"নিপাহ" ভাইৰাছৰ আতংকঃ প্ৰাণ কাঢ়িলে দুজনৰ...

"নিপাহ" ভাইৰাছৰ আতংকঃ প্ৰাণ কাঢ়িলে দুজনৰ...

ডিজিটেল ডেস্কঃ কেৰেলাত "নিপাহ" ভাইৰাছৰ বাবে মৃত্যুক আঁকোৱালি ল'লে দুজনকৈ ব্যক্তিয়ে। জানিব পৰা অনুসৰি কোজিকোড জিলাৰ দুজন ব্যক্তিয়ে "নিপাহ" ভাইৰাছৰ ফলত মৃত্যু মুখত পৰে।

এই কথা জানিবলৈ দিয়ে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডৱিয়াই। উল্লেখ্য যে, সোমবাৰৰ দিনটোত উক্ত ব্যক্তি দুজনে অস্বাভাৱিকভাবে মৃত্যুক আঁকোৱালি লোৱাত জিলাব্যাপী স্বাস্থ্য সতৰ্কতা জাৰি কৰিছিল। এই সতৰ্কতা জাৰি কৰাৰ কেইঘণ্টামান পিছতে স্বাস্থ্য বিভাগে প্ৰদান কৰা নিশ্চিতি অনুসৰি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে "নিপাহ" ভাইৰাছৰ বাবে মৃত্যু হোৱা বুলি আনুষ্ঠানিক ঘোষণা কৰে।

কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত পৰিস্থিতিৰ বুজ ল'বলৈ আৰু "নিপাহ" ভাইৰাছ ব্যৱস্থাপনাৰ বাবে ৰাজ্য চৰকাৰক সহায় কৰিবলৈ কেৰালালৈ এটা কেন্দ্ৰীয় দল প্ৰেৰণ কৰাৰ কথাও অৱগত কৰে।

"নিপাহ" ভাইৰাছৰ আতংকঃ প্ৰাণ কাঢ়িলে দুজনৰ...
প্ৰযুক্তিৰ জগতত অসমীয়া যুৱকৰ সাফল্যঃ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল ভাস্কৰ ডেকা

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in