ৰাইজৰ সন্মোখ লৈ আহি আছো ।

অমৃতপাল ১৮ মাৰ্চৰ পৰা পলাতক হৈ আছে । উল্লেখ্য যে খালিস্তানী নেতাজনে সহযোগীৰ সৈতে অস্ত্ৰ শস্ত্ৰ লৈ গৈ আজনলা থানাৰ পৰা এগৰাকী সতীৰ্থক উলিয়াই লৈ যায় । তেতিয়াৰে পৰা পঞ্জাৱ আৰক্ষীৰ তালাচত আছে অমৃত সিং পাল ।

অমৃত পাল সিঙৰ ঘনিষ্ঠ সহযোগী
অবৈধ চীল মোহৰৰ সহায়ত অসম সত্ৰ মহাসভাৰ নামত জালিয়াতি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in