/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/e0aea0f6-4212-4099-9836-6ff771709ddc/AP_FOR_WEB_biya.jpg)
ডিজিটেল ডেস্কঃ প্ৰেমিকৰ যৌতুকৰ দাবী পূৰণ কৰিব নোৱাৰি আত্মহত্যা কেৰালাৰ তিৰুৱনন্তপুৰমত এগৰাকী ২৬ বছৰীয়া চিকিৎসকৰ। অভিযোগ অনুসৰি চিকিৎসকগৰাকীৰ প্ৰেমিকজনে কৰা যৌতুকৰ দাবী পূৰণ কৰিব নোৱাৰাৰ বাবে তেওঁক বিয়া কৰাবলৈ অস্বীকাৰ কৰিছিল প্ৰেমিক ডাঃ ই এ ৰুৱাইছে।
স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি চিকিৎসক যুৱতী ড০ শ্বাহানাৰ পৰিয়ালে অভিযোগ উত্থাপন কৰিছে যে, ড০ ৰুৱাইছৰ পৰিয়ালে ১৫০ টা সোণৰ মুদ্ৰা, ১৫ একৰ মাটি আৰু এখন বি এম ডব্লিউ গাড়ী যৌতুক হিচাপে দাবী কৰিছিল। ডাঃ শ্বাহনাৰ পৰিয়ালে এই দাবী পূৰণ কৰিব নোৱাৰে বুলি কোৱাত, তেওঁৰ প্ৰেমিকৰ পৰিয়ালে বিয়াখন ভাঙি দিয়ে।
ইয়াৰ ফলত যুৱতী চিকিৎসকগৰাকী হতাশগ্ৰস্ত হৈ পৰে আৰু আত্মহত্যা কৰে বুলি স্থানীয় বাসিন্দাসকলে অভিযোগ কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি চিকিৎসকগৰাকীৰ বাসগৃহৰ পৰা এখন চুইচাইড নোট উদ্ধাৰ কৰা হৈছে। য'ত "সকলোৱে কেৱল টকা বিচাৰে" বুলি লিখা আছিল।
ডাঃ শ্বাহনাই মাতৃ আৰু ২ ভাই-ভনীৰ সৈতে বাস কৰিছিল আৰু তেওঁৰ দেউতাকৰ ২বছৰ আগতে মৃত্যু হৈছিল। ডাঃ ই এ ৰুৱাইছৰ সৈতে ডাঃ শ্বাহনাৰ প্ৰেমৰ সম্পৰ্ক আছিল আৰু দুয়োজনে বিয়াৰ সিদ্ধান্ত লৈছিল।
ইতিমধ্যে আৰক্ষীয়ে আত্মহত্যাৰ অভিযোগ আৰু যৌতুক প্ৰতিৰোধ আইনৰ অধীনত প্ৰেমিক ডাঃ ই এ ৰুৱাইছৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তেওঁক আটক কৰিছে।
তিৰুৱনন্তপুৰমৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ অস্ত্ৰোপচাৰ বিভাগত স্নাতকোত্তৰ পাঠ্যক্ৰম গ্ৰহণ কৰি থকা ডাঃ শ্বাহানাৰ মৃত্যুৰ তদন্তৰ নিৰ্দেশ দিছে ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী বীনা জৰ্জে। লগতে যৌতুক দাবীৰ অভিযোগ সন্দৰ্ভত ৰাজ্যৰ মহিলা আৰু শিশু উন্নয়ন বিভাগক প্ৰতিবেদন দাখিল কৰিবলৈও কোৱা হৈছে বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
উল্লেখ্য যে, ৰাজ্যৰ সংখ্যালঘু আয়োগেও এই বিষয়টোৰ ওপৰত নজৰ ৰাখিছে। পেনেলৰ অধ্যক্ষ এ এ ৰছিদে উক্ত ঘটনা সন্দৰ্ভত জিলা উপায়ুক্ত, মহানগৰ আৰক্ষী আয়ুক্ত আৰু চিকিৎসা শিক্ষা সঞ্চালকক ১৪ ডিচেম্বৰত আয়োগৰ সন্মুখত হাজিৰ হৈ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে।
Also Read: চুবুৰীয়াক হত্যা কৰি গ্ৰেপ্তাৰিত হ'ল জনপ্ৰিয় টেলিভিছন অভিনেতা ভূপিন্দৰ সিং