অবৈধ চীল মোহৰৰ সহায়ত অসম সত্ৰ মহাসভাৰ নামত জালিয়াতি...

মহাসভাৰ চীল মোহৰ অবৈধ ভাৱে ব্যৱহাৰ কৰি উত্তৰ বংগত সমিতি গঠনৰ চেষ্টা। এই সন্দৰ্ভত উত্তৰ বংগৰ কোচ বিহাৰত এখন সভা অনুষ্ঠিত কৰা হয়...
অবৈধ চীল মোহৰৰ সহায়ত অসম সত্ৰ মহাসভাৰ নামত জালিয়াতি...

ডিজিটেল সংবাদ, ধুবুৰী : অসমৰ সত্ৰ সমূহৰ ঐক্যবদ্ধ সংগঠন অসম সত্ৰ মহাসভাক দুৰ্বল কৰি অসমীয়া সমাজখনক ভাগ ভাগ কৰাৰ লক্ষ্য আগত ৰাখি এটা প্ৰতিক্ৰিয়াশীল চক্ৰই সমগ্ৰ অসমতে এক সংগঠন গঢ়ি তোলাৰ বাবে প্রচেষ্টা চলাই থকা পৰিলক্ষিত হৈছে। এনে প্ৰচেষ্টাৰ অংশ স্বৰূপে যোৱা ৯ এপ্ৰিলত উত্তৰ বংগৰ কোচ বিহাৰত এখন সভা অনুষ্ঠিত কৰা হয়।

অসম সত্ৰ মহাসভাৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত কোচ বিহাৰৰ এটা ব্যক্তিগত অতিথি গৃহত অনুষ্ঠিত হোৱা সভাখনত সত্ৰ মহাসভাৰ কোচ বিহাৰ জিলা সমিতি গঠন কৰি সুচিব্রত সিংহ চৌধুৰী নামৰ লোক এজনে নিজকে ধুবুৰী জিলা সভাপতি হিচাপে ঘোষণা কৰি ধুবুৰী জিলা সমিতিৰ চীল মোহৰ ব্যৱহাৰ কৰি কোচবিহাৰ জিলাক অনুমোদন দিয়ে।

এই সন্দৰ্ভত অসম সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰধানী আৰু মহাসভাৰ উত্তৰ পশ্চিম মণ্ডলৰ সাংস্কৃতিক সম্পাদক যুগান্ত বায়নে প্ৰকাশ কৰা এটা বিবৃতিত কয় যে, সুচিব্ৰত সিংহ চৌধুৰী নামৰ কোনো লোক সত্ৰ মহাসভাৰ লগত জড়িত নহয় আৰু এনে কোনো ধৰণৰ লোকক কোচ বিহাৰৰ জিলা সমিতি গঠন কৰাৰ কৰ্তৃত্ব আৰু দায়িত্ব দিয়া হোৱা নাই।

সত্ৰ মহাসভাৰ ধুবুৰী জিলা সমিতিত এনে লোকৰ কোনো অস্তিত্বই নাই। লোক জনে অবৈধ ভাৱে জিলা সমিতিৰ চীল মোহৰ ব্যৱহাৰ কৰাটো নীতি বিৰুদ্ধ কাৰ্য। যি কাৰ্যই বিভিন্ন ভাষা ভাষী লোকৰ দ্বাৰা গঠিত বৃহত্তৰ অসমীয়া সমাজ খনক একত্ৰিত কৰাৰ বাবে গুৰুজনাই দেখুৱাই যোৱা নীতি আদৰ্শক ধূলিস্যাৎ কৰিছে।

অতি পৰিতাপৰ আৰু দুৰ্ভাগ্যজনক বিষয় যে, ২০১৮ চনতেই কোচ বিহাৰৰ মধুপুৰ সত্ৰৰ ডেকা সত্ৰাধিকাৰক শাৰীৰিক ভাৱে অপদস্থ কৰি সত্ৰ খনৰ মান মৰ্য্যদা লাঘৱ কৰা মানিক চেঠীয়া নামৰ লোক এজনে সভাখনত আগভাগ লোৱাটো জাতিটোৰ ভৱিষ্যত উত্তৰণৰ বাবে এক ভাবুকি হিচাপে চিহ্নিত হৈছে।

অসম সত্ৰ মহাসভাক দুৰ্বল কৰাৰ বাবে অপচেষ্টা চলোৱা এই লোক সকলৰ কাৰ্য কলাপৰ ওপৰত সতৰ্ক দৃষ্টি ৰাখিবলৈ সত্ৰ মহাসভাই ৰাইজক আহবান জনোৱাৰ লগতে ধুবুৰী জিলা প্ৰশাসনক এনেধৰণৰ লোকে যাতে সত্ৰ মহাসভাৰ নাম লৈ কোনো ধৰণৰ সুযোগ সুবিধা লাভ কৰিব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

অবৈধ চীল মোহৰৰ সহায়ত অসম সত্ৰ মহাসভাৰ নামত জালিয়াতি...
হাতত পল লৈ বিলত বিধায়ক পদ্ম হাজৰিকা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in